ETV Bharat / state

বোমা বাৰুদ লৈ অসম অশান্ত কৰি হ'লেও জাতিক ৰক্ষা কৰিমঃ আক্ৰাছু

author img

By

Published : Sep 20, 2019, 4:13 PM IST

Updated : Sep 20, 2019, 5:08 PM IST

কোচ ৰাজবংশী প্ৰতিবাদ

সদ্যপ্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা ৫৬ হাজাৰ কোচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ পিছত অসম উত্তাল কৰে আক্ৰাছুৱে ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ,নাওকটাত আক্ৰাছুৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱাৰ লগতে গোলকগঞ্জৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত যানবাহনৰ চলাচল বন্ধ কৰে একাংশ প্ৰতিবাদকাৰীয়ে ৷ আনহাতে বৰপেটা,বঙাইগাঁও আৰু চিৰাং জিলাৰ বিভিন্ন প্ৰান্তটো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকে ৷

ব্যুৰ ৰিপ'ৰ্ট,20 ছেপ্টেম্বৰঃ শুকুৰবাৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই দিয়া 12 ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত নামনি অসমত সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল ৷ কোচ ৰাজবংশী অধ্যুষিত এলেকাত সৰ্বাত্মকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৰ সদস্য সকলে ৷ সদ্যপ্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰকি পঞ্জীৰ তালিকাৰ পৰা ৫৬ হাজাৰ কোচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ পিছত জনগোষ্ঠীটোৰ অধিকাৰক লৈ সৰৱ হৈ পৰিছে আক্ৰাছু ৷ বিনা চৰ্তে কোচ ৰাজবংশীৰ নাম NRC ত অন্তৰ্ভূক্ত কৰাৰ দাবী ৷

তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ,নাওকটাত আক্ৰাছুৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱাৰ লগতে গোলকগঞ্জৰ মাজেৰে যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত যানবাহনৰ চলাচল বন্ধ কৰে একাংশ প্ৰতিবাদকাৰীয়ে ৷ আনহাতে বৰপেটা,বঙাইগাঁও আৰু চিৰাং জিলাৰ বিভিন্ন প্ৰান্তটো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকে ৷ আক্ৰাছু,মহিলা সমিতি আৰু চিলাৰায় সেনাৰ আহ্বানত আজি পুৱা ৫ বজাৰ পৰা সন্ধিয়া 5 বজালৈ উত্তৰ অভয়াপুৰী,বিলাসীপাৰা,মৰিগাঁও,জাগীৰোডৰ লগতে সমগ্ৰ বি টি এডি এলেকাটো 12 ঘন্টীয়া বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় ৷ তামুলপুৰৰ কুমাৰীকাটাৰ ভাৰত ভূটান ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰাৰ উপৰিও সাপ্তাহিক বজাৰ,দোকান-পোহাৰ বন্ধ ৰাখে ৷ ইয়াৰোপৰি শীঘ্ৰে নাগৰিক পঞ্জীত ভূমিপূত্ৰ সকলৰ নাম অন্তভুক্ত নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে আক্ৰাছুৱে ৷

বোমা বাৰুদ লৈ অসম অশান্ত কৰি হ'লেও জাতিক ৰক্ষা কৰিমঃ আক্ৰাছু
Intro:গোৰেশ্বৰত কোছৰাজবংশী ছাত্র সন্থাৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।Body:তামুলপুৰ।
২০/৯/১৯।
তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ,নাওকটাত আক্ৰাছুৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বাদ পৰা কোছৰাজবংশী লোক সকলৰ নাম বিনা চৰ্তত অন্তৰ্ভুক্ত কৰা,কমতাপুৰ ৰাজ্য পুণৰ গঠন কৰা আৰু শিঘ্ৰে কোছৰাজবংশী সকলক জনজাতী প্ৰদান কৰাৰ দাৱিত এই বন্ধ।
আজি পুৱা ৫ বজাৰ পৰা আবেলি৫ বজালৈ ১২ ঘণ্টা বন্ধৰ আহ্বান জনায় সংগঠন টোৱে।

গোৰেশ্বৰৰ আৰু নাওকটাত ৰাজপথত সুকীয়া কৈ প্ৰতিক হাজেলাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত আক্ৰাছু কৰ্মীৰ।

প্ৰয়োজনত বোমা বাৰুদ লৈ অসম অশান্ত কৰি হলেও কোছৰাজবংশী যুৱক যুৱতী সকলে জাতিক ৰক্ষা কৰিব এই মন্তব্য গোৰেশ্বৰৰ আক্ৰাছু নেতাৰ।

প্ৰতিক হাজেলা গৌ বেক,অসম চৰকাৰ গৌ বেক,কেন্দ্ৰীয় চৰকাৰ গৌ বেক ধ্বনি ৰে পৰিস্তিতি উত্তপ্ত কৰি তো লে আক্ৰাছুৰ কৰ্মী সকলে।
শতাধিক আক্ৰাছু কৰ্মী বন্ধ সফল কৰিবলৈ ওলাই আহে আজি।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.
Conclusion:
Last Updated :Sep 20, 2019, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.