ETV Bharat / sports

17 টা সফল ছিজনৰ অন্তত বাৰ্চিলোনাৰে বিচ্ছিন্ন মেছি

author img

By

Published : Aug 6, 2021, 12:53 PM IST

Barcelona says Messi won't stay with the club
17 টা সফল ছিজনৰ অন্তত বাৰ্চিলোনাৰে বিচ্ছিন্ন মেছি

বাৰ্চিলোনাৰ সৈতে আৰু দেখা নাযাব লিঅ'নেল মেছিক ৷ বিত্তীয় সমস্যাৰ বাবে মেছিক ক্লাবত ৰাখিবলৈ অপাৰগ হৈছে বাৰ্চিলোনা ক্লাব ৷ অৱশেষত 17 টা সফল ছিজনৰ পাচত বাৰ্চিলোনা ক্লাব ত্যাগ কৰিব লিঅ'নেল মেছিয়ে ৷ বিগত 30 জুনত সমাপ্ত হৈছে ক্লাবৰ সৈতে মেছিৰ চুক্তিৰ অন্তিম ম্যাদ ৷

স্পৰ্টছ ডেস্ক, 6 আগষ্ট : সুদীৰ্ঘ 17 টা সফল চিজনৰ অন্তত বাৰ্চিলোনা আৰু মেছি যুগৰ অৱসান ঘটিল ৷ ফুটবল তাৰকা গৰাকীক বাৰ্চিলোনাৰ হৈ খেল প্ৰদৰ্শন কৰা আৰু দেখিবলৈ পোৱা নাযাব ৷ বাৰ্চিলোনা ক্লাৱৰ সৈতে মেছিক আৰু দেখিবলৈ পোৱা নাযাব বুলি বৃহস্পতিবাৰে ক্লাবটোৱে ঘোষণা কৰে ৷ মেছিক ক্লাবটোৰ সৈতে ৰখাত নিজৰ অপাৰগতাৰ কথা সদৰী কৰি বাৰ্চিলোনাই কয় যে, Spanish leagueৰ বিত্তীয় নিয়মাৱলীৰ বাবে আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ গৰাকীক নতুন চুক্তিৰ বাবে স্বাক্ষৰিত কৰাতো অসম্ভৱ হৈ পৰিছে ৷

উল্লেখ্য যে, Catalan clubটোক গৌৰৱৰ শিখৰলৈ আগুৱাই নি সুদীৰ্ঘ 17 টা সফল ছিজনৰ পাচত মেছিয়ে বাৰ্চিলোনা ত্যাগ কৰিছে ৷ বাৰ্চিলোনাৰ সৈতে যাত্ৰা আৰম্ভ কৰাৰ পৰা মেছিয়ে ক্লাবটোক অসংখ্য ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জনত সহায় কৰিছে ৷

এক বিবৃতিযোগে বাৰ্চিলোনাই কয় যে, এক নতুন চুক্তি সাজু কৰা হৈছিল হৈছিল যদিও বিত্তীয় সমস্যাই খেলুৱৈগৰাকীক ক্লাৱত ৰখাৰ ক্ষেত্ৰত বাধা হৈ থিয় দিছে ৷ ক্লাৱ আৰু খেলুৱৈ দুয়োৰে নতুন চুক্তিত স্বাক্ষৰ কৰাৰ স্পষ্ট অভিপ্ৰায় থাকিলেও বিত্তীয় আৰু গাঁথনিগত সমস্যাৰ বাবে এইয়া হৈ উঠাটো প্ৰায় অসম্ভৱ হৈ পৰিছে ৷

খেলুৱৈগৰাকীক এক নতুন চুক্তিত স্বাক্ষৰ কৰাই ক্লাৱত ৰখাৰ ক্ষেত্ৰত অনুমতি নিদিয়াৰ বাবে ক্লাবে Spanish league regulationক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে ৷ ক্লাৱটোৰ সৈতে তাৰকা খেলুৱৈগৰাকীৰ চুক্তিৰ ম্যাদ 30 জুনত শেষ হৈছিল ৷ খেলুৱৈগৰাকীক নিজৰ লগত ৰাখিব নোৱাৰাত দুখ প্ৰকাশ কৰি ক্লাৱে কয় যে, ক্লাৱ আৰু খেলুৱৈগৰাকী দুয়োৰে ইচ্ছা অৱশেষত পূৰণ নহ'ব আৰু ইয়াৰ বাবে দুয়োটা দলেই গভীৰভাৱে দুখী ৷

উল্লেখ্য যে, বিগত চিজনৰ শেষত বিনামূলীয়াকৈ বাৰ্চিলোনা এৰিব বিচাৰিছিল যদিও তেতিয়াৰ সভাপতি Josep Bartomeuয়ে খেলুৱৈগৰাকীৰ অনুৰোধ অস্বীকাৰ কৰে ৷ ইয়াৰ পাচতে Joan Laportaই সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু খেলুৱৈগৰাকীক ক্লাৱৰ সৈতে থাকিবলৈ সৈমান কৰে ৷ কিন্তু, শেহতীয়াকৈ Laportaই খেলুৱৈগৰাকীক দৰমহা দিয়াৰ বাবে যথেষ্ট কষ্ট কৰিবলগা হৈছে বুলি দাবী কৰিছিল ৷

লগতে পঢ়ক: টকিঅ' অলিম্পিক: দুৰ্দান্ত প্ৰদৰ্শনেৰে 4-3 গ’লত থমকিল ভাৰতীয় মহিলা হকী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.