ETV Bharat / state

School adoption program, বৰমাত বিশেষ সজাগতা সভা

author img

By

Published : Aug 12, 2022, 2:42 PM IST

Updated : Aug 13, 2022, 12:52 PM IST

বিটিআৰত বিদ্যালয় এড'পচনৰ জৰিয়তে বিদ্যালয়ৰ শৈক্ষিক দিশৰ উন্নয়নৰ প্ৰচেষ্টা হাতত লৈছে চৰকাৰে । বিদ্যালয় এড'পচন সন্দৰ্ভত বৰমাত এক বিশেষ সভাৰ আয়োজন কৰা হৈছে (Sharing meeting on school adoption program)। য'ত বিদ্যালয় এড'পচনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় ।

School adoption program
বৰমাত বিশেষ সজাগতা সভা

বাক্সা, ১২ আগষ্ট : শৈক্ষিক দিশৰ উন্নয়নৰ বাবে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োই কেইবাটাও পদক্ষেপ হাতত লৈছে । তাৰেই অংশ হিচাপে বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত বড়োলেণ্ড স্কুল এড'পচন কমিটীৰ উদ্যোগত আৰু বাক্সা জিলা শিক্ষা বিভাগৰ সহযোগত বড়োলেণ্ড স্কুল এড'পচন কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশেষ সভাৰ আয়োজন কৰা হয় (Sharing meeting on school adoption program)। বড়োলেণ্ড স্কুল এড'পচন কমিটীৰ সম্পাদক তথা ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই আঁতধৰা সভাত বিটিআৰত বিদ্যালয় এড'পচনৰ জৰিয়তে বিদ্যালয়ৰ শৈক্ষিক দিশৰ কেনেকৈ উন্নতি সাধন কৰিব পাৰি তাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় ।

সভাত অংশগ্ৰহণ কৰি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিটিআৰৰ সৰ্বাঙ্গীন উন্নয়নৰ লগতে শিক্ষাৰ দিশত আন ৰাজ্যৰ সৈতে সমানে আগবাঢ়ি যাবলৈ স্কুল এড'পচন কাৰ্যসূচী ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হৈছে (School adoption program in Baksa)। বিধায়ক, কাৰ্যবাহী সদস্যৰ লগতে বিদ্যালয়ৰ প্ৰধান অথবা ব্যৱসায়ীসকলে ইচ্ছা কৰিলে যিকোনো এখন বিদ্যালয় এড'পত কৰিবলৈ আগবাঢ়ি আহিব পাৰে ।

বৰমাত বিশেষ সজাগতা সভা

সভাত বড়োলেণ্ড স্কুল এড'পচন কমিটীৰ সভাপতি কমলসিং নাৰ্জী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, গৌতম দাস, বিটিআৰৰ এমচিএলএ মন্টু বড়ো, বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ, জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিষয়া ভৱেন দেউৰী, একাডেমীক কাউঞ্চিলৰ প্ৰতিনিধি দেওবাৰ ৰামচিয়াৰী, ডিপিঅ টিটি প্ৰণৱজ্যোতি কলিতা, মহেন্দ্ৰ বড়ো, ধীৰাজ দত্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Har Ghar Tiranga mission : হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতাৰ বাবে চাইকেল ৰেলী

Last Updated :Aug 13, 2022, 12:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.