ETV Bharat / sports

Year ender 2023: ভাৰতীয় ক্ৰিকেট দলৰ বাবে আশানুৰূপ নহ'ল ২০২৩ চনৰ সামৰণি

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 12:27 PM IST

ODI World Cup
ভাৰতীয় দলৰ বাবে আশানুৰূপ নহ'ল ২০২৩ চনৰ সামৰণি

Year Ender 2023: বিশ্বকাপ ২০২৩ৰ ফাইনেলত (ODI World Cup 2023) ভাৰতৰ প্ৰৱেশৰ মূল কাৰক আছিল অধিনায়ক ৰোহিত শৰ্মাৰ আক্ৰমণাত্মক ফৰ্ম, বিৰাট কোহলীৰ অভিভাৱকৰ ভূমিকা, মহম্মদ শ্বামীৰ বলিঙৰ চমৎকাৰ । অৱশ্যে খিতাপ জয়ৰ সপোন ভংগৰে সমাপ্তি ঘটিছিল প্ৰতিযোগিতাৰ । ২০২৩ চনৰ অন্তিম মুহূৰ্তত কোটি কোটি ভাৰতীয়ৰ হৃদয় ভাঙিছিল ।

স্পৰ্টছ ডেস্ক,২১ ডিচেম্বৰ : ভাল আৰু বেয়া অভিজ্ঞতাৰ মাজেৰে ২০২৩ চনটোক বিদায় দিবলৈ সাজু হৈছে বিশ্ববাসী । ভাৰতীয় ক্ৰিকেটৰ বাবেও এই বছৰটো মিশ্ৰিত আছিল। এইটো বৰ্ষতে ভাৰতত পুৰুষৰ বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাৰ পূৰ্বে দলটোৰ বিজয়ক লৈ ভাৰতীয় অনুৰাগীসকলৰ মাজত যথেষ্ট প্ৰত্যাশা আছিল । ঘৰুৱা সুবিধা আৰু কাৰকবোৰে সাধাৰণতে দলটোৰ সফলতাত এক ডাঙৰ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছিল ।

লগতে, ভাৰতীয় দল আৰু উৎসাহী অনুৰাগীসকলে যোৱা ১০ বছৰ ধৰি আইচিচি ট্ৰফীৰ পৰা বঞ্চিত হোৱাৰ অত্যাধিক বেদনাত ভুগি আছিল । কিন্তু সকলো আশা চূৰ্ণ-বিচূৰ্ণ কৰি পুনৰ এবাৰ এদিনীয়া বিশ্বকাপ সংস্কৰণত 'মেন ইন ব্লু'ৱে নিৰাশ কৰিলে অনুৰাগীসকলক । যাৰ বাবে এই চনটো ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আশানুৰূপ নহ'ল ।

এছিয়া কাপৰ আগৰ সময়ছোৱাত দলৰ দুগৰাকী অভিজ্ঞ তথা গুৰুত্বপূৰ্ণ বেটছমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক পৰ্যায়ক্ৰমে বিশ্ৰাম দিয়া হৈছিল । যাতে তেওঁলোকে শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতাখনত বেছিভাগ খেল খেলিব পাৰে । এছিয়া কাপ আৰম্ভ হোৱাৰ পূৰ্বে দুয়োগৰাকীৰ বিশ্ৰামক লৈ যথেষ্ট প্ৰতিক্ৰিয়াও হৈছিল । অৱশ্যে, প্ৰতিযোগিতাখনত তেওঁলোক দুয়োগৰাকী মুখ্য স্তম্ভ হিচাপে পৰিগণিত হৈছিল যাৰ ওপৰত ভাৰতীয় বেটিং অৰ্ডাৰে নিৰ্ভৰ কৰিছিল । প্ৰতিযোগিতাখনত ৩ গৰাকী খেলুৱৈ ক্ৰমে পেচাৰ যশপ্ৰীত বুমৰাহ, বেটছমেন শ্ৰেয়স আয়াৰ আৰু উইকেট-কীপাৰ কে এল ৰাহুলে দীৰ্ঘকালীন গুৰুতৰ আঘাতৰ পৰা উভতি অহাৰ বাবে উৎকণ্ঠাও বৃদ্ধি পাইছিল ।

ঘৰুৱা সুবিধা আৰু স্পিনাৰৰ মানদণ্ড বিবেচনা কৰি ভাৰতে ট্ৰফী তুলি ল'ব বুলি যথেষ্ট আশা কৰা হৈছিল । ইফালে অনুৰাগীসকলৰ গভীৰ চাপ নিয়ন্ত্ৰণ কৰাটো এটা কঠিন কাম আছিল । অৱশ্যে সকলো প্ৰত্যাহ্বানক মোকাবিলা কৰাৰ বাবে সাজু আছিল ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটো ।

