ETV Bharat / sports

ISL 7 : আজিৰ মেচত মুম্বাই চিটীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এচচি ইষ্ট বেংগল

author img

By

Published : Dec 1, 2020, 2:28 PM IST

আজিৰ মেচত মুম্বাই চিটীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এচচি ইষ্ট বেংগল ৷ জিএমচি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচ ৷

ISL 7
মুম্বাই চিটী বনাম ইষ্ট বেংগল

স্পৰ্টছ ডেস্ক, 1 ডিচেম্বৰ : মঙলবাৰে জিএমচি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আইএছএলৰ এখন মেচ ৷ মেচখনত মুখামুখি হ'ব দুই শক্তিশালী দল এচচি ইষ্ট বেংগল আৰু মুম্বাই চিটী এফচি ৷ এটিকে মোহন বাগানৰ বিৰুদ্ধে 2-0 ব্যৱধানত পৰাস্ত হ'লেও পূৰ্বৰ মেচত ৰবী ফৌলাৰৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত ইষ্ট বেংগল দলে ভাল প্ৰদৰ্শন আগবঢ়াইছিল ৷

ISL 7
মুম্বাই চিটী এফচি

আনহাতে, প্ৰাক্তন নৰৱিক চিটীৰ খেলুৱৈ অন্থনী পিলকিংটনে মিডফিল্ডত প্ৰতিপক্ষক ভাবুকি প্ৰদান কৰিবলৈ সক্ষম হৈছিল ৷ শক্তিশালী এটিকে মোহন বাগানৰ বিৰুদ্ধে ডিফেন্সত বিফল হোৱা বাবে পৰাজয়ৰ সন্মুখীন হৈছিল এচচি ইষ্ট বেংগল ৷

ISL 7
এচচি ইষ্ট বেংগল

উল্লেখ্য যে, পূৰ্বে এফচি গোৱাক 1-0 গ'লত পৰাস্ত কৰা ছাৰ্জিঅ' লোবেৰাৰ মুম্বাই চিটী এফচিৰ বিৰুদ্ধে আজিৰ মেচত অৱতীৰ্ণ হ'ব নতুনকৈ গঠন কৰা ইষ্ট বেংগল দল ৷ এই দলটোৱে ফৰৱাৰ্ড আৰু ডিফেন্সত শক্তিশালী প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : মাজুলীত অত্যাধুনিক ক্ৰিকেট খেলপথাৰৰ আধাৰশিলা স্থাপন মুখ্য়মন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.