ETV Bharat / sports

ষষ্ঠবাৰৰ বাবে চেম্পিনয়ছ লীগ চেম্পিয়ন বেয়ার্ন মিউনিখ

author img

By

Published : Aug 24, 2020, 3:15 PM IST

Flawless Bayern beat PSG to win 'record' sixth Champions League title
Flawless Bayern beat PSG to win 'record' sixth Champions League title

দেওবাৰে চেম্পিয়নছ লীগৰ চূড়ান্ত মেচত জয় লাভ বেয়ার্ন মিউনিখৰ ৷ ষষ্ঠবাৰৰ বাবে চেম্পিনয়ছ লীগৰ খিতাপ দখল দলটোৰ ৷

স্পৰ্টছ ডেস্ক, 24 আগষ্ট : প্ৰথমবাৰৰ বাবে চেম্পিয়নছ লীগৰ ফাইনেলত অৱতীৰ্ণ হোৱা পেৰিছ ছেণ্ট জাৰ্মেনক পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে চেম্পিনয়ছ লীগৰ খিতাপ দখল বেয়ার্ন মিউনিখৰ ৷ চূড়ান্ত মেচখনত একমাত্ৰ গ’লৰ বিনিময়ত জয়ী হয় বেয়ার্ন মিউনিখ দলটো ৷

চেম্পিয়নছ লীগৰ ফলাফল
চেম্পিয়নছ লীগৰ ফলাফল

বেয়াৰ্ন মিউনিখৰ হৈ 59 মিনিটত একমাত্ৰ গ’লটো কৰিবলৈ সক্ষম হয় কিংগ্ছলী ক’মানে ৷ হেডাৰৰ যোগেদি গ’ল কৰি দলটোৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ক’মানে ৷ ইয়াৰ পাচত দুয়োটা দলৰ হৈ নিৰ্ধাৰিত সময়লৈ আন এটাও গ’ল কৰিবলৈ সক্ষম নহয় আৰু মেচখন 1-0 গ’লত নিজৰ নাম কৰে বেয়াৰ্ন মিউনিখে ৷

বেয়ার্ন মিউনিখৰ প্ৰশিক্ষক
বেয়ার্ন মিউনিখৰ প্ৰশিক্ষক

উল্লেখ্য যে, মেচখনত পেৰিছ ছেণ্ট জাৰ্মেনৰ হৈ নেইমাৰে দুবাৰকৈ আৰু কিলিয়ন এম্বাপ্পেয়ে এবাৰকৈ গ’ল কৰাৰ সুন্দৰ সুযোগ লাভ কৰিও গ’ল কৰাত ব্যৰ্থ হয় ৷

বেয়ার্ন মিউনিখ দলটো ইয়াৰ পূৰ্বে 2013 চনত চেম্পিয়ন হোৱাৰ বিপৰীতে 1974, 1975, 1976 আৰু 2001 চনতো খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে পেৰিছ ছেণ্ট জাৰ্মেন পোন প্ৰথমবাৰৰ বাবে ফাইনেলত স্থান লাভ কৰিছিল ৷

কৰ’ণা ভাইৰাছৰ ফলত UEFA চেম্পিনয়ছ লীগ আৰম্ভ হোৱাৰ 425 দিনৰ অন্তত চূড়ান্ত মেচখন আয়োজন কৰা হৈছিল ৷

লগতে চাওক-বিৰাট নেতৃত্বাধীন ভাৰতীয় টেষ্ট দলটো হৈছে সৰ্বশ্ৰেষ্ঠ দল : সুনীল গাভাস্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.