'হিটমেন'ৰ আক্ৰমণাত্মক আৰম্ভণি

এগৰাকী অধিনায়ক হিচাপে ৰোহিত শৰ্মাই তেওঁৰ দলটোক নিজৰ প্ৰদৰ্শনেৰে নেতৃত্ব দিয়াত বিশেষ দায়িত্ব লৈছিল । তেওঁ গোটেই প্ৰতিযোগিতাখনৰ প্ৰথম ১০ অভাৰত (৪০১) সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল । য'ত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৩৫.০২ । তেওঁৰ আক্ৰমণাত্মক দৃষ্টিভংগীয়ে কেৱল দলটোক এক সুন্দৰ আৰম্ভণি দিয়াই নহয়, ই স্কোৰিঙৰ গতিও প্ৰদান কৰিছিল । এনে আক্ৰমণাত্মক দৃষ্টিভংগীয়ে তেওঁক বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেন হোৱাত সহায় কৰিছিল ।

অৱশ্যে আক্ৰমণাত্মক চৰিত্ৰৰ উপৰিও তেওঁ বেটিঙত অত্যন্ত ধৈৰ্য আৰু গম্ভীৰ চৰিত্ৰও দেখা গৈছিল । ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত যেতিয়া বাকী বেটছমেনসকলে সংগ্ৰাম কৰিছিল তেওঁ ১০১ টা বলত ৮৭ ৰাণৰ ইনিংছ খেলি ধৈৰ্যৰ পৰিচয় দিছিল । তেওঁৰ আক্ৰমণাত্মক আৰম্ভণি আৰু মিডল অৰ্ডাৰৰ আকৰ্ষণীয় প্ৰদৰ্শনে দলটোক শক্তিশালী স্ক'ৰলৈ লৈ যোৱাত সহায় কৰিছিল ।

অভিভাৱকৰ ভূমিকা আৰু মিডল অৰ্ডাৰক সহায়ৰ হাত কোহলীৰ

সীমিত অভাৰৰ খেলবোৰত যেনেদলে বেটিং লাইনআপত আক্ৰমণাত্মক বেটছমেনৰ প্ৰয়োজন, তেনেদৰে এংকৰ বা অভিভাৱকৰ ভূমিকা পালন কৰিব পৰা বেটছমেনৰ অতি প্ৰয়োজন । বিৰাট কোহলীয়ে পৰিস্থিতি নিৰীক্ষণ কৰি দায়িত্ববোৰ নিজৰ কান্ধত লৈছিল । ৰোহিত শৰ্মাই ভাৰতীয় বেটিং অৰ্ডাৰৰ বাবে এক লঞ্চপেডৰ কাম কৰিছিল আৰু কোহলীয়ে ক্ৰীজত থকাৰ সময়ত নিৰন্তৰ ৰাণৰ প্ৰবাহ নিশ্চিত কৰিছিল । তেওঁৰ সুন্দৰ ষ্ট্ৰোক-প্লে, বিশ্বমানৰ কৌশল আৰু স্ক'ৰিঙৰ ধাৰাবাহিকতাই তেওঁক ১১ টা ইনিংছত ৯৫.৬২ৰ গড়ৰ সৈতে প্ৰতিযোগিতাখনৰ শীৰ্ষ ৰাণ সংগ্ৰহকাৰী কৰি তুলিছিল । তেওঁ প্ৰতিযোগিতাখনত মুঠ ৭৬৫ ৰাণ সংগ্ৰহ কৰিছিল । ভাৰতৰ তাৰকা বেটছমেনগৰাকীয়ে কেৱল প্ৰতিযোগিতাখনৰ কেইবাটাও অভিলেখ ভংগ কৰাই নহয় তেওঁ আন বেটছমেনসকলক চাপ অবিহনে খেলাৰ ক্ষেত্ৰত সহায়কৰ ভূমিকা গ্ৰহণ লৈছিল ।

ইফালে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আঘাত প্ৰাপ্ত উইকেট-কিপাৰ বেটছমেন কে এল ৰাহুল আৰু পিঠিৰ আঘাতৰ বাবে ৬ সপ্তাহৰ বাবে খেলপথাৰৰ বাহিৰত থকা শ্ৰেয়স আয়াৰেও তেওঁলোকৰ ফৰ্মৰ ওপৰত সন্দেহ প্ৰকাশ কৰা সকলো সমালোচকক নীৰৱ কৰিবলৈ সক্ষম হৈছিল । দুয়োগৰাকী বেটছমেনৰ গড় ৫০ ৰ ওপৰত আছিল ।

