ETV Bharat / sports

অলিম্পিক টেষ্ট ইভেন্টৰ প্ৰথম মেচত জয়ী ভাৰতীয় মহিলা হকী দল

author img

By

Published : Aug 17, 2019, 5:07 PM IST

অলিম্পিক টেষ্ট ইভেন্টৰ প্ৰথম মেচত জয়ী ভাৰতীয় মহিলা হকী দল

অলিম্পিক টেষ্ট ইভেন্টৰ প্ৰথম মেচতে জাপানক পৰাজিক কৰি জয়ী হ'বলৈ সক্ষম হৈছে ভাৰতৰ মহিলা হকী দল ৷

স্পৰ্টছ ডেস্ক, 17 আগষ্ট : শনিবাৰে অনুষ্ঠিত হোৱা অলিম্পিক টেষ্ট ইভেন্টৰ প্ৰথমখন মেচত জাপানক পৰাস্ত কৰে ভাৰতীয় মহিলা হকী দলে ৷ ট'কিঅ'ৰ অ'ই হকী ষ্টেডিয়ামত অনুষ্ঠিত মেচত ভাৰতে 2 - 1 ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয় ৷ 9 মিনিটত ভাৰতৰ হৈ প্ৰথমটো গ'ল দিয়ে গুৰজীত সিঙে, কিন্তু আয়োজক জাপানৰ হৈ আকি মিটছুহাছিয়ে 16 মিনিটত এটা গ'ল কৰে ৷

ইয়াৰ পাছতে 35 মিনিটত গুৰজীতে আন এটা গ'ল দি ভাৰতক অগ্ৰগতি দিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, ভাৰতে আগষ্টৰ 18 তাৰিখে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ'ব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.