ETV Bharat / sports

WFI president election : ১২ আগষ্টত WFI নিৰ্বাচন; ভাৰতলৈ উভতি আহিছে বিনেশ বজৰং

author img

By

Published : Aug 3, 2023, 1:42 PM IST

ডব্লিউএফআইৰ সভাপতি নিৰ্বাচনৰ পূৰ্বে মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়া ভাৰতলৈ উভতি আহিছে । ১২ আগষ্টত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় কুস্তি ফেডাৰেচনৰ নিৰ্বাচনত প্ৰায় ৩০ জন লোকে ১৫ টা পদৰ বাবে আবেদন কৰিছে ।

WFI president election
WFI president election

স্পৰ্টছ ডেস্ক, ৩ আগষ্ট : অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া আৰু বিনেশ ফোগাটে কিৰগিস্তানৰ ইছিক-কুল আৰু বুদাপেষ্টত তেওঁলোকৰ প্ৰশিক্ষণ শিবিৰ সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহিছে । অৱশ্যে পূৰ্ব নিৰ্ধাৰিত তাৰিখ ৫-৬ আগষ্টতকৈ অলপ সোনকালে বজৰং পুনিয়া উভতি আহিছে । সংবাদ প্ৰতিষ্ঠানক এটা সূত্ৰই জনোৱা মতে, দুয়োগৰাকী মল্লযোদ্ধা ১২ আগষ্টত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় কুস্তি ফেডাৰেচনৰ নিৰ্বাচনৰ বিষয়ে ভালদৰে অৱগত আৰু তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব বিচাৰে । কিয়নো হাৰিয়ানাৰ মল্লযোদ্ধা অনিতা শ্বেৰানে ডব্লিউএফআই সভাপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব দাখিল কৰিছে ।

২০১০ চনত কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰা ৩৮ বছৰীয়া মল্লযোদ্ধা অনিতা সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চাৰিগৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী বুলি জানিব পৰা গৈছে । আনহাতে, WFI-ৰ শীৰ্ষ পদৰ দৌৰত তেওঁ হৈছে একমাত্ৰ মহিলা প্ৰাৰ্থী । বাতৰি অনুসৰি, বিদায়ী মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰৰ মুখ্য সাক্ষীও হৈছে অনিতা । আনহাতে, বজৰং আৰু বিনেশ ভাৰতলৈ উভতি অহাটো স্বাকাৰ কৰিছে ভাৰতীয় কুস্তি ফেডাৰেচনৰ একাংশ সদস্যই ।

তেওঁলোক ঘূৰি অহাটো ডব্লিউএফআইৰ সভাপতি নিৰ্বাচনো কাৰণ নেকি বুলি সোধাত অৱশ্যে সূত্ৰটোৱে ইয়াক অস্বীকাৰ বা নিশ্চিত কৰা নাই ৷ ইয়াৰ পূৰ্বে ৰিটাৰ্ণিং বিষয়া ন্যায়াধীশ এম এম কুমাৰে ৩১ জুলাইত দাখিল কৰা মনোনয়নসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ৷

"১৫ টা পদৰ বাবে ৩০ জন লোকে আবেদন কৰিছে । ডব্লিউএফআইৰ সভাপতি নিৰ্বাচনৰ বাবে চাৰিজন, জ্যেষ্ঠ উপ-সভাপতিৰ বাবে তিনিজন, উপ-সভাপতিৰ বাবে ছয়জন, সাধাৰণ সম্পাদকৰ বাবে তিনিজন, কোষাধ্যক্ষৰ বাবে দুজন, যুটীয়া সচিবৰ বাবে তিনিজন আৰু কাৰ্যবাহী সদস্যৰ বাবে নজন প্ৰাৰ্থী আছে ।" ৰিটাৰ্ণিং বিষয়াই এই কথা জনায় ।

লগতে পঢ়ক :ODI World Cup 2023 : ১৪ অক্টোবৰত ভাৰতৰ সৈতে খেলিব পাকিস্তানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.