ETV Bharat / sports

বেংগালুৰুত অনুশীলন আৰম্ভ ভাৰতীয় পুৰুষ-মহিলা হকী দলৰ

author img

By

Published : Jun 4, 2020, 1:53 PM IST

Men's, women's hockey teams resume on-field training at SAI centre in Bengaluru
Men's, women's hockey teams resume on-field training at SAI centre in Bengaluru

যাৱতীয় সকলো সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰাৰ পাচতেই দীৰ্ঘদিনৰ বিৰতিৰ পাচত বেংগালুৰু ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণ কেন্দ্ৰত অনুশীলন আৰম্ভ ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলৰ ।

স্পৰ্টছ ডেস্ক, 4 জুনঃ চৰকাৰী নীতি-নিয়ম আৰু যাৱতীয় সকলো সুৰক্ষা ব্য়ৱস্থা সুনিশ্চিত কৰাৰ পাচতেই বেংগালুৰু ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণ কেন্দ্ৰত অনুশীলন আৰম্ভ ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলৰ । লক্ ডাউনৰ প্ৰায় দুমাহ সময়ৰ অন্তত পোন প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক ভাৱে অনুশীলন শিৱিৰত অংশগ্ৰহণ দল সমূহৰ । সুশৃংখল আৰু পদ্ধতিগত ভাৱে সকলো নীতি-নিয়মৰ মাজৰে অনুশীলন আৰম্ভ কৰিছে মহিলা আৰু পুৰুষ উভয় দলটোৰে।

Men's, women's hockey teams resume on-field training at SAI centre in Bengaluru
ভাৰতীয় মহিলা হকী দলৰ অনুশীলন আৰম্ভ

দীৰ্ঘদিনৰ বিৰতিৰ পাচত প্ৰত্যাৱৰ্তন কৰাৰ ফলতেই প্ৰাৰম্ভিক পৰ্যায়ত খেলুৱৈ সকলক অতি কম-কম সময়ৰ বাবে কৰোৱা হৈছে অনুশীলন । খেলুৱৈসকল যাতে কোনো ধৰণৰ আঘাতৰ সন্মুখীন হ'বলগীয়া নহয় সেই দিশটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে হকী ইণ্ডিয়াৰ ফালৰ পৰা ।

শেহতীয়াকৈ হকী ইণ্ডিয়াৰ ফালৰ পৰা ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰৰ বাবে ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালৰ নাম মনোনীত কৰাৰ বিপৰীতে অৰ্জুন বঁটা পুৰস্কাৰৰ বাবে বন্দনা কটাৰিয়া, মনিকা আৰু পুৰুষ হকী খেলুৱৈ হৰমনপ্ৰীত সিঙৰ নাম প্ৰেৰণ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.