ETV Bharat / state

গোৰেশ্বৰত পানীৰ অভাৱত খেতিপথাৰত চিৰাল ফাঁট

author img

By

Published : Sep 1, 2022, 1:07 PM IST

Draught
Draught

গোৰেশ্বৰত পানীৰ অভাৱত খেতিপথাৰত চিৰাল ফাঁট (cracks in fields in Goreswar) । গোৰেশ্বৰত শ শ বিঘা কৃষিভূমি এতিয়া পানীৰ অভাৱত ফাঁট মেলিছে । তামুলপুৰ জিলাৰ ৫ নং গোৰেশ্বৰৰ লগতে গোৰেশ্বৰ বিভিন্ন অঞ্চলৰ খেতিপথাৰত এতিয়া চিৰাল ফাঁট মেলাৰ ফলত কৃষকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে (irrigation system of Assam) ।

তামুলপুৰ , ১ ছেপ্টেম্বৰ : গোৰেশ্বৰত পানীৰ অভাৱত খেতিপথাৰত চিৰাল ফাঁট । ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া খৰাঙৰ প্ৰকোপ (Draught like situation in Assam) । ঠিক একেদৰেই তামুলপুৰ জিলাৰ গোৰেশ্বৰতো কৃষকৰ সপোনৰ খেতিডৰাত চিৰাল ফাঁট মেলাৰ ফলত কৃষকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে (farmers of Tamulpur in big problem) । এফালে বানে বিধ্বস্ত কৰাৰ ফলত শ শ বিঘা কৃষিভূমি বালিয়ে পুতি পেলায় ।

আনফালে কিছুসংখ্যক কৃষিভূমিত খেতি কৰা হয় যদিও বৰ্তমান খৰাঙৰ ফলত খেতি পথাৰত চিৰাল ফাঁট মেলাৰ ফলত কৃষকে মূৰে-কপালে হাত দিবলগীয়া হৈছে । বানৰ বিভীষিকা অন্ত পৰাৰ পিছত এইবাৰ খৰাঙৰ বাবে দুৰ্ভোগ ভূগিছে ৰাজ্যৰ কৃষকে (Assam flood 2022) । বৰষুণৰ অভাৱত চিৰাল ফাঁট মেলিছে খেতিপথাৰসমূহত (cracks in fields in Goreswar) ।

গোৰেশ্বৰত পানীৰ অভাৱত খেতিপথাৰত চিৰাল ফাঁট

গোৰেশ্বৰতো শ শ বিঘা কৃষিভূমিতো এতিয়া পানীৰ অভাৱত ফাঁট মেলিছে । তামুলপুৰ জিলাৰ ৫ নং গোৰেশ্বৰৰ লগতে গোৰেশ্বৰ বিভিন্ন অঞ্চলৰ খেতিপথাৰত এতিয়া চিৰাল ফাঁট মেলাৰ ফলত কৃষকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে (irrigation system of Assam) । জলসিঞ্চন বিভাগৰ কোনো আচঁনিয়ে ঢুকি নোপোৱা বহু কৃষকে যাৰ ফলত এতিয়া মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে ।

আনহাতে, অসমৰ দ্বিতীয় বৃহৎ জলসিঞ্চন প্ৰকল্প (second largest irrigation project in Assam) শুক্লাই জলসিঞ্চন প্ৰকল্পটো গোৰেশ্বৰ অঞ্চলতে অৱস্থিত যদিও এই প্ৰকল্পটোৱে অঞ্চলটোৰ ৰাইজক পানী যোগান ধৰিব পৰা নাই । প্ৰকল্পটোৰ পানী যোগান ধৰা নলীসমূহ খেতিপথাৰৰ মাজত আছে যদিও উক্ত নলীত পানী নাথাকে । উল্লেখ্য, উক্ত প্ৰকল্পটোৰ পৰা খেতিয়কে উপকাৰ লাভৰ সলনি একাংশ ঠিকাদাৰ, বিষয়া, কৰ্মচাৰীৰ ধন ঘটাৰ আহিলা হৈ পৰিছে ।

উল্লেখ্য, বানৰ পাছত শালিধানৰ খেতিৰ বাবে নিজাববীয়াকৈ কৃষকসকল সাজু হোৱাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ কৃষি বিভাগেও ১৯,৫৮০ হেক্টৰ মাটিত শালিধান ৰুব পৰাকৈ ১,৯৫৮ হেক্টৰ মাটিত আৰ কে ভি ৱাই আঁচনিৰ (RKVY scheme of Assam Govt) অধীনত ধানৰ কঠিয়া সিঁচিছিল । শিলাবৃষ্টি আৰু বানে ক্ষতি কৰা শস্যৰ উৎপাদনৰ জোৰা মাৰিব পৰাকৈ কৃষকৰ লগতে চৰকাৰে প্ৰচেষ্টা চলালে যদিও বৰষুণৰ অভাৱত কৃষকে ধান ৰুব পৰা নাই । উপযুক্তভাৱে জলসিঞ্চনৰ ব্যৱস্থা নথকাত উজনি, নামনিৰ পথাৰত মেলিছে চিৰাল ফাঁট । ছেগ বুজি কোনো কৃষকে ধান ৰুলেও বৰষুণৰ অভাৱত শস্য শুকাই গৈছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, এইবাৰ আগষ্ট মাহৰ ২০ তাৰিখ পর্যন্ত স্বাভাৱিক হাৰতকৈ বৰষুণৰ পৰিমাণ বহু কম । চৰকাৰে কৃষি উৎপাদনৰ বাবে সময়ে সময়ে কৃষকক উৎসাহিত কৰাৰ বাবে বিভিন্ন আঁচনি বা ব্যৱস্থা গ্ৰহণ কৰিছে । কৃষকে ন্যূনতম সমৰ্থিত দামৰ আশাত (minimum support price of agri production) কৃষিকাৰ্যত মনোনিবেশ কৰিছে যদিও প্রকৃতি হেঙাৰ হৈ পৰিছে । শিলাবৃষ্টি, বান, খৰাংসদৃশ পৰিস্থিতিৰ দৰে এটাৰ পাছত আন এটা প্রাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ কৃষকসকল জুৰুলা হৈ পৰাৰ ফলত এই বছৰ ৰাজ্যৰ ধানৰ উৎপাদন হ্ৰাস হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

লগতে পঢ়ক :চলিত বৰ্ষত ৰাজ্যত ধানৰ উৎপাদন হ্ৰাস হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.