ETV Bharat / sports

টেষ্ট শৃংখলাৰ পূৰ্বে স্বদেশলৈ উভতিল কোহলী, দলৰ পৰা বাহিৰ ৰুতুৰাজ

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:26 PM IST

Virat Kohli returns home
টেষ্ট শৃংখলাৰ পূৰ্বে স্বদেশলৈ উভতিল কোহলী, দলৰ পৰা বাহিৰ ৰুতুৰাজ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় অনুৰাগীৰ বাবে হতাশাজনক খবৰ । শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰত পালেহি বিৰাট কোহলী । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ'ল যুৱ অপেনাৰ ৰুতুৰাজ গায়কোৱাড় ।

স্পৰ্টছ ডেস্ক,২২ ডিচেম্বৰ : অহা ২৬ ডিচেম্বৰৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দুখনকৈ টেষ্ট মেচ অনুষ্ঠিত হ'ব । টেষ্ট শৃংখলাটোৰ পূৰ্বে ভাৰতীয় অনুৰাগীসকলৰ বাবে দুটাকৈ আশ্চৰ্যজনক খবৰ আহিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰতলৈ উভতি আহিছে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী । কোহলী ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ পৰা ঘৰলৈ ৰাওনা হৈছে বুলিও জানিব পৰা গৈছে ।

বিৰাট কোহলীৰ দেশলৈ উভতি অহাৰ সঠিক কাৰণটো জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কাৰণত দেশলৈ ৰাওনা হোৱা বুলি সূত্ৰই জনাইছে । জানিব পৰা মতে কোহলীয়ে টীম মেনেজমেণ্ট আৰু বিচিচিআইক অনুৰোধ জনাইছিল যে তেওঁক দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া তিনিদিনীয়া অনুশীলন মেচখনৰ পৰা বাদ দিব লাগে । বিচিচিআইয়ে তেওঁৰ অনুৰোধ গ্ৰহণ কৰে আৰু লগে লগে তেওঁ ভাৰতলৈ উভতি আহে । অৱশ্যে বিৰাটক এতিয়াও টেষ্ট শৃংখলাৰ পৰা বাদ দিয়া হোৱা নাই । তেওঁ এতিয়াও টেষ্টৰ দলটোৰ অংশ হৈ আছে । তেওঁ শৃংখলাৰ প্ৰথম খেলখনৰ পূৰ্বে দলৰ সৈতে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

  • BCCI source confirms Virat Kohli will be back in Johaansburg in time for the first Test Match against South Africa. (Cricbuzz) pic.twitter.com/PdUqv4TBxX

    — CricketMAN2 (@ImTanujSingh) December 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে ভাৰতীয় দলৰ যুৱ অপেনাৰ ৰুতুৰাজ গায়কোৱাড় টেষ্ট শৃংখলাৰ পৰা বাদ দিয়া হৈছে । খবৰ অনুসৰি, গায়কোৱাড়ৰ আঙুলিত আঘাত লাগিছিল, যাৰ বাবে তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয় এদিনীয়া খেলিব নোৱাৰিলে । ১৯ ডিচেম্বৰত দ্বিতীয় এদিনীয়া খেলৰ সময়ত তেওঁ আঙুলিত আঘাত পাইছিল । খেলুৱৈগৰাকী এতিয়াও সেই আঘাতৰ পৰা আৰোগ্য হোৱা নাই । যাৰ বাবে, তেওঁ টেষ্ট শৃংখলাত ভাৰতীয় দলটোৰ অংশ হ'ব নোৱাৰিব ।

লগতে পঢ়ক :বিশ্বকাপৰ হতাশাৰ পাছত খেলপথাৰলৈ উভতি আনন্দিত: দঃ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতৰ জয