ETV Bharat / sports

দক্ষিণ আফ্ৰিকাক 3 উইকেটত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 7:19 PM IST

Updated : Nov 16, 2023, 10:44 PM IST

World Cup 2023 semi final
অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকাৰ যুঁজ

World Cup 2023 semi final : চলিত বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক 3 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে কেংগেৰু বাহিনীয়ে ৷

স্পৰ্টছ ডেস্ক, 16 নৱেম্বৰ : কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত চলিত বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল মেচত বৃহস্পতিবাৰে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাক 3 উইকেটত পৰাস্ত কৰে ৷

213 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াই নিজৰ ইনিংছ আৰম্ভ কৰি 47.2 অভাৰত 7 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ দলটোৱে দক্ষিণ আফ্ৰিকাৰ শক্তিশালী তথা নিয়ন্ত্ৰিত বলিঙৰ বিৰুদ্ধে ধৈৰ্য সহকাৰে খেলি বিজয় লক্ষ্যত উপনীত হয় ৷ এটা সময়ত দক্ষিণ আফ্ৰিকাই খেলখন নিজৰ হাতৰ মুঠিলৈ আনিছিল যদিও অধিনায়ক পেট কামিনছ আৰু মিছেল ষ্টাৰ্কে দলক বিজয় লক্ষ্যত উপনীত কৰোৱাই ৷

ট্ৰেভিছ হেডে 48 টা বলত 62 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ডেভিদ ৱাৰ্ণাৰে সংগ্ৰহ কৰে 29 ৰাণ ৷ পেট কামিনছে 14 ৰাণ কৰাৰ বিপৰীতে মিছেল ষ্টাৰ্কে 16 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ষ্টিভ স্মিথে 30 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে জ’ছ ইংলিছে সংগ্ৰহ কৰে 28 ৰাণ ৷

দক্ষিণ আফ্ৰিকাৰ হৈ গেৰাল্ড কটজী আৰু তাব্ৰাইজ ছামছীয়ে 2 টাকৈ উইকেট দখল কৰে ৷ কেশৱ মহাৰাজ, কেছিগ’ ৰাবাডা আৰু এইডেন মাৰক্ৰামে দখল কৰে 1টাকৈ উইকেট ৷

টছত জিকি বেটিঙৰ সিদ্ধান্ত লৈ নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথমতেই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় দক্ষিণ আফ্ৰিকা ৷ প্ৰথম অভাৰতে শূণ্য ৰাণতে অধিনায়ক টেম্বা বাভুমাৰ উইকেট হেৰুৱাই শলঠেকত পৰে দলটো ৷ ৰাণ সংগ্ৰহ কৰাত দলটোৰ শীৰ্ষ অৰ্ডাৰৰ আটাইকেইজন বেটছমেন চূড়ান্ত ব্যৰ্থ হয় ৷ পূৰ্বৰ মেচ কেইখনত দুৰ্দান্ত ফৰ্মত থকা কুইন্টন ডি কক, ৰাছি ভান ডেৰ দুছেন, এইডেন মাৰ্ক্ৰাম ৰাণ সংগ্ৰহত চূড়ান্ত ব্যৰ্থ হয় ৷ দহকৰ ঘৰ পাৰ নকৰাকৈয়ে আটাইকেইজন বেটছমেন পেভিলিয়নমুখী হয় ৷

ডেভিদ মিলাৰ আৰু হেনৰিখ ক্লাছেনে ধৈৰ্য সহকাৰে খেলি দলক বিপৰ্যয়ৰ পৰা কিছু উদ্ধাৰ কৰে ৷ ডেভিদ মিলাৰে 116 টা বলত 101 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে হেনৰিখ ক্লাছেনে 48 টা বলত 47 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নৰ বাট বুলে ৷ অষ্ট্ৰেলিয়াৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 49.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰে 212 ৰাণ ৷

অষ্ট্ৰেলিয়াৰ হৈ মিছেল ষ্টাৰ্ক আৰু পেট কামিনছে সাৰ্বাধিক 3 টাকৈ উইকেট দখল কৰে ৷ ট্ৰেভিছ হেড আৰু জ’ছ হেজেলউডে দখল কৰে 2 টাকৈ উইকেট ৷

উল্লেখ্য যে, 19 নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা বিশ্বকাপৰ ফাইনেল মেচখনত আয়োজক দেশ ভাৰতৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়া ৷

লগতে পঢ়ক : CWC 2023 : ২০২৩ বিশ্বকাপত অপৰাজেয় ভাৰত; টীম ইণ্ডিয়াৰ ফাইনেললৈ পথ পৰিক্ৰমা

Last Updated :Nov 16, 2023, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.