হাৰ্দিক পাণ্ডিয়াৰ আঘাত : কৰোবাৰ বাবে আশীৰ্বাদ হৈ পৰিছিল

হাৰ্দিক পাণ্ডিয়া আৰু শাৰ্দুল ঠাকুৰে প্ৰাৰম্ভিক খেলসমূহত দলটোৰ হৈ পঞ্চম বলাৰৰ ভূমিকা পালন কৰি আছিল কিন্তু তেওঁলোকে বাংলাদেশৰ বিৰুদ্ধে খেলখনত তেওঁলোকৰ আটাইতকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । হাৰ্দিক পাণ্ডিয়াই তেওঁৰ বাওঁ ভৰিত আঘাত পাইছিল আৰু ফলস্বৰূপে ভাৰতে এগৰাকী টু-ইন-ৱান খেলুৱৈক হেৰুৱাইছিল । অৱশ্যে, দলটোৱে গুৰুত্বপূৰ্ণ অলৰাউণ্ডাৰৰ অনুপস্থিতিৰ পাছতে তেওঁলোকৰ ৰণনীতি সম্পূৰ্ণৰূপে সলনি কৰে আৰু পেচাৰ মহম্মদ শ্বামীৰ অন্তৰ্ভুক্তিৰ সৈতে বলিং গোটটো শক্তিশালী কৰাৰ সিদ্ধান্ত লয় । শ্বামীয়ে আৰম্ভণিৰ পৰাই নিজৰ যোগ্যতা প্ৰমাণ কৰিছিল যিয়ে বিপক্ষৰ বেটছমেনসকলৰ বাবে সকলো ধৰণৰ সমস্যাৰ কাৰক হৈ পৰিছিল ।

চমৎকাৰী বলিঙেৰে ৭ টা ইনিংছত ১০.৭০ৰ গড় আৰু ১২.২০ ৰ ষ্ট্ৰাইক ৰেটৰ সৈতে তেওঁ ২৪ টা উইকেট দখল কৰিছিল । তেওঁ ৩ বাৰকৈ ৫টাকৈ উইকেটো দখল কৰিছিল । পাণ্ডিয়াৰ প্ৰস্থানৰ পাছত ভাৰসাম্য ৰক্ষা কৰি শ্বামীয়ে ভাৰতৰ বলিং অৰ্ডাৰক শক্তিশালী কৰি তুলিছিল ।

শ্বামীৰ উইকেট লোৱাৰ সামৰ্থ্যই ভাৰতীয় দলটোক ফাইনেললৈ যোৱাত সহায় কৰিছিল যদিও যশপ্ৰীত বুমৰাহে এই ক্ষেত্ৰত আন এগৰাকী নায়কৰ ভূমিকা পালন কৰিছিল । বিপক্ষৰ বেটছমেনক ৰাণ সংগ্ৰহত স্থবিৰতা অনাৰ লগতে বুমৰাহে বেটছমেনসকলৰ ওপৰত অত্যধিক চাপ সৃষ্টি কৰিছিল । প্ৰতিযোগিতাখনত মাত্ৰ এখন মেচ খেলা ৰবিচন্দ্ৰন অশ্বিনৰ পাছতে তেওঁ বিশ্বকাপত চতুৰ্থ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল । বুমৰাহে ৯১.৫ অভাৰত মাত্ৰ ৪.০৬ ৰাণৰ ইকোনমিৰে তেওঁ ৰাণ দিছিল ।

স্পিনাৰসকলৰো ইকোনমি আকৰ্ষণীয় আছিল আৰু ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱ দুয়োগৰাকীয়ে প্ৰতিযোগিতাখনত ৯০ অভাৰ বলিং কৰিছিল আৰু ক্ৰমে ৪.২৫ আৰু ৪.৪৫ ৰ ইকোনমি আছিল ।

ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ বাবে অভিজাত দলৰ দৰে প্ৰদৰ্শন কৰিছিল । যাৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম সংঘৰ্ষৰ আগলৈকে ভাৰতীয় দলটোক বহুতে ফেভাৰিট হিচাপে বিবেচনা কৰিছিল ।

অৱশ্যে, প্ৰতিযোগিতাখনত শেষ হাঁহি মৰাটো ভাৰতীয় দলটোৰ ভাগ্যত নাছিল । ভাৰতে প্ৰথমে বেটিং কৰিছিল আৰু প্ৰথম ইনিংছত পিটছখনত ৰাণ কৰাটো অত্যন্ত কঠিন দেখা গৈছিল । ৰোহিত শৰ্মাই পুনৰ এবাৰ আক্ৰমণাত্মক চৰিত্ৰ দেখুৱাইছিল । কিন্তু অধিনায়ক শৰ্মা আউট হোৱাৰ লগে লগে খেলখনৰ দৃশ্যপট সলনি হৈ গৈছিল । ভাৰতে ২৪০ ৰাণতে ইনিংছ সামৰিব লগা হৈছিল । মুঠ স্ক'ৰ বহুত কম আছিল কিন্তু ভাৰতীয় বলাৰসকলে কিছু আশাৰ ৰেঙনি দেখুৱাইছিল । প্ৰথম ৭ অভাৰত অষ্ট্ৰেলিয়াক ৩ উইকেটত ৪৭ ৰাণতে বান্ধি ৰাখিছিল ভাৰতীয় দলটোৱে । অৱশ্যে, অপেনাৰ ট্ৰেভিছ হেডৰ প্ৰত্যাক্ৰমণে ৰোহিত বাহিনীৰ বিশ্বজয়ৰ আশা মষিমূৰ কৰিছিল আৰু অষ্ট্ৰেলিয়াই ট্ৰফী পুনৰ এবাৰ দাঙি লৈছিল ।

লগতে পঢ়ক :২০২৩ চনৰ ক্ৰীড়া বঁটা ঘোষণা; মহম্মদ শ্বামীলৈ অৰ্জুন বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.