ETV Bharat / state

১৫ দিন ধৰি প্ৰেমিকৰ ঘৰতে লুকাই থাকিল প্ৰেমিকা

author img

By

Published : Nov 26, 2019, 10:19 PM IST

ঘৰৰ পৰা পলাই আহি ১৫টা কৈ দিন প্ৰেমিকৰ শোৱনি কোঠাত লুকাই থকাৰ পাছতো গমকে নাপালে প্ৰেমিকৰ পৰিয়ালৰ লোকে ৷ প্ৰেমিকৰ শোৱনী কোঠাত বিগত ১৫টা কৈ দিন গোপনে পাৰ কৰিলে প্ৰেমিকাই ৷ প্ৰেমিকাৰ বাবে খোৱা বোৱা, নিত্য কৰ্ম সকলোৰে ব্যৱস্থা কৰি দিছিল নিজৰ শোৱনী কোঠাতে ৷

১৫ দিন ধৰি প্ৰেমিকৰ ঘৰতে লুকাই থাকিল প্ৰেমিকা
১৫ দিন ধৰি প্ৰেমিকৰ ঘৰতে লুকাই থাকিল প্ৰেমিকা

বাক্সা, 26 নৱেম্বৰঃ বাক্সাৰ তামুলপুৰত সংঘটিত হ'ল এক আজৱ ঘটনা ৷ তামুলপুৰৰ নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত দুই কিশোৰ কিশোৰীৰ প্ৰেম কাহিনীয়ে ৰগৰ তুলিছে বাক্সাৰ তামুলপুৰত। প্ৰেমিকাই ঘৰৰ পৰা পলাই আহি ১৫টা কৈ দিন প্ৰেমিকৰ শোৱনি কোঠাত লুকাই থকাৰ পাছত অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰে দুয়োকে ৷ ঘটনা অনুসৰি ১৪ বছৰীয়া ছাত্ৰী গৰাকীয়ে মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল । হঠাতে এদিন ছাত্ৰী গৰাকীৰ চাইকেলখন হেৰুৱাত ককাকে গালি পাৰে কিশোৰীগৰাকীক,ইয়াৰ পিছতে যোৱা ৭নৱেম্বৰৰ পৰা ককাকৰ ঘৰৰ পৰা সন্ধানহীন হৈ পৰে কিশোৰীগৰাকী। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো কিশোৰীগৰাকীৰ সম্ভেদ উলিয়াব নোৱাৰি ১৫ নৱেম্বৰত কিশোৰী গৰাকী নিৰূদ্দেশ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে তামুলপুৰ আৰক্ষী থানাত। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছিল যদিও প্ৰথম অৱস্থাত সম্ভেদ উলিয়াব নোৱাৰিলে যদিও ২৪ তাৰিখে সন্ধিয়া প্ৰেমিকৰ শোৱনি কোঠাৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক।

প্ৰেমিকৰ শোৱনী কোঠাত প্ৰেমিকাৰ অজ্ঞাত বাস

উল্লেখ্য যে যোৱা ১৫ দিনে প্ৰেমিকৰ শোৱনি কোঠাত সোমাই থকা প্ৰেমিকাৰ খবৰ লাভ কৰা নাছিল প্ৰেমিকৰ পৰিয়ালৰ লোকেও। প্ৰেমিক প্ৰেমিকাই আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিত কয় যে প্ৰেমিকাই প্ৰেমিকৰ শোৱনি কোঠাত নিজে গৈ সোমাই আছিল। প্ৰেমিকেও প্ৰেমিকাক হেৰুৱাৰ ভয়ত মনে মনে কোঠাৰ ভিতৰতে খোৱাৰ ব্যৱস্থা কৰাৰ উপৰিও সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰি দিছিল। এই ঘটনাই তামুলপুৰ অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে চাওকঃনগা গাঁৱৰ নাম ফলক আৰি অসমৰ মাটিত নগাৰ বেদখল

Intro:তামুলপুৰত ১৫ দিন ধৰি প্ৰেমিকৰ ঘৰত লুকাই থাকিল প্ৰেমিকা।Body:তামুলপুৰ।
২৬/১১/১৯।
তামুলপুৰত নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত দুই কিশোৰ কিশোৰী ,দুয়োৰে মাজত প্ৰেমৰ বোৱতী নৈ ।ইজনে সিজনক নেদেখিলে থাকিব নোৱাৰে।দুয়োৰে বয়স ১৪/১৫ ।প্ৰেমিকাই ঘৰৰ পৰা পলাই আহি ১৫টা কৈ দিন প্ৰেমিকৰ শোৱনি কোঠাত লুকাই থাকি অৱশেষত আৰক্ষীৰ হাতত উদ্ধাৰ।
ঘটনা অনুসৰি ১৪বছৰীয়া ছাত্ৰী গৰাকীয়ে মামাকৰ ঘৰত থাকি পঢ়া শুনা কৰি আছিল।হঠাতে এদিন ছাত্ৰী গৰাকীৰ চাইকেল খন হেৰুৱাত ককাকে গালি পাৰিছিল ,ককাকৰ গালি শুনি অভিমানে ভৰা মনটোক লৈ প্ৰেমিকৰ ওচৰলৈ যাব বুলি পণ কৰি প্ৰথমতে গল নিজ ঘৰলৈ।ঘৰত কেবাদিন থকাৰ পিছতে যোৱা ৭নৱেম্বৰ ৰ পৰা সন্ধান হিন হৈ পৰিল ছোৱালী জনী।পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো ছোৱালী জনীৰ সম্ভেদ উলিয়াব নোৱাৰি ১৫ নৱেম্বৰ ত কিশোৰী গৰাকী নিৰোদ্দেশ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰিলে তামুলপুৰ আৰক্ষী থানাত।এজাহাৰ ৰ ভিত্তিত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছিল যদিও প্ৰথম অৱস্থাত সম্ভেদ উলিয়াব নোৱাৰি লে যদিও ২৪তাৰিখে সন্ধিয়া প্ৰেমিকৰ শোৱনি কোঠাৰ পৰা উদ্ধাৰ কৰে ছোৱালী জনীক।
উল্লেখ্য যে যোৱা ১৫ দিনে প্ৰেমিকৰ শোৱনি কোঠাত সোমাই থকাপ্ৰেমিকাৰ খৱৰ লাভ কৰা নাছিল প্ৰেমিকৰ পৰিয়ালৰ লোকেও।
প্ৰেমিক প্ৰেমিকাৰ আৰক্ষীৰ আগত দিয়া স্বীকাৰুক্তিত কয় যে প্ৰেমিকাই প্ৰেমিকৰ শোৱনি কোঠাত নিজে গৈ সোমাই আছিল। প্ৰেমিকেও প্ৰেমিকাক হেৰুৱাৰ ভয়ত মনে মনে কোঠাৰ ভিতৰতে খোৱা ৰ ব্যৱস্থা কৰাৰ উপৰিও নিত্য কৰ্মৰ ব্যৱস্থা ও কৰি দিছিল।

তামুলপুৰ ৰ পৰা দ্বীপেন শৰ্মা ।ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.