টকিঅ' অলিম্পিক: দুৰ্দান্ত প্ৰদৰ্শনেৰে 4-3 গ’লত থমকিল ভাৰতীয় মহিলা হকী দল

author img

By

Published : Aug 6, 2021, 11:00 AM IST

India miss Bronze by a sliver, take home a million hearts

ব্ৰঞ্জ দখলৰ পৰা বিমুখ ভাৰতীয় মহিলা হকী দল ৷ 3-4 ব্যৱধানত গ্ৰেট ব্ৰিটেইনৰ হাতত পৰাজিত হয় ভাৰতীয় দলটো ৷ অৱশ্যে আৰ্জেণ্টিনাৰ বিৰুদ্ধে শেষৰখন খেলত ইতিমধ্যে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিক প্ৰদৰ্শনৰ ৰেকৰ্ড ৰাখিবলৈ সক্ষম হৈছে মহিলা হকীৰ দলটো ৷

স্পৰ্টছ ডেস্ক, 6 আগষ্ট: প্ৰায় এটা দশক ধৰি ভাৰতীয় সকলৰ হৃদয়ত গুঞ্জৰিত হৈ অহা 'Chak de' মূহুৰ্ত দিঠকত পৰিণত ন'হল ৷ অৱশ্যে পৰাজয় বৰণ কৰিলেও বহু লোকৰ হৃদয় জিনি ভাৰতৰ মাটিত পদাৰ্পন কৰিব মহিলা হকীৰ দলটোৱে ৷ শুকুৰবাৰে ৰাণী ৰামপালৰ নেতৃত্বত ভাৰতীয় মহিলা হকী দলটোৱে ব্ৰঞ্জৰ বাবে গ্ৰেট ব্ৰিটেইনৰ হাতত পৰাজিত হোৱাৰ পাচতে লাখ লাখ ভাৰতীয়ই অতি আশাৰে বাট চাই থকা 'Chak de' মূহুৰ্তটো পুনৰ এবাৰৰ বাবে ৰীলতেই সীমাৱদ্ধ হৈ থাকিল ৷

Scoreline আছিল 3-4 ৷

সুদীৰ্ঘ 41 বছৰৰ পাচত অলিম্পিক পদক দখল কৰি ভাৰতীয় পুৰুষ হকী দলে বৃহস্পতিবাৰে অলিম্পিকত পুনৰ ইতিহাস ৰচনা কৰিছিল ৷ জাৰ্মানীক 5-4 ত পৰাস্ত কৰি ব্ৰঞ্জ লাভ কৰিবলৈ হৈছিল ভাৰতীয় পুৰুষ হকী দল ৷ যদিও, মহিলা হকী দলটোৱে শুকুৰবাৰে ইতিহাস ৰচনা কৰাৰ পুনৰাবৃত্তি কৰাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ সন্মুখীন হ'ল, তথাপি মহিলা দলটোৰ যি প্ৰদৰ্শন সেইয়া নিশ্চয়কৈ ভাৰতৰ বাবে পদক অৰ্জন কৰাতকৈ কোনোগুণে কম নহয় ৷

লগতে পঢ়ক: পদক বিজয়ী হকী খেলুৱৈলৈ 1 কোটিৰ উপহাৰ

আৰ্জেণ্টিনাৰ বিৰুদ্ধে শেষৰখন খেলত মহিলা হকীৰ দলটোৱে ইতিমধ্যে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিক প্ৰদৰ্শনৰ ৰেকৰ্ড ৰাখিবলৈ সক্ষম হৈছে ৷ গতিকে, ভাৰতলৈ উভতি অহাৰ সময়ত নিশ্চয়কৈ প্ৰতিগৰাকী খেলুৱৈয়ে মূৰ ওপৰলৈ কৰি গৰ্বেৰে থিয় হ'ব ৷

খেলখনৰ প্ৰতিটো কোৱাৰ্টাৰৰ সৱিশেষ:

প্ৰথম কোৱাৰ্টাৰ আৰম্ভ হোৱাৰ দুই মিনিটৰ ভিতৰতে ভাৰতীয় দলটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ প্ৰথম কোৱাৰ্টাৰতে গ্ৰেট ব্ৰিটেইনে প্ৰথমটো penalty corner লাভ কৰে ৷ অৱশ্যে সবিতা পুনিয়াই দলটোক এই ক্ষতিৰ পৰা ৰক্ষা কৰে ৷ দুয়োটা দলেই যথেষ্ট আক্ৰমণাত্মক আছিল আৰু প্ৰথমটো কোৱাৰ্টাৰ 0-0 ত সমাপ্ত হয় ৷

লগতে পঢ়ক: Tokyo Olympics : জাৰ্মানীক হৰুৱাই ব্ৰঞ্জ দখল ভাৰতীয় পুৰুষ হকী দলৰ

দ্বিতীয় কোৱাৰ্টাৰত পলকতে এটা গ'লৰ সৈতে গ্ৰেট ব্ৰিটেইনে অগ্ৰগতি লাভ কৰে ৷ গ্ৰীণ কাৰ্ডৰ বাবে নিশা উভতিব লগা হোৱাৰ বিপৰীতে চাৰা ৰবাৰ্টচনে (Sarah Robertson)আৰু এটা গ'ল দি গ্ৰেট ব্ৰিটেইনক আগুৱাই লৈ যায় ৷ ইয়াৰ সমান্তৰালকৈ ভাৰতেও defenceৰ বাবে প্ৰচেষ্টা অবিৰত প্ৰচেষ্টা অব্যহত ৰাখে ৷ অৱশেষত গুৰজিত কৌৰে ভাৰতৰ হৈ প্ৰথমটো গ'ল দিয়ে ৷ ক্ষন্তেক পাছতে scoreline 2-2 লৈ পৰিৱৰ্তিত হয় ৷ পুনৰ অন্য এটা স্কৰ লাভ কৰাৰ লগতে ভাৰতৰ পক্ষত 3-2 ৰে দ্বিতীয়টো কোৱাৰ্টাৰৰ সামৰণি পৰে ৷

তৃতীয়টো কোৱাৰ্টাৰে সমগ্ৰ খেলখনৰ নিৰ্ণায়ক ভূমিকা পালন কৰে ৷ দুয়োটা দলেই 3-3 ত থাকি তৃতীয়টো কোৱাৰ্টাৰ সামৰে ৷

চতুৰ্থ কোৱাৰ্টাৰত গ্ৰেছ বালচডনে অন্য এটা গ'লেৰে সৈতে গ্ৰেট ব্ৰিটেইনক টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকৰ বাবে আগুৱাই লৈ যায় ৷

লগতে পঢ়ক: Tokyo Olympics: মল্লযুঁজত ৰূপৰ পদক লাভ ৰবি কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.