ETV Bharat / sports

কাবাডীক অলিম্পিকত সংযোজিত কৰাই হৈছে চূড়ান্ত লক্ষ্য : কিৰেণ ৰিজিজু

author img

By

Published : Apr 28, 2020, 11:51 AM IST

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে আয়োজন কৰা অনলাইন প্ৰশিক্ষকৰ জ্ঞান বৃদ্ধি অধিৱেশনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে কোৰিয়া, মালয়েছিয়াকে ধৰি বিভিন্ন দেশৰ প্ৰায় ৭০০ গৰাকী কাবাডী প্ৰশিক্ষকৰ সৈতে মত বিনিময় দেশৰ ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ ।

Ultimate goal is to have Kabaddi included in Olympics: Union Sports Minister Kiren Rijiju
Ultimate goal is to have Kabaddi included in Olympics: Union Sports Minister Kiren Rijiju

স্পৰ্টছ ডেস্ক, ২৮ এপ্ৰিলঃ কেৱল ভাৰত, এছিয়াতে নহয় বিশ্বব্যাপী কাবাডীৰ এক বিপুল সম্ভাৱনা আছে । বৰ্তমান এই খেলবিধক অলিম্পিকত অন্তুৰ্ভুক্ত কৰোৱাই হৈছে চূড়ান্ত লক্ষ্য । সোমবাৰে এই কথা উল্লেখ কৰিছে দেশৰ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে ।

ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে লগতে কয়, এছিয়া গেমছত ইতিমধ্যে কাবাডীক অন্তৰ্ভুক্ত কৰা হৈছে । এতিয়া অকল ভাৰতেই নহয়, এছিয়াৰ ভিন্ন দেশেও একেলগে লগ হৈ কাবাডীক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়োজন । আমাৰ এইটোৱে বৰ্তমান চূড়ান্ত লক্ষ্য । অৱশ্যে এই লক্ষ্যত উপনীত হ'বলৈ আমি ভাৰতত এই খেলৰ মানদণ্ড উচ্চ কৰাৰ লগতে ভাৰতৰ, বিশ্বৰ বিভিন্ন প্ৰান্তত এই খেলৰ প্ৰচাৰ কৰিব লাগিব বুলিও কয় ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা ২০ টা খেলৰ ওপৰত অনুষ্ঠিত কৰা অনলাইন প্ৰশিক্ষক জ্ঞান বৃদ্ধি অধিৱেশনত কোৰিয়া, মালয়েছিয়া সহিতে দেশ-বিদেশৰ প্ৰায় ৭০০ কাবাডী প্ৰশিক্ষকে অংশগ্ৰহণ কৰা এই অধিৱেশনত এই কথা উল্লেখ কৰিছে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ।

কাবাডীক অলিম্পিকত সংযোজিত কৰাই হৈছে চূড়ান্ত লক্ষ্য : কিৰেণ ৰিজিজু
কাবাডীক অলিম্পিকত সংযোজিত কৰাই হৈছে চূড়ান্ত লক্ষ্য : কিৰেণ ৰিজিজু

লগতে অনলাইন কৰ্মশালা সন্দৰ্ভতো মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, বৰ্তমান কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে সকলো ক্ৰীড়া কাৰ্য-কলাপ বন্ধ হৈ পৰিছে । আমি আশাবাদী অতি সোনকালেই খেলপথাৰত গৈ পুনৰ অনুশীলন, খেলিবলৈ আমি সক্ষম হ'ম । কিন্তু তেতিয়ালৈ আমি প্ৰযুক্তিৰ সুবিধা আদায় কৰাৰ প্ৰয়োজন ।

অনলাইন কৰ্মশালাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । নীতি-নিয়ম, আইন সমূহ সঘনাই সলনি হৈ থাকে । যদিহে সময় মতে নিজকে আপডেট কৰা নায়ায় তেন্তে পিচ পৰি ৰোৱা যায় । আমি পশ্চিমীয়া দেশৰ সৈতে ফেৰ মাৰিবলৈ সমৰ্থ নহও কাৰণ নিয়ম, জ্ঞানৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট আগবঢ়া । কিন্তু মই নিশ্চিত যে, এনে ধৰণৰ অনুষ্ঠানৰ দ্বাৰা আমি পিছ পৰি নৰও ।

এই কৰ্মশালা আয়োজনৰ বাবে মন্ত্ৰীগৰাকীয়ে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, ক্ৰীড়া মন্ত্ৰণালয়, ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনক ধন্যবাদ জ্ঞাপন কৰে । প্ৰতিদিনে ২০ টাকৈ ক্ৰীড়া বিভাগৰ প্ৰায় ৮০০০ হাজাৰ প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছে এই অনলাইন কৰ্মশালাত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.