ETV Bharat / sports

MOC Approves Neeraj Chopras Proposal : প্ৰশিক্ষণৰ বাবে ফিনলেণ্ডলৈ যাব নীৰজ চোপ্ৰা

author img

By

Published : May 26, 2023, 10:09 AM IST

নীৰজ চোপ্ৰাৰ ফিনলেণ্ডত প্ৰশিক্ষণ লোৱাৰ পৰিকল্পনাত অনুমোদন ক্ৰীড়া বিভাগৰ (Neeraj Chopra to go Finland for training) । শেহতীয়াকৈ বিশ্ব ৰেংকিঙত শীৰ্ষস্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় জেভেলিন থ্ৰ'ৱাৰ নীৰজে ২০২২ বৰ্ষতো একে ধৰণৰ প্ৰশিক্ষণৰ পৰিকল্পনা গ্ৰহণ কৰিছিল ।
MOC Approves Neeraj Chopras Proposal
MOC Approves Neeraj Chopras Proposal

স্পৰ্টছ ডেস্ক, ২৬ মে' : অলিম্পিকত স্বৰ্ণ বিজয়ী ভাৰতৰ জেভেলিন খেলুৱৈ নীৰজ চোপ্ৰা প্ৰশিক্ষণৰ বাবে ফিনলেণ্ডলৈ যাব । বৃহস্পতিবাৰে তেওঁৰ ফিনলেণ্ডৰ কুৰটেনত প্ৰশিক্ষণৰ বাবে আগবঢ়োৱা প্ৰস্তাৱত অনুমোদন জনায় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ (Ministry of Youth Affairs and Sports) মিছন অলিম্পিক চেলে (Mission Olympic Cell, MOC) । উল্লেখ্য, আগন্তুক জুন মাহত একাধিক বিশ্ব এথলেটিকছ আৰু আগশাৰীৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলগীয়া নীৰজে তাৰ পূৰ্বে ফিনলেণ্ডৰ কুৰটেন অলিম্পিক প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'ব বিচাৰিছিল । এতিয়া তেওঁৰ সেই সপোন পূৰণ হ'ল (Neeraj Chopra to go Finland for training) ।

শেহতীয়াভাৱে বিশ্ব ৰেংকিত শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী ভাৰতীয় জেভেলিন থ্ৰ'ৱাৰ নীৰজে ২০২২ বৰ্ষতো একে ধৰণৰ প্ৰশিক্ষণৰ পৰিকল্পনা কৰিছিল (MOC Approves Neeraj Chopras Proposal) । ইয়াৰ উপৰি মিছন অলিম্পিক চেলে গ্ৰহণ কৰা অন্যান্য প্ৰস্তাৱসমূহৰ ভিতৰত পেডেলাৰ পায়াছ জৈনৰ টাইৱানত এক আগতীয়া প্ৰশিক্ষণ শিবিৰৰ বাবে যাবলৈ বিচৰা প্ৰস্তাৱটোতো অনুমোদন জনাইছে ।

ইফালে ভাৰতীয় টেবুল টেনিছ তাৰকা মণিকা বাত্ৰা আৰু সাথিয়া গণশেখৰণৰ ব্যক্তিগত প্ৰশিক্ষক ক্ৰমে অমন বালগু আৰু ৰমন সুব্ৰমনিয়ামক একাধিক অনুষ্ঠানৰ বাবে লোৱাৰ প্ৰস্তাৱতো MOC-এ অনুমোদন জনাইছে । MOC-এ তেওঁলোকৰ অহা-যোৱাৰ বাবে বিমানৰ ভ্ৰমণ ব্যয়, শিবিৰৰ ব্যয়, থকা-খোৱা, চিকিৎসা বীমা আৰু অন্যান্য ব্যয়ৰ লগতে ব্যক্তিগত ভাট্টাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াব ।

উল্লেখ্য যে টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ভাৰতীয় এথলিট নীৰজ চোপ্ৰাই পুনৰবাৰ দেশক গৌৰৱান্বিত কৰি (Javelin Thrower Neeraj Chopra) ২২ মে'ত বিশ্ব এথলেটিক্স সংস্থাই ঘোষণা কৰা জেভেলিন থ্ৰ'ৰ ৰেংকিঙত (World Athletics Mens Javelin Throw Rankings) শীৰ্ষস্থান দখল কৰিছিল । উল্লেখ্য যে নীৰজে নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে জেভলিন থ্ৰ' ৰেংকিঙত বিশ্বৰ এক নম্বৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে (Neeraj Chopra in World 1st ranking) ।

নীৰজ চোপ্ৰাই ১৪৫৫ পইণ্টেৰে গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছক চেৰপেলাই শীৰ্ষস্থান দখল কৰে । আনহাতে, পিটাৰ্ছ নীৰজতকৈ ২২ পইণ্ট পিছপৰি ৰয় । ইয়াৰ পূৰ্বে ২০২২ চনৰ ৩০ আগষ্টৰ পৰা তেওঁ ২ নম্বৰ স্থানত আছিল । কিন্তু চলিত সপ্তাহত তেওঁ বিশ্ব চেম্পিয়ন পিটাৰ্ছক অতিক্ৰম কৰে (Neeraj Chopra world Javelin Throw Ranking) ।

লগতে পঢ়ক :Neeraj Chopra World Ranking : বিশ্ব ৰেংকিঙত শীৰ্ষস্থান দখল নীৰজ চোপ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.