ETV Bharat / sports

Asian Games 2023 : এছিয়ান গেমছ ক্ৰিকেট; ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰো স্বৰ্ণ জয়

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 5:10 PM IST

ভাৰতীয় পুৰুষ ক্ৰিকেট দলে এছিয়ান গেমছৰ চতুৰ্দশ দিনত ভাৰতক আন এটা সোণৰ পদক উপহাৰ দিয়ে । স্বৰ্ণ পদকৰ বাবে ভাৰতীয় দলটোৱে আফগানিস্তান ক্ৰিকেট দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । অৱশ্যে বৰ্ষাবিঘ্নিত খেলখনত ভাৰতীয় দলটোক অগ্ৰাধিকাৰৰ ভিত্তিত বিজয়ী ঘোষণা কৰা হয় আৰু স্বৰ্ণ পদক প্ৰদান কৰা হয় ।

ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰো স্বৰ্ণ জয়
Asian Games 2023

স্পৰ্টছ ডেস্ক, ৭ অক্টোবৰ : এছিয়ান গেমছৰ চতুৰ্দশদিনাও ভাৰতীয় খেলুৱৈসকলে নিজৰ শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে । শনিবাৰে ভাৰতে কেইবাটাও সোণৰ পদক লাভ কৰে । এছিয়ান গেমছত ভাৰতৰ পুৰুষ ক্ৰিকেট দলে স্বৰ্ণ জয় কৰিছে । ভাৰতীয় দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে সোণৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । অৱশ্যে বৰষুণৰ বাবে মেচখন সম্পূৰ্ণ কৰিব পৰা নগ'ল আৰু ৰেংকিঙত শীৰ্ষস্থান লাভ কৰাৰ বাবে ভাৰতীয় দলটোক স্বৰ্ণ পদক প্ৰদান কৰা হয় । আফগানিস্তানে ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগাৰ বিপৰীতে পাকিস্তানক পৰাস্ত কৰি বাংলাদেশে ব্ৰঞ্জৰ পদক জয় কৰে ।

উল্লেখ্য যে ফাইনেল মেচখনত আফগানিস্তানে প্ৰথমে বেটিং কৰি ১৮.৫ অভাৰত ৫ টা উইকেট হেৰুৱাই ১১২ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছতে মেচখন বৰষুণৰ বাবে ব্যাহত হয় আৰু পুনৰ আৰম্ভ কৰিব পৰা নহয় । কিন্তু ভাৰতীয় দলটো অগ্ৰাধিকাৰত আফগানিস্তান দলতকৈ আগবাঢ়ি থকাত সোণৰ পদক প্ৰদান কৰা হয় । উল্লেখ্য যে দ্বিতীয়খন ছেমি ফাইনেলত পাকিস্তানৰ দৰে শক্তিশালী দলক পৰাস্ত কৰি আফগানিস্তানে এছিয়ান গেমছ পুৰুষ ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতৰ হৈ অৰ্শদীপ সিং, শ্বাহবাজ আহমেদ, ৰবি বিষ্ণই আৰু শিৱম ডুবেয়ে এটাকৈ উইকেট দখল কৰে । ৰবি বিষ্ণয়ে তেওঁৰ নিৰ্ধাৰিত কোটাৰ ৪ অভাৰ সম্পূৰ্ণ কৰে আৰু সুন্দৰ বলিঙেৰে মাত্ৰ ৩ ৰাণ ৰেটেৰে ১২ ৰাণ ব্যয় কৰে । উল্লেখ্য যে এছিয়ান গেমছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতে নেপালক পৰাস্ত কৰে । আনহাতে, ছেমি ফাইনেল মেচখনত বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

এছিয়ান গেমছত ভাৰতৰ পদক তালিকা

স্বৰ্ণ পদক : 28

ৰূপৰ পদক : 35

ব্ৰঞ্জৰ পদক : 40

মুঠ পদক সংখ্যা : 108

লগতে পঢ়ক :Asian Games 2023 : এছিয়ান গেমছত মহিলা কাবাডী দলৰ স্বৰ্ণ জয়; ১০০ টা পদক অতিক্ৰম ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.