ETV Bharat / sports

টকিঅ’ অলিম্পিকৰ তৃতীয় দিন: ৰাউণ্ড 16 ত প্ৰৱেশ মেৰী কমৰ

author img

By

Published : Jul 25, 2021, 4:56 PM IST

Updated : Jul 26, 2021, 6:06 AM IST

টকিঅ’ অলিম্পিকত মহিলাৰ 52 কেজি শাখাৰ ৰাউণ্ড 32ত জয়লাভ কৰি ৰাউণ্ড 16ত প্ৰৱেশ কৰিলে এম চি মেৰী কমে (M C Mary Com) ৷ ডমিনিকান ৰিপাব্লিকৰ হেৰনাণ্ডেজ গাৰ্চিয়াক পৰাস্ত কৰি ৰাউণ্ড 16 প্ৰৱেশ মেৰী কমৰ ৷

Tokyo Olympics, Day 3: Mary Kom wins, enters Round of 16
টকিঅ’ অলিম্পিকৰ তৃতীয় দিন: ৰাউণ্ড 16 প্ৰৱেশ মেৰী কমৰ

স্পৰ্টচ ডেস্ক, 25 জুলাই : চলিত টকিঅ’ অলিম্পিকত (Tokyo olympics) মহিলাৰ 52 কেজি শাখাৰ ৰাউণ্ড 32ত জয়লাভ কৰি ৰাউণ্ড 16ত প্ৰৱেশ কৰে 6 বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক মেডেলিষ্ট এম চি মেৰী কম (M C Mary Com) ৷ দেওবাৰে ডমিনিকান ৰিপাব্লিকৰ হেৰনাণ্ডেজ গাৰ্চিয়াক পৰাস্ত কৰি ৰাউণ্ড 16ত প্ৰৱেশ কৰে মেৰী কমে ৷ প্ৰতিযোগিতাখনিত উপস্থিত থকা 5 গৰাকী বিচাৰকে এই সিদ্ধান্ত প্ৰদান কৰে ৷ ইয়াৰে তিনিগৰাকী বিচাৰকে মেৰীৰ পক্ষত মত প্ৰদান কৰাৰ বিপৰীতে দুগৰাকী বিচাৰকে হেৰনাণ্ডেজৰ পক্ষত মত প্ৰদান কৰে ৷

দেওবাৰৰ খেলখনত গাৰ্চিয়াৰ বিপৰীতে কিছুমান চমকপ্ৰদ কৌশল প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায় মেৰী কমক ৷ আনহাতে, অহা 29 জুলাইত কলোম্বিয়ান বক্সাৰ ইংগ্ৰিত ভেলেনচিয়াৰ মুখামুখী হ’ব মেৰী কম ৷ ইংগ্ৰিত ভেলেনচিয়াই 2016 চনৰ ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক- Tokyo Olympics : বেডমিন্টনৰ একক শাখাত পি ভি সিন্ধুৰ প্ৰথম বিজয়

Last Updated :Jul 26, 2021, 6:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.