ETV Bharat / sports

Captaincy এৰিব বিৰাট কোহলীয়ে !

author img

By

Published : Sep 13, 2021, 1:55 PM IST

Virat Kohli leave the captaincy
কেপ্টেইনৰ পৰা পদত্যাগ কৰিব বিৰাট কোহলীয়ে !

সাল-সলনিৰ সম্ভাৱনাই দেখা দিছে ভাৰতীয় ক্ৰিকেট দলত ৷ অধিনায়কক লৈ হ’ব পাৰে এই সাল-সলনি ৷ বিৰাটৰ পিছত কোন হ’ব দলটোৰ নতুন কেপ্তেইন ?

স্প’ৰ্টছ ডেস্ক, 13 ছেপ্তেম্বৰ : বৃহৎ সাল-সলনিৰ সম্ভাৱনাই দেখা দিছে ভাৰতীয় ক্ৰিকেট দলত ৷ এই সাল-সলনি এদিনীয়া আৰু T20 ৰ অধিনায়কক লৈ হোৱাৰ সম্ভাৱনা ৷ নতুন কেপ্তেইনক লৈ BCCI য়ে চিন্তা-চৰ্চা কৰি থকা বুলি জানিব পৰা গৈছে ৷

ইয়াৰ মাজতে এয়াও আশা কৰা হৈছে যে বিৰাট কোহলী অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত ৰোহিত শৰ্মাক দলটোৰ নতুন অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হ’ব ৷ কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীৰ পদত্যাগৰ পিছতে বিৰাট কোহলীয়ে তিনিওটা ফৰমেটতে কেপ্তেইনৰ দায়িত্ব গ্ৰহণ কৰি আহিছিল ৷ ইয়াৰ সমান্তৰলাকৈ বিৰাট কোহলীয়ে প্ৰতিটো ফৰমেটতে দলটোক জয়ৰ সোৱাদ দিবলৈও সক্ষম হৈছে ৷

কিন্তু এতিয়া 34 বৰ্ষীয় ৰোহিত শৰ্মাৰ সৈতে নিজৰ দায়িত্ব ভগাই লোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে বিৰাট কোহলীয়ে ৷ মিডিয়া ৰিপ’ৰ্ট অনুসৰি টী20 বিশ্বকাপৰ পিছতে ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়কৰ সাল-সলনি হ’ব পাৰে ৷

তিনিওটা ফৰমেটতে কেপ্তেইনৰ দায়িত্বভাৰে বিৰাটৰ প্ৰদৰ্শনত প্ৰভাৱ পেলাইছে ৷ বিৰাটেও বেটিঙত অধিক সময়ৰ দিয়াৰ লগতে গতিশীলতা অনাৰ প্ৰয়োজন অনুভৱ কৰিছে ৷

আনহাতে, কেপ্তেইন হিচাপে ৰোহিতৰ ৰেকৰ্ড যথেষ্ট আশাপ্ৰদ ৷ ৰোহিতে পাঁচবাৰ IPL ৰ খিতাপ নিজৰ নামত কৰিছে ৷ এয়াই কেপ্তেইন হিচাপে তেওঁৰ দক্ষতাকে দেখুৱায় ৷ সদ্যহতে এই বিকল্প সন্দৰ্ভত BCCI ৰ জ্যেষ্ঠ বিষয়াই ইয়াৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : কোহলী আটাইতকৈ কটু কথা কোৱা ব্যক্তি : নিক কম্পটন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.