ETV Bharat / state

নিৰ্বাচনৰ বাবে সাজু বাক্সা জিলা প্ৰশাসনঃ বাক্সাত বৃদ্ধি 9274 জন নতুন ভোটাৰ

author img

By

Published : Feb 28, 2021, 5:02 PM IST

baksa-dc-pressmeet
নিৰ্বাচনৰ বাবে সাজু বাক্সা জিলা প্ৰশাসনঃবাক্সাত বৃদ্ধি 9274 জন নতুন ভোটাৰ

বাক্সা জিলাৰ বৰমা, তামুলপুৰ আৰু ছাপাগুৰি সমষ্টিত 5,36,995 জন ভোটাৰে ভোটদান কৰিব ৷ এইবাৰ জিলাখনৰ তিনিওটা সমষ্টিত 9,274 জন নতুন ভোটাৰ বৃদ্ধি পাইছে ৷ এইবাৰ সমষ্টি তিনিটাত 25 টা মহিলা ভোট কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে দুটাকৈ আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব ৷ দেওবাৰে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই সংবাদমেল সম্বোধন কৰি জনালে এই তথ্য ৷

বাক্সা,28ফেব্ৰুৱাৰী:নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ পিচতে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন ৷ দেওবাৰে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই এক সংবাদমেল সম্বোধন কৰে ৷ বাক্সা জিলাৰ তিনিটা বিধানসভা সমষ্টি বৰমা, তামুলপুৰ আৰু ছাপাগুৰিত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে, তিনিওটা সমষ্টিত 5,36,995 গৰাকী ভোটাৰে ভোটদান কৰিব ৷ ইয়াৰে তামুলপুৰত 2,10,379গৰাকী ভোটাৰ, বৰমাত 1,65,848 গৰাকী ভোটাৰ আৰু ছাপাগুৰিত 1,57,368 গৰাকী ভোটাৰে 788 টা ভোটকেন্দ্ৰত ভোটদান কৰিব ৷ তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ জিলাখনৰ তিনিটাওটা সমষ্টিত 9274 গৰাকী নতুন ভোটাৰ বৃদ্ধি বুলি জনালে জিলা উপায়ুক্ত গৰাকীয়ে ৷

নিৰ্বাচনৰ বাবে সাজু বাক্সা জিলা প্ৰশাসনঃবাক্সাত বৃদ্ধি 9274 জন নতুন ভোটাৰ

তদুপৰি তিনিওটা বিধানসভা সমষ্টিত 19টা জ'ন আৰু 76টা চেক্টৰত বিভক্ত কৰা হৈছে ৷ ইয়াৰ লগতে নিয়োগ কৰা হ'ব 3,782 জন নিৰ্বাচনী বিষয়াক ৷ আনহাতে উপায়ুক্তগৰাকীয়ে কয় যে, তিনিওটা সমষ্টিত 25 টা মহিলা ভোট কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে দুটাকৈ আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব ৷ একেদৰে ক'ভিড19ৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক, সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷ উল্লেখ্য যে,ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ণ দিয়াৰ সময়ত মাত্ৰ দুজন লোককহে লগত লৈ আহিব পাৰিব বুলি জানিবলৈ দিয়ে উপায়ুক্ত ৰঞ্জন শৰ্মাই ৷

নিৰ্বাচনৰ বাবে সাজু বাক্সা জিলা প্ৰশাসনঃবাক্সাত বৃদ্ধি 9274 জন নতুন ভোটাৰ

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত: প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.