ETV Bharat / sports

ইউৰোপত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী কাশ্মিৰী স্কেটাৰ

author img

By

Published : Mar 11, 2021, 7:23 PM IST

ইউৰোপত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী কাশ্মিৰী স্কেটাৰ
ইউৰোপত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী কাশ্মিৰী স্কেটাৰ

শেহতীয়াকৈ আইচ স্কেটিং খেলৰ জৰিয়তে দেশজুৰি চৰ্চা লাভ কৰিছে কাশ্মীৰৰ এজন যুৱকে । শ্ৰীনগৰৰ পৰিমপোৰা অঞ্চলৰ বাসিন্দা ১৮ বছৰীয়া বাশাৰাটে আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছে ।

স্পৰ্টছ ডেস্ক,১১ মাৰ্চ: কাশ্মীৰৰ যুৱকসকলে শিক্ষা আৰু বিভিন্ন ক্ষেত্ৰৰ লগতে ক্ৰীড়া জগতৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । ক্ৰীড়া ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈও সক্ষম হৈছে কাশ্মীৰৰ যুৱকসকল । বিশেষ ক্ৰীড়াৰ জৰিয়তে এইবাৰ চৰ্চা লাভ কৰিছে ১৮ বছৰীয়া বাশাৰট আহাদে । শ্ৰীনগৰৰ পৰিমপোৰা অঞ্চলৰ বাসিন্দা বাশাৰাটে কোৱা মতে তেওঁ শৈশৱৰ পৰাই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আছিল । কিছু ব্যতিক্ৰম কৰাৰ উদ্দেশ্যে বাশাৰাটে আইচ স্কেটিং বাছনি কৰিছিল । পৰৱৰ্তী সময়ত এই খেলৰ জৰিয়তে তেওঁ বহুতো পুৰস্কাৰ আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাশাৰটে কয় যে ইউৰোপত আইচ স্কেটিং প্ৰতিযোগিতাৰ বাবে তেওঁ বাছনি কৰাটো তেওঁৰ বাবে এটা অলৌকিক ঘটনাতকৈ কম নহয় । বাশাৰাটে জনোৱা মতে তেওঁ টিভি আৰু স্কুলত স্কেটিং দেখি আগ্ৰহী হৈছিল । এই ক্ৰীড়াৰ জৰিয়তে ভৱিষ্যতে শীৰ্ষ পৰ্যায়ত অংশগ্ৰহণৰ ইচ্ছা আছে বাশাৰাটৰ ।

ইউৰোপত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী কাশ্মিৰী স্কেটাৰ

বাশাৰট ১৮ বছৰ বয়সত আইচ স্কেটিঙত আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী কাশ্মিৰী হৈ পৰিছে । ইফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলৰ সুবিধা লাভ কৰাৰ লগে লগে যথেষ্ট আনন্দিত হৈ পৰিছে বাশাৰাট । আনকি খেলুৱৈ গৰাকীয়ে জনোৱা মতে তেওঁ এই নিৰ্বাচনৰ কথা কেতিয়াও ভবা নাছিল । শ্ৰীনগৰ বাশাৰটে শেহতীয়াকৈ দ্বাদশ শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈছে । প্ৰায় ৯ বছৰ বয়সৰ পৰা বাশাৰাটে খেলিবলৈ আৰম্ভ কৰে । যদিও তেওঁ প্ৰথমতে নিজে আইচ স্কেটিং শিকিছিল কিন্তু তেওঁ এতিয়া এজন প্ৰশিক্ষকৰ নিৰ্দেশনাত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।

লগতে পঢ়ক: সীমিত দৰ্শকৰ উপস্থিতিত হ'ব বিশ্বকাপ টেষ্ট ক্ৰিকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.