ETV Bharat / sports

NEUFC ৰ হৈ দুভৰিৰ যাদু দেখাবলৈ সাজু ৰাকেশ প্ৰধান

author img

By

Published : Sep 17, 2019, 11:18 PM IST

আৰম্ভ হ’ব আই এছ এলৰ ষষ্ঠ সংস্কৰণ ৷ পুনৰ ফুটবল জ্বৰ আক্ৰান্ত হ'ব দেশৰ লগতে সমগ্ৰ ৰাজ্য ৷ আই এছ এলত এইবাৰ পোন প্ৰথমবাৰৰ বাবে দেখা পোৱা যাব অসমৰ ডিমা হাছাওৰ প্ৰতিভাৱান ফুটবলাৰ ৰাকেশ প্ৰধানক ৷

NEUFC ৰ হৈ দুভৰিৰ যাদু দেখাবলৈ সাজু ৰাকেশ প্ৰধান

স্পৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰঃ ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ISL ৰ ষষ্ঠ সংস্কৰণ ৷ আই এছ এলত পোন প্ৰথমবাৰৰ বাবে এইবাৰ দেখা পোৱা যাব অসমৰ ডিমা হাছাওৰ প্ৰতিভাৱান ফুটবলাৰ ৰাকেশ প্ৰধানক ৷ আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ বাবে ইতিমধ্যেই চুক্তিবদ্ধ কৰা হৈছে অসমৰ খেলুৱৈগৰাকীক । দলটোৱে অহা 21 অক্টোবৰত বেংগালুৰু এফ চিৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ২৬ অক্টোৱৰত প্ৰথমখন ঘৰুৱা মেচত দিল্লী ডাইনামোছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷

NEUFC ৰ হৈ দুভৰিৰ যাদু দেখাবলৈ সাজু ৰাকেশ প্ৰধান

শ্বিলং লাজং এফ চিৰ পৰা ফুটবল জগতত অভিষেক ঘটিছিল 22 বছৰীয়া অসমৰ যুৱ প্ৰতিভাৱান খেলুৱৈ ৰাকেশ প্ৰধানৰ ৷ শেহতীয়াকৈ উন্নতমানৰ খেল প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৰাকেশ প্ৰধানে । যাৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলত অন্তৰ্ভুক্ত কৰা হৈছে ডিফেণ্ডাৰ খেলুৱৈগৰাকীক । ইতিমধ্যে কঠোৰ অনুশীলন আৰম্ভ কৰিছে খেলুৱৈগৰাকীয়ে ।

শ্বিলং লাজং এফ চিৰ পৰা আই এছ এলৰ এই যাত্ৰা সম্বন্ধে ইটিভি ভাৰতৰ আগত খেলুৱৈগৰাকীয়ে কলে, ‘‘ধৈৰ্য আৰু ত্যাগৰ ফলতে এগৰাকী ভাল খেলুৱৈ হ'ব পাৰি । আই এছ এলত উন্নত খেল প্ৰদৰ্শন কৰি অসমৰ নাম উজলাবলৈ যথোপযুক্ত চেষ্টা চলাম ৷’’ এতিয়া অপেক্ষা মাথো ISL ৰ মহাযুদ্ধলৈ ৷ ইটিভিৰ ভাৰতৰ তৰফৰ পৰাও প্ৰতিভাৱান খেলুৱৈগৰাকীক অলেখ শুভকামনা ।

Intro:Gfx- 1) পুণৰ ফুটবল জ্বৰত আক্ৰান্ত হ'ব গুৱাহাটীবাসী।
2) ফিফাৰ পিছত এইবাৰ আই এছ এল।
3) ২৬ অক্টোবৰত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড মুখামুখি হ'ব দিল্লী ডাইনামোছৰে।
4) এইবাৰ নৰ্থ ইষ্ট ইউনাইটেডত থাকিব অসমৰ ৰাকেশ প্ৰধান।

V/O- 1) ২০ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব ইণ্ডিয়ান ছুপাৰ লীগ। পুণৰ ফুটবল জ্বৰ আক্ৰান্ত হ'ব দেশৰ লগতে মহানগৰীৰ ক্ৰীড়াপ্ৰেমী। খেলৰ সূচী অনুসৰি ২৬ অক্টোবৰত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ'ব দিল্লী ডাইনামোছৰে। গুৱাহাটীৰ ইন্দিৰা গান্ধী এথেলেটিক ষ্টেডিয়ামত ২৬ তাৰিখে প্ৰথমখন খেল অনুষ্ঠিত হ'ব এই খেলখন। এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চিত থাকিব অসমৰ ডিমা হাছাওৰ প্ৰতিভাৱান ফুটবলাৰ ৰাকেশ প্ৰধান। আই এছ এলৰ ৬ সংস্কৰণৰ বাবে ইতিমধ্যেই চুক্তিবদ্ধ কৰা হৈছে অসমৰ খেলুৱৈগৰাকীক।
Byte- ৰাকেশ প্ৰধান, ফুটবলাৰ




Body:V/O- 2) শ্বিলং লাজং এফ চিৰ পৰা ফুটবল জগতত নামি পৰিছিল অসমৰ এইগৰাকী খেলুৱৈ। শেহতীয়াকৈ উন্নতমানৰ খেল প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৰাকেশ প্ৰধানে। যাৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলত অন্তৰ্ভুক্ত হৈছিল এইগৰাকী ডিফাইডাৰ। ইফালে আই ইছ এলৰ বাবে কঠোৰ অনুশীলন আৰম্ভ কৰিছে খেলুৱৈগৰাকীক। শ্বিলং লাজং এফ চিৰ পৰা আই এছ এলৰ এই যাত্ৰা সম্বন্ধে ৰাকেশ প্ৰধানে বিৱৰি ক'লে ইটিভি ভাৰতৰ আগত।
Byte- Byte- ৰাকেশ প্ৰধান, ফুটবলাৰ

End V/O- ধৈৰ্য আৰু ত্যাগৰ ফলতে এগৰাকী ভাল খেলুৱৈ হ'ব পাৰি। ক'লে ৰাকেশ প্ৰধানে। আই এছ এলত পাৰ্যমানে উন্নত খেল প্ৰদৰ্শন কৰি অসমৰ নাম উজলাব বুলি মন্তব্য কৰে খেলুৱৈগৰাকীয়ে। ইটিভিৰ ভাৰতৰ তৰফৰ পৰাও প্ৰতিভাৱান খেলুৱৈগৰাকীলৈ যাঁচিলো অলেখ শুভকামনা।


Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.