ETV Bharat / sports

অসম অলিম্পিক সন্থাৰ সম্পাদক পদত নিৰ্বাচিত অৰুণজ্যোতি মৰাণ

author img

By

Published : Nov 1, 2019, 5:18 AM IST

Updated : Nov 1, 2019, 8:01 AM IST

অসম অলিম্পিক সন্থাই শেহতীয়াকৈ নিযুক্তি দিয়ে সন্থাৰ সম্পাদকক ৷ সন্থাই সম্পাদক পদৰ দায়িত্ব অৰ্পণ কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণক ৷

অসম অলিম্পিক সন্থাৰ সম্পাদক পদত অৰুণজ্যোতি মৰাণ

তিনিচুকীয়া, 31 অক্টোবৰঃ অসম অলিম্পিক সন্থাৰ সম্পাদক পদত নিযুক্ত হৈছে অৰুণজ্যোতি মৰাণ ৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণক বৃহস্পতিবাৰে অলিম্পিক সন্থাৰ সম্পাদক হিচাপে নিযুক্ত কৰা হয় ৷

লগতে পঢ়কঃ মুম্বাইত মুকলি হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপৰ প্ৰতীক

তিনিচুকীয়াৰ বাৰেকুৰিৰ পুৰণি মতাপুং গাঁৱত জন্মগ্ৰহণ কৰা অৰুণজ্যোতি মৰাণ জড়িত হৈ আছে বহুকেইটা সংগঠনৰ সৈতে ৷ বিশেষকৈ ক্ৰীড়াক্ষেত্ৰত অবাধ দখল থকা ছাত্ৰনেতাগৰাকী যুৱপ্ৰজন্মৰ মাজতো সৰ্বাধিক জনপ্ৰিয় ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী আৰু শচীন তেণ্ডুলকাৰক দিবা-নৈশ টেষ্টত আমন্ত্ৰণৰ চেষ্টা বিচিচিআইৰ

সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি,অসম ফুটবল সন্থাৰ উপ-সভাপতি, অসম হেণ্ডবল সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি,অসম সাহিত্য সভা জাতীয় পৰিষদৰ উপদেষ্টা,বডৌচা স্পৰ্টছ ক্লাৱৰ সভাপতি হিচাপে বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি আছে অৰুণজ্যোতি মৰাণে ৷ ইয়াৰ উপৰিও ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ অসমৰ মুখ্য সমন্বয়ক,জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ সমন্বয়কৰ নেতৃত্বতো জড়িত হৈ আছে অৰুণজ্যোতি মৰাণ ৷

Intro:BREAKING NEWS

#অসম অলিম্পিক সন্থাৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে অৰুণজ্যোতি মৰাণ

#অৰুণজ্যোতি মৰাণ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি, অসম ফুটবল সন্থাৰ উপ-সভাপতি,অসম হেণ্ডবল সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি,অসম সাহিত্য সভা জাতীয় পৰিষদৰ উপদেষ্টা,বদৌচা স্পটচ ক্লাৱৰ সভাপতি হিচাপে বৰ্তমানৰ কাৰ্যনিৰ্বাহ

# ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ অসমৰ মুখ্য সমন্বয়ক, জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ সমন্বয়কৰ নেতৃত্বতো আছে মৰাণ

# অৰুণজ্যোতি মৰাণৰ ঘৰ তিনিচুকীয়াৰ বাৰেকুৰিৰ পুৰণি মতাপুং গাঁৱত

# অসম অলিম্পিক সন্থাৰ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাত যুৱপ্ৰজন্মৰ জনপ্ৰিয় নেতা গৰাকীকলৈ তিনিচুকীয়াত আনন্দৰ জোৱাৰ সৃষ্টি হৈছে৷Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
Last Updated :Nov 1, 2019, 8:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.