ETV Bharat / sports

১৭ জুলাইত টকিঅ' অভিমুখে ৰাওনা হ'ব ভাৰতৰ প্ৰথমটো খেলুৱৈৰ দল

author img

By

Published : Jul 4, 2021, 7:25 PM IST

Updated : Jul 4, 2021, 7:31 PM IST

অহা ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ'ব টকিঅ' অলিম্পিক (Tokyo Olympics) । টকিঅ' অলিম্পিক বিগত বছৰ ক'ভিডৰ বাবে স্থগিত ৰখা হৈছিল । ১৭ জুলাই তাৰিখে টকিঅ' অভিমুখে ৰাওনা হ'ব ভাৰতৰ প্ৰথমটো খেলুৱৈৰ দল ।

Tokyo Olympics
১৭ জুলাইত টকিঅ' অভিমুখে ৰাওনা হ'ব ভাৰতৰ প্ৰথমটো খেলুৱৈৰ দল

স্পৰ্টছ ডেস্ক, ৪ জুলাই : অহা ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ'ব টকিঅ' অলিম্পিক (Tokyo Olympics)। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত সাজু হৈছে আয়োজক লগতে ইয়াৰ সৈতে জড়িত সংস্থাসমূহ । সমান্তৰালকৈ বিশ্বৰ ক্ৰীড়াবিদসকলো এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিজকে সাজু কৰি তুলিছে ।

ভাৰতো পিছ পৰি থকা নাই । নতুন অভিলেখ গঢ়াৰ মানসেৰে ভাৰতীয় খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সাজু হৈ উঠিছে । ইয়াৰ মাজতে ভাৰতীয় অলিম্পিক সন্থাৰ (Indian Olympic Association) এক বিশেষ ঘোষণা । এই মাহৰ ১৭ তাৰিখে টকিঅ' অভিমুখে ৰাওনা হ'ব ভাৰতৰ প্ৰথমটো খেলুৱৈৰ দল ।

ভাৰতীয় অলিম্পিক সন্থাৰ (Indian Olympic Association) সভাপতি নাৰিন্দৰ বাত্ৰাই এই কথা অৱগত কৰাৰ লগতে তেওঁ উল্লেখ কৰে যে ভাৰতীয় খেলুৱৈ সকলক কিছুদিন আগতে প্ৰেৰণ কৰাৰ চিন্তা চৰ্চা কৰি আছে যাতে তাত গৈ কোৱাৰেণ্টাইন আৰু প্ৰশিক্ষণৰ সমস্যাবোৰ সমাধান কৰিব পৰা যায় ।

ইতিমধ্যে এই ক্ষেত্ৰত সন্থাই টকিঅ'ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে ।তেওঁ লগতে কয় যে ভাৰত চৰকাৰে সন্থাক সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে আৰু তেওঁ আশাবাদী যে অতি শীঘ্ৰে সকলো সমস্যা সমাধান হ'ব । অৱশ্যে টকিঅ'লৈ ৰাওনা হ'বলগীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হোৱা নাই যদিও বাত্ৰাই কয় যে এতিয়াও কিছুমান খেলুৱৈৰ নাম আহিবলৈ বাকী আছে । খেলুৱৈৰসকলৰ নাম তেওঁলোকৰ হাতত পৰিলেই সেই তালিকা ৰাজহুৱা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে ৫ জুলাইৰ ভিতৰত শ্ব'-পিচ অনুষ্ঠানৰ উদ্বোধনী কাৰ্যসূচীৰ বাবে পতাকা বাহকৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । এক সূত্ৰৰ পৰা জানিব পৰা মতে ভাৰতীয় অলিম্পিক সন্থা (Indian Olympic Association)ই ৫ জুলাইত নামবোৰ ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে । ইতিমধ্যে তালিকাৰ শীৰ্ষত পি ভি সিন্ধু (P V Sindhu) আৰু বজৰং পুনিয়াৰ (Bajrang Punia) নাম আছে যদিও সেয়া এতিয়াও নিশ্চিত নহয় ।

ইফালে, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI) আৰু ভাৰতীয় অলিম্পিক সন্থা (Indian Olympic Association)ই টকিঅ'লৈ যোৱা খেলুৱৈসকলক 'ফ্ৰম ইণ্ডিয়া উইথ প্ৰাইড'(From India with Pride) শীৰ্ষক এক অধিৱেশনৰ দ্বাৰা সংবেদনশীল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যিয়ে তেওঁলোকক জাপানী সংস্কৃতি বুজি পোৱাত আৰু দেশৰ আদৰ্শ ৰাষ্ট্ৰদূত হোৱাৰ উপৰিও সাম্ভাব্য বাধাসমূহ সমাধানত তেওঁলোকক সহায় কৰিব ।

লগতে পঢ়ক :ছুইজাৰলেণ্ডক হৰুৱাই Euro Cup ৰ ছেমি ফাইনেলত স্পেইন

Last Updated :Jul 4, 2021, 7:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.