ETV Bharat / sports

খেল মন্ত্ৰণালয় আৰু IOAৰ টকিঅ’ ভ্ৰমণ স্থগিত

author img

By

Published : Mar 16, 2020, 8:27 AM IST

সমগ্ৰ বিশ্বত সংহাৰী ৰূপ অব্যাহত আছে Covid-19 ৰ ৷ ক্ৰীড়াজগততো এই ভাইৰাছৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ অলিম্পিকৰ পূৰ্বে স্থগিত কৰা হৈছে ভাৰতৰ খেল মন্ত্ৰণালয় আৰু IOA ৰ টকিঅ’ ভ্ৰমণ ৷

Sports minister and ioas delegation visit to tokyo for olympic preparation postponed
খেল মন্ত্ৰণালয় আৰু IOA ৰ টকিঅ’ ভ্ৰমণ স্থগিত

স্পৰ্টছ ডেস্ক,16 মাৰ্চ: ভাৰতৰ কেন্দ্ৰীয় খেল মন্ত্ৰণালয় আৰু ভাৰতীয় অলিম্পিক সংস্থাই কৰ’ণা ভাইৰাছৰ ক্ৰমান্বয়ে বাঢ়ি অহা প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰী-টকিঅ’ 2020 যাত্ৰা স্থগিত কৰে ৷ দেওবাৰে টুইট যোগে এই কথা সদৰী কৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

  • The proposed visit of High Level Indian Delegation to Tokyo consisting of Govt Officials and Indian Olympic Association to review India's #Tokyo2020
    preparation on 25th March is temporarily postponed. pic.twitter.com/5KgRNIDAqo

    — Kiren Rijiju (@KirenRijiju) March 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰী-টকিঅ’ 2020 যাত্ৰাত কিৰেণ ৰিজিজুৰ সৈতে যাবলগীয়া দলটোত আছিল আইএঅ’ৰ অধ্যক্ষ নৰেন্দ্ৰ বাত্ৰা,মহাসচিব ৰাজীৱ মেহতাৰ লগতে ৰাধে শ্যাম ঝুলনিয়া, স্পৰ্টছ এথৰিটি অফ ইণ্ডিয়াৰ নিৰ্দেশক সন্দীপ প্ৰধান আৰু বক্সিং সংস্থাৰ অধ্যক্ষ অজয় সিং ৷ জাপানৰ টকিঅ’ত এই মাহৰ শেষৰ ফালে অলিম্পিক খেলৰ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত যাবলগীয়া আছিল ভাৰতৰ দলটো ৷

টুইটাৰত ৰিজিজুৱে কয়,উচ্চস্তৰীয় ভাৰতীয় দলৰ 25 মাৰ্চত টকিঅ’ অলিম্পিকৰ যাত্ৰা স্থগিত কৰা হৈছে ৷ টকিঅ’ অলিম্পিকৰ প্ৰস্তুতি সন্দৰ্ভত সমীক্ষাৰ বাবে যাবলগীয়া দলটোত আছিল চৰকাৰ আৰু ইণ্ডিয়ান অলিম্পিক সংস্থাৰ বহু বিষয়ববীয়া ৷

আনহাতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই টকিঅ’ অলিম্পিক আয়োজন সমিতিয়ে উল্লেখ কৰে নিৰ্ধাৰিত সময়সূচী মতেই অনুষ্ঠিত হ’ব অলিম্পিক ৷ এই বৰ্ষৰ 24 জুলাইৰ পৰা 9 আগষ্টলৈ অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক 2020 ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.