ETV Bharat / state

বাক্সাৰ তামুলপুৰত সুৰাসহ আটক দুজন

author img

By

Published : Apr 15, 2020, 9:28 AM IST

Updated : Apr 15, 2020, 9:49 AM IST

ৰাজ্যত সুৰাৰ বিপণী খোলাৰ লগে লগেই তামুলপুৰত ৰঙা ঘৰৰ আলহী দুজন লোক ৷ সুৰাসহ আৰক্ষীৰ হাতত আটক দুজন ৷ জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে AS-01BW-8741

বাক্সাৰ তামুলপুৰত সুৰাসহ আটক দুজন
বাক্সাৰ তামুলপুৰত সুৰাসহ আটক দুজন

বাক্সা,15 এপ্ৰিলঃ দীৰ্ঘ বিৰতিৰ অন্তত ৰাজ্যত লক ডাউনৰ মাজতে সুৰাৰ বিপণীসমূহ খোলা দিয়াৰ লগে লগেই সুৰাৰ বিপণীসমূহত শাৰী শাৰীকৈ গ্ৰাহকসকলে ভিৰ কৰা দেখিবলৈ পোৱা গ'ল যদিও একাংশ লোকে এতিয়াও নেৰিলে অবৈধ সুৰাৰ বেহা ৷ মঙলাবাৰে নিশা বাক্সাৰ তামুলপুৰত এখন মাৰুতি ইক' গাড়ীসহ ১২ কাৰ্টুন অবৈধ সুৰা জব্দ কৰে তামুলপুৰ আৰক্ষীয়ে। উল্লেখ্য যে তামুলপুৰৰ পৰা দৰঙামেলালৈ নি থকা অৱস্থাত গাড়ীসহ আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি। আৰক্ষীৰ জেৰাত প্ৰেম তামাং আৰু মইনুউদ্দীন নামৰ লোক দুজনে সুৰাখিনি বিক্ৰী কৰিবলৈহে লৈ গৈছিল বুলি সদৰি কৰে। কিন্তু লক ডাউনৰ সময়ত কেনেকৈ এখন গাড়ী দৰঙামেলাৰ পৰা তামুলপুৰলৈ আহিব পাৰিলে সুৰা নিবলৈ এই ক্ষেত্ৰত তামুলপুৰ আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ৷ আৰক্ষীয়ে জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে AS-01BW-8741

তামুলপুৰত ৰঙা ঘৰৰ আলহী দুজন লোক

লগতে চাওকঃ লক্ ডাউনঃ আৰক্ষীৰ খেদাত প্ৰাণ গ'ল এজনৰ !

Last Updated :Apr 15, 2020, 9:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.