ETV Bharat / sports

চেম্পিয়নছ লীগৰ ফাইনেলত পেৰিছ ছেইন্ট জাৰ্মেইন বনাম বেয়াৰ্ণ মিউনিখ

author img

By

Published : Aug 20, 2020, 10:50 AM IST

Bayern Munich defeat Lyon, sets date with PSG in Champions League final
চেম্পিয়নছ লীগৰ ফাইনেলত পেৰিছ ছেইন্ট জাৰ্মেইন বনাম বেয়াৰ্ণ মিউনিখ

বুণ্ডেলছিগা চেম্পিয়ন বেয়াৰ্ণ মিউনিখে চেম্পিয়নছ লীগৰ দ্বিতীয় ছেমি ফাইনেলত লিয়নক 3-0 ব্যৱধানত পৰাস্ত কৰে ৷ উল্লেখ্য যে, জ'ছ আলভালাডে ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হৈছিল দ্বিতীয়খন ছেমি ফাইনেল ৷ এই জয়ৰ ফলত চেম্পিয়নছ লীগৰ ফাইনেলত দেখা পোৱা যাব পেৰিছ ছেইন্ট জাৰ্মেইন আৰু বেয়াৰ্ণ মিউনিখক ৷

স্পৰ্টছ ডেস্ক, 20 আগষ্ট : বুণ্ডেলছিগা চেম্পিয়ন বেয়াৰ্ণ মিউনিখে চেম্পিয়নছ লীগৰ দ্বিতীয় ছেমি ফাইনেলত লিয়নক 3-0 ব্যৱধানত পৰাস্ত কৰে ৷ উল্লেখ্য যে, জ'ছ আলভালাডে ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হৈছিল দ্বিতীয়খন ছেমি ফাইনেল ৷

চেম্পিয়নছ লীগৰ ফাইনেলত পেৰিছ ছেইন্ট জাৰ্মেইন বনাম বেয়াৰ্ণ মিউনিখ
লিয়নক 3-0 ব্যৱধানত পৰাস্ত বেয়াৰ্ণ মিউনিখৰ

ইয়াৰ ফলত 23 আগষ্টত অনুষ্ঠিত হ'বলগা টুৰ্ণামেন্টৰ ফাইনেলত পেৰিছ ছেইন্ট জাৰ্মেইনৰ (PSG) মুখামুখি হ'ব বেয়াৰ্ণ নিউনিখ ৷ লিয়নৰ বিৰুদ্ধে মেচত মিউনিখে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই প্ৰতিপক্ষৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় ৷

18 মিনিটত প্ৰতিযোগিতাৰ প্ৰথমটো গ'ল কৰে মিউনিখৰ ছাৰ্জে জিনাৰ্বিয়ে ৷ 33 মিনিটত পুনৰ জিনাৰ্বিয়ে আন এটা গ'ল কৰি নিজ দলক 2-0 ৰ অগ্ৰগতি প্ৰদান কৰে ৷ প্ৰতিযোগিতাৰ অন্তিম তথা চূড়ান্ত গ'লটো প্ৰদান কৰে ৰবাৰ্ট লেৱানডাউস্কিয়ে ৷ 88 মিনিটত ৰবাৰ্টৰ গ'লেৰে বেয়াৰ্ণ মিউনিখে 3-0 ৰ অগ্ৰগতি লাভ কৰাৰ লগতে প্ৰতিযোগিতাত জয় সাব্যস্ত কৰে ৷

আনহাতে, PSG ৰ ষ্ট্ৰাইকাৰ নেইমাৰক চেম্পিয়নছ লীগৰ ফাইনেলত অংশগ্ৰহণৰ অনুমতি লাভ নকৰাৰ আশংকাই দেখা দিছে ৷ প্ৰতিদ্বন্দীৰ সৈতে পৰিধান কৰা জাৰ্ছীৰ আদান-প্ৰদান কৰাৰ বাবেই প্ৰতিযোগিতাৰ ফাইনেলৰ নেইমাৰৰ অংশগ্ৰহণত অনিশ্চয়তাই দেখা দিছে ৷

চেম্পিয়নছ লীগৰ ফাইনেলত পেৰিছ ছেইন্ট জাৰ্মেইন বনাম বেয়াৰ্ণ মিউনিখ
PSG ৰ হাতত পৰাস্ত Leipzig

উল্লেখ্য যে, প্ৰথমখন ছেমিফাইনেলত PSG য়ে 3-0 ৰ ব্যৱধানত আৰ বি লেইপজিগৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিছিল আৰু প্ৰতিযোগিতাৰ অন্তত নেইমাৰে লেইপজিগৰ ডিফেণ্ডাৰ হালষ্টেনজিগৰ সৈতে চাৰ্ট সলনি কৰা দেখা গৈছিল ৷

চেম্পিয়নছ লীগৰ ফাইনেলত পেৰিছ ছেইন্ট জাৰ্মেইন বনাম বেয়াৰ্ণ মিউনিখ
নেইমাৰৰ ফাইনেলত অংশগ্ৰহণত অনিশ্চয়তা

চাৰ্টৰ আদান-প্ৰদান কৰাটো ফুটবলৰ এটা প্ৰথা যদিও বৰ্তমানৰ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে UEFA য়ে খেলুৱৈসকলক এই নিয়ম অনুসৰণ নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷

লগতে পঢ়ক : প্ৰাগ অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত সুমিত নাগাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.