কোহলী আটাইতকৈ কটু কথা কোৱা ব্যক্তি : নিক কম্পটন

author img

By

Published : Aug 19, 2021, 2:07 PM IST

most foul mouthed individual

ভাৰত আৰু ইংলেণ্ডৰ মাজত হোৱা শেহতীয়া টেষ্ট খেলত অধিনায়ক বিৰাট কোহলী আৰু ইংলেণ্ডৰ জেমছ এণ্ডাৰছনৰ মাজত বিবাদৰ সূত্ৰপাত হৈছিল । তাৰ পাছতে একাংশ বিদেশী ক্ৰিকেটাৰে বিৰাট কোহলীক সমালোচনা কৰা দেখা গৈছে ।

স্প’ৰ্টছ ডেস্ক, ১৯ আগষ্ট : সচৰাচৰ খেলপথাৰত অতি আক্ৰমণাত্মক ৰূপত দেখা যায় ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীক (Virat Kohli) । বহু সময়ত তেওঁ আন ক্ৰিকেটাৰৰ সৈতে বিবাদত লিপ্ত হোৱাও দেখা যায় । শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ভাৰতে জয় লাভ কৰিছে ।

সেই খেলখনতে ইংলেণ্ডৰ পেচ বলাৰ জেমছ এণ্ডাৰছনৰ (James Anderson) সৈতে বিবাদত লিপ্ত হৈছিল বিৰাট কোহলী । অৱশ্যে পাছতে দুয়োগৰাকীয়ে হাত মিলাইছিল । কিন্তু বিৰাট কোহলীৰ এই আচৰণক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে । এইবাৰ অধিনায়ক বিৰাট কোহলীক সমালোচনা ইংলেণ্ডৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ ।

বিৰাট কোহলীক আটাইতকৈ বেছি কটু কথা কোৱা ব্যক্তি বুলি অভিহিত কৰে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ নিক কম্পটনে (Nick Compton) । টুইটযোগে খেলুৱৈগৰাকীয়ে এই কথা উল্লেখ কৰে ।

নিক কম্পটনে ২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ১৬ খন টেষ্ট খেলিছে য'ত তেওঁ ৭৭৫ ৰাণ সংগ্ৰহ কৰে । তেওঁ টুইটযোগে ২০১২ চনত ভাৰতত হোৱা এক টেষ্ট শৃংখলাৰ ঘটনাৰ কথা সুঁৱৰে । তেওঁ কয় যে বিৰাট কোহলীয়ে ২০১২ চনত এখন টেষ্ট মেচৰ সময়ত তেওঁক যথেষ্ট কটু মন্তব্য কৰিছিল । তেওঁ সেই দিনৰ কথা কেতিয়াও পাহৰিব নোৱাৰে বুলিও উল্লেখ কৰে ।

ইয়াৰ পৰিৱৰ্তে ইংলেণ্ডৰ বেটছমেন জ' ৰুট (Joe Root), ভাৰতৰ শচীন তেণ্ডুলকাৰ (Sachin Tendulkar) , নিউজিলেণ্ডৰ কেন উইলিয়ামচন (Kane Williamson) আদি শীৰ্ষ পৰ্যায়ৰ ক্ৰিকেটাৰক এইক্ষেত্ৰত প্ৰশংসা কৰে খেলুৱৈগৰাকীয়ে । কম্পটনৰ ককাদেউতাক ডেনিছ কম্পটনে (Denis Compton) ১৯৩৭ চনৰ পৰা ১৯৫৭ চনৰ ভিতৰত ৭৮ খন টেষ্ট মেচত ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল যেতিয়া ক্ৰিকেটক ভদ্ৰলোকৰ খেল বুলি গণ্য কৰা হৈছিল আৰু খেলপথাৰত স্লেজিং কৰাৰ মাত্ৰ কেইটামান উদাহৰণ আছিল । অৱশ্যে প্ৰায় ১৯৭০ ৰ পৰা ই এক নিয়মীয়া বৈশিষ্ট্য হৈ পৰে । ১৯৯০ আৰু ২০০০ ৰ ভিতৰত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ আচৰণকলৈ বিশ্বজুৰি যথেষ্ট সমালোচনা হৈছিল ।

লগতে পঢ়ক : ENG v IND : বুমৰাহ-শ্বামীৰ আক্ৰমণাত্মক বলিঙেৰে বিজয়ৰ শিখৰ চুলে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.