ETV Bharat / sports

Women's Day 2022 : দেশবাসীক গৌৰৱান্বিত কৰা মহিলা ক্ৰীড়াবিদসকল

author img

By

Published : Mar 8, 2022, 2:16 PM IST

Womens Day 2022
দেশবাসীক গৌৰৱান্বিত কৰা মহিলা ক্ৰীড়াবিদসকল

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women's Day 2022)। সমগ্ৰ বিশ্বতে পালন কৰা হৈছে এই দিৱস । ভাৰতৰো ভিন্ন প্ৰান্তত নাৰী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই বিশেষ দিনটোত ইটিভি ভাৰতে কেইগৰাকীমান বিশেষ মহিলা ক্ৰীড়াবিদৰ বিষয়ে এক প্ৰতিবেদন যুগুত কৰিছে ৷ চাওক এই প্ৰতিবেদন ৷

স্প’ৰ্টছ ডেস্ক, ৮ মাৰ্চ : ৮ মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women's Day 2022) । সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এই দিনটো উদযাপন কৰা হৈছে । বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা মহিলাসকলক সন্মান জনাই এই দিৱস পালন কৰা হয় ।

ক্ৰীড়াক্ষেত্ৰৰ জৰিয়তেও দেশক গৌৰৱান্বিত কৰিছে একাংশ মহিলাই । উৎকৃষ্ট প্ৰদৰ্শনেৰে দেশক গৌৰৱান্বিত কৰি তোলা সেই মহিলাসকল বাৰু কোন ? তাৰ ভিতৰত কেইগৰাকীমান ক্ৰীড়াবিদৰ বিষয়ে তলত উল্লেখ কৰা হ'ল ।

১. মিতালী ৰাজ

মিতালী ডোৰাই ৰাজ, যাক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ মহিলা বেটছমেন হিচাপে জনা যায় । ৰাজস্থানৰ যোধপুৰৰ বাসিন্দা মিতালী ৰাজ । প্ৰায় দুই দশক ধৰি তেওঁ আন্তৰ্জাতিক মহিলা ক্ৰিকেটৰ লগত জড়িত হৈ আছে । এই সময়চোৱাত মহিলা ক্ৰিকেটাৰ গৰাকীয়ে বহু সন্মান আৰু কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

৩৯ বছৰীয়া খেলুৱৈগৰাকী ভাৰতৰ একমাত্ৰ অধিনায়ক, যাৰ নেতৃত্বত মহিলা ক্ৰিকেট দলটোৱে দুবাৰকৈ ৫০ অভাৰৰ বিশ্বকাপ ফাইনেল খেলিবলৈ সক্ষম হৈছে । মিতালী ৰাজ হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী মহিলা ক্ৰিকেটাৰ ।

এদিনীয়া মেচত ৭,০০০ ৰাণৰ সীমা অতিক্ৰম কৰা একমাত্ৰ মহিলা ক্ৰিকেটাৰৰ খিতাপও অৰ্জন কৰিছে মিতালী ৰাজে । ইফালে এদিনীয়াত একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপেও বিখ্যাত মিতালী ৰাজ ।

মহিলা টী-২০ এছিয়া কাপৰ সময়ত ২০১৮ চনৰ জুন মাহত তেওঁ টী-২০ ত ২,০০০ ৰাণ সংগ্ৰহ কৰা ভাৰতৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় । ২০১৯ চনৰ ছেপ্টেম্বৰত মিতালী ৰাজে ৫০ অভাৰৰ ফৰ্মেটত মনোনিৱেশ কৰাৰ উদ্দেশ্যে টী-২০ ক্ৰিকেটৰ পৰা অৱসৰ লয় ।

তেওঁক ২০০৩ চনত অৰ্জুন বঁটা, ২০১৫ চনত পদ্মশ্ৰী, ২০১৭ চনত ৱিজডেন বিশ্বৰ আগশাৰীৰ মহিলা ক্ৰিকেটাৰ (Wisden Leading Woman Cricketer in the World) ৰ বঁটাৰ লগতে ২০২১ চনত ভাৰত চৰকাৰে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰে ।

২. পি ভি সিন্ধু

পি ভি সিন্ধু হৈছে ভাৰতৰ অন্যতম বিখ্যাত বেডমিণ্টন খেলুৱৈ । অলিম্পিককে ধৰি বহু ক্ৰীড়া প্ৰতিযোগিতাত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছে । তেওঁ বেডমিণ্টন বিশ্ব চেম্পিয়ন হোৱা একমাত্ৰ ভাৰতীয় আৰু অলিম্পিক গেমছত একেৰাহে দুটা পদক জয় কৰা ভাৰতৰ দ্বিতীয় গৰাকী ব্যক্তিগত খেলুৱৈ ।

খেলুৱৈগৰাকীয়ে ২০১৮ ৰ কমনৱেলথ গেমছ আৰু ২০১৮ এছিয়ান গেমছত ৰূপৰ পদক আৰু উবেৰ কাপত দুটা কৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে । সিন্ধুক অৰ্জুন বঁটা আৰু মেজৰ ধ্যানচান্দ খেলৰত্নৰ লগতে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল । তেওঁ পদ্মভূষণ বঁটাও প্ৰদান কৰা হৈছে ।

৩. মেৰীকম

বক্সিং খেলৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে ভাৰত লগতে বিশ্বত শীৰ্ষ স্থানত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছে মেৰীকম । আন্তৰ্জাতিক পৰ্যায়ত তেওঁ ২০০১ চনত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । পৰৱৰ্তী সময়ত মেৰীকমে ২০০২ চনত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে ।

মেৰীকমে একেৰাহে বিশ্ব বক্সিং চেম্পিয়নশ্বীপত ৬ টাকৈ সোণৰ পদক লাভ কৰি সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰে । যাৰ বাবে এই প্ৰতিযোগিতাৰ ইতিহাসত আটাইতকৈ সফল মহিলা বক্সাৰ হিচাপেও তেওঁৰ সুনাম আছে । বিশ্ব বক্সিং চেম্পিয়নশ্বীপত সৰ্বমুঠ ৮ টা পদকৰ সৈতে তেওঁ ক্ৰীড়া ইতিহাসত তেওঁ খলকনি তুলিবলৈ সক্ষম হৈছে ।

লণ্ডন অলিম্পিক আছিল খেলুৱৈগৰাকীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ য'ত ব্ৰঞ্জৰ পদ লাভ কৰি তেওঁ দেশবাসীক গৌৰৱান্বিত কৰিছিল । মেৰীকমে ২০১৪ চনত এছিয়ান গেমছত স্বৰ্ণ আৰু ২০১৮ চনত কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় মহিলা বক্সাৰ হোৱাৰ গৌৰৱো অৰ্জন কৰে । তেওঁ পাঁচবাৰৰ এছিয়ান চেম্পিয়নৰ খিতাপো দখল কৰে ।

৪. অৱনী লেখাৰা

অৱনী লেখাৰা ভাৰতৰ অন্যতম শ্ৰেষ্ঠ পেৰালিম্পিয়ান । বৰ্তমান মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলষ্টেণ্ডিং SH1-ত বিশ্বৰ ২ নম্বৰ স্থানত থকা অৱনীয়ে বিভিন্ন সময়ত দেশক গৌৰৱান্বিত কৰি আহিছে । তেওঁ টকিঅ' ২০২০ পেৰালিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিঙত সোণৰ পদক আৰু ৫০ মিটাৰ ৰাইফলত ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

লেখাৰা পেৰালিম্পিক স্বৰ্ণ পদক জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা । তেওঁ ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকতো অংশগ্ৰহণ কৰিছিল আৰু সোণৰ পদক লাভ কৰিছিল । চূড়ান্ত ইভেণ্টত ২৪৯.৬ পইণ্টৰ স্ক'ৰৰ সৈতে, যুৱ শ্বুটাৰ গৰাকীয়ে পেৰালিম্পিকত বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হয় । তেওঁক ২০২১ চনত খেলৰত্ন বঁটা আৰু ২০২২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে ।

৫. চাইখোম মীৰাবাই চানু

টকিঅ' অলিম্পিকত ভাৰতৰ পদৰ লাভৰ অভিযান আৰম্ভ কৰা খেলুৱৈগৰাকীয়ে হৈছে মণিপুৰৰ চাইখোম মীৰাবাই চানু । মণিপুৰী ভাৰোত্তোলক গৰাকীয়ে ৪৯ কিল’গ্ৰাম ওজন শ্ৰেণীৰ সন্মানীয় শ্ব’পিচ ইভেণ্টৰ আৰম্ভণিৰ দিনাই ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰে ।

মীৰাবাই চানুৱে ৰিঅ' অলিম্পিকত হতাশ হ'বলগীয়া হৈছিল, যদিও টকিঅ' অলিম্পিকত পদক জয়েৰে নিজৰ সামৰ্থ প্ৰমাণিত কৰিছিল । তেওঁ বিশ্ব চেম্পিয়নৰ লগতে কমনৱেলথ গেমছতো ভাৰতৰ হৈ সোণৰ পদক লাভ কৰিছে ।

২৮ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০১৪ চনত গ্লাছগ’ত ৪৮ কিল’গ্ৰাম ওজন শাখাত ৰূপৰ পদক অৰ্জন কৰি প্ৰথমটো কমনৱেলথ গেমছ পদক লাভ কৰিছিল । ৰিঅ' অলিম্পিক ২০১৬ ত তেওঁ বিফল হৈছিল ৷ কিন্তু দুবছৰৰ পাছত ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি পুনৰ চৰ্চালৈ আহিছিল । তেওঁ গ’ল্ড কোষ্ট কমনৱেলথ গেমছ ২০১৮ ত সোণৰ পদক জয়েৰে নিজৰ শক্তিশালী ফৰ্মৰ পৰিচয় দিছিল ।

কিন্তু টকিঅ' অলিম্পিক আছিল তেওঁৰ বাবে অন্যতম আকৰ্ষণীয় ইভেণ্ট । টকিঅ'ত পদক লাভ কৰাৰ পাছতে কৰ্ণম মালেশ্বৰীৰ পিছত অলিম্পিক পদক জয় কৰা তেওঁ দ্বিতীয়গৰাকী ভাৰতীয় ভাৰোত্তোলক হিচাপে খ্যাতি অৰ্জন কৰে ।

এইসকল মহিলা ক্ৰীড়াবিদে মহিলা সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । যাৰ বাবে আজি বহু ভাৰতীয় মহিলাৰ বাবে তেওঁলোক প্ৰেৰণাৰ উৎস ।

লগতে পঢ়ক : International Women's Day: ২৯ গৰাকী মহিলাক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব নাৰী শক্তি পুৰস্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.