Tokyo Olympics : বেডমিন্টনৰ একক শাখাত পি ভি সিন্ধুৰ প্ৰথম বিজয়

author img

By

Published : Jul 25, 2021, 9:02 AM IST

tokyo-olympics-day-2-pv-sindhu-beats-ksenia-polikarpova-in-womens-singles-group-stage

দেওবাৰে টকিঅ' অলিম্পিকৰ গ্ৰুপ পৰ্যায়ৰ মহিলাৰ চিংগল খেলখনত ইজৰাইলৰ কেচনিয়া পলিকাৰপোভাক(Ksenia Polikarpova ) ২১-৭, ২১-১০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে বিশ্ব চেম্পিয়ন বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু(PV Sindhu) ৷ ইফালে, ৰ’ৱিঙত অৰ্জুন লাল জাট (Arjun Lal Jat) আৰু অৰবিন্দ সিঙ(and Arvind Singh)ৰ যুটিয়ে ছেমিফাইনেলৰ বাবে দুয়ো যোগ্যতা অৰ্জন কৰিছে ।

স্প’ৰ্টছ ডেস্ক, 25 জুলাই : টকিঅ’ অলিম্পিক(Tokyo olympic)ত বিশ্ব চেম্পিয়ন বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুয়ে(PV Sindhu) অৰ্জন কৰিছে প্ৰথমটো সফলতা ৷ দেওবাৰে সিন্ধুৱে টকিঅ' অলিম্পিকৰ গ্ৰুপ পৰ্যায়ৰ মহিলাৰ চিংগল খেলখনত ইজৰাইলৰ কেচনিয়া পলিকাৰপোভাক(Ksenia Polikarpova ) ২১-৭, ২১-১০ ব্যৱধানত পৰাস্ত কৰে । ইজৰাইলৰ কেচনিয়া পলিকাৰপোভাক পৰাস্ত কৰা এই খেলখনত সিন্ধুৰ প্ৰদৰ্শন যথেষ্ট উন্নত হোৱালৈ চাই ক্ৰীড়া সমালোচক সকলে মেডেল লাভৰ ক্ষেত্ৰত পি ভি সিন্ধু এতিয়া পূৰ্ণ দাবীদাৰ বুলি মত পোষণ কৰিছে ।

উল্লেখযোগ্য যে, 2016 চনৰ ৰিঅ’ অলিম্পিকত পিভি সিন্ধুৱে ৰূপৰ পদক অৰ্জন কৰি ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷ ৰিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ৰ সৈতে পি ভি সিন্ধু অলিম্পিকত বেডমিন্টনৰ ফাইনেল খেল খেলা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হৈছিল ৷ ইয়াৰোপৰি হোৱা প্ৰথম গৰাকী ভাৰতীয় বেডমিন্টনৰ বিশ্ব চেম্পিয়ন হোৱাৰ সন্মান পিভি সিন্ধুৱে ইতিমধ্যে, অৰ্জন কৰিছে ৷

ইফালে, দেওবাৰে টকিঅ' অলিম্পিকত ভাৰতীয় ৰ’ৱাৰ(Indian Rowers) সকলেও এক সুন্দৰ প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে ৷

অৰ্জুন লাল জাট (Arjun Lal Jat) আৰু অৰবিন্দ সিঙ(Arvind Singh)ৰ যুটিয়ে অসাধাৰণ প্ৰদৰ্শন কৰি তৃতীয় স্থান লাভ কৰিছে ৷ টকিঅ' অলিম্পিকত পুৰুষৰ লাইটৱেট ডাবল স্কুলছ ৰিপেচেজৰ ছেমিফাইনেলৰ বাবে দুয়ো ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছে । ভাৰতীয় যুটিটোৱে 6:51:36 মিনিটত ৰ’ৱিং(rowing) সম্পন্ন কৰিছিল । তালিকাৰ শীৰ্ষত থকা পোলেণ্ডৰ জেৰ্জি কোৱালস্কি আৰু আৰ্তুৰ মিকোলাজকজেৱস্কিয়ে 6:43.44 মিনিটত ৰ’ৱিং সম্পন্ন কৰিছিল । অনাগত ২৭ জুলাইত ভাৰতীয় যুটিটোৱে ছেমি ফাইনেলত প্ৰতিদ্বন্দিতা কৰিব ।

লগতে পঢ়ক : অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাইৰ জন্মস্থান মণিপুৰত বিজয় উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.