ETV Bharat / sports

টকিঅ’ অলিম্পিক: অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰতীয় পুৰুষ হকী দল

author img

By

Published : Jul 25, 2021, 5:20 PM IST

দেওবাৰে অলিম্পিকত (Tokyo olympics 2020) হকীৰ দ্বিতীয় পুলত অষ্ট্ৰেলিয়াৰ হাতত 7-1 গ’লত পৰাস্ত হয় ভাৰতীয় পুৰুষ হকী দলটো (Indian mens hockey team) ৷ খেলখনত ভাৰতৰ হৈ একমাত্ৰ গ’লটো প্ৰদান কৰে দিলপ্ৰীত সিঙে ৷

Tokyo Olympics: Australia men's hockey team hands India 7-1 defeat
টকিঅ’ অলিম্পিক: অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰতীয় পুৰুষ হকী দল

স্পৰ্টচ ডেস্ক, 25 জুলাই: চলিত টকিঅ’ অলিম্পিকত (Tokyo olympics 2020) হকীৰ দ্বিতীয় পুলত বিশ্বৰ প্ৰথম স্থানৰ হকী দল অষ্ট্ৰেলিয়াৰ হাতত দেওবাৰৰ খেলখনত পৰাজয় বৰাণ কৰিবলগীয়া হ’ল ভাৰতীয় পুৰুষ হকী দলটোৱে (Indian mens hockey team) ৷ ভাৰতীয় পুৰষ দলটোক 7-1ত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই ৷ খেলখনত আৰম্ভণিৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছিল অষ্ট্ৰেলিয়াক ৷

খেলখনত অষ্ট্ৰেলিয়াৰ হৈ গ’ল প্ৰদান কৰে ডানিয়েল বিলে (10 মিনিটত), জোছৱা বেল্টজ (26 মিনিটত), এন্দ্ৰিউ ফ্লিন অ’জিলিভ (23 মিনিটত), জেমী হেৱাৰ্ড (21 মিনিটত), ব্লেক গোভাৰ্ছ (40 আৰু 42 মিনিটত), টিম ব্ৰেণ্ডে (51 মিনিটত) ৷ এই বিজয় হ’ল অলিম্পিকত দলটোৰ একেৰাহে হোৱা দ্বিতীয়টো বিজয় ৷

আনহাতে, ভাৰতৰ হৈ একমাত্ৰ গ’লটো প্ৰদান কৰে দিলপ্ৰীত সিঙে (34 মিনিটত) ৷

ইয়াৰ পূৰ্বে ভাৰতে শনিবাৰে আৰম্ভণিৰ খেলখনত নিউজিলেণ্ডক 3-2 গ’লৰ ব্যৱধানত পৰাস্ত কৰিছিল ৷ মনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতীয় পুৰুষ হকী দলটোৱে পৰৱৰ্তী খেলখন মঙলবাৰে স্পেইনৰ বিৰুদ্ধে খেলিব ৷

লগতে পঢ়ক- টকিঅ’ অলিম্পিকৰ তৃতীয় দিন: ৰাউণ্ড 16 প্ৰৱেশ মেৰী কমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.