ETV Bharat / sports

ছিমনা হালেপৰ দখলত প্ৰথমটো উইম্বলডন খিতাপ

author img

By

Published : Jul 14, 2019, 8:09 AM IST

ছিমনা হালেপৰ দখলত প্ৰথমটো উইম্বলডন খিতাপ

উইম্বলডন, 2019 ৰ মহিলা ছিংগলছৰ খিতাপ দখল কৰিলে ছিমনা হালেপে ৷ এই যুঁজত হালেপে পৰাস্ত কৰে ছেৰেনা উইলিয়ামছক ৷

স্পৰ্টছ ডেস্ক, 14 জুলাই : ৰোমানিয়ান টেনিছ তাৰকা ছিমনা হালেপে দখল কৰিলে উইম্বলডন, 2019 ৰ মহিলা ছিংগলছ খিতাপ ৷ খিতাপৰ যুঁজত ছিমনাই 6 - 2, 6 - 2 ছেটত পৰাস্ত কৰে সাঁতটাকৈ উইম্বলডন খিতাপ দখলকাৰী ছেৰেনা উইলিয়ামছক ৷ এই পৰাজয়েৰে ছেৰেনাই অষ্টমটো উইম্বলডন আৰু 24 সংখ্যক গ্ৰেণ্ডশ্লাম খিতাপ দখল কৰাত ব্যৰ্থ হয় ৷

ETV BHARAT ASSAM
ছেৰেনা উইলিয়ামছ

উল্লেখ্য যে, ছেমিফাইনেল মেচত ছেৰেনাই বাৰ্বোৰা ষ্ট্ৰাইক'ভাক 6 - 1, 6 - 2 ছেটত পৰাস্ত কৰাৰ পৰিৱৰ্তে হালেপে এলিনাক 6 - 1, 6 - 3 ছেটত পৰাস্ত কৰিছিল ৷

ETV BHARAT ASSAM
ছিমনা হালেপ
SIMONA HALEP STUNS SERENA TO WIN MAIDEN WIMBLEDON

ছিমনা হালেপৰ দখলত প্ৰথমটো উইম্বলডন খিতাপ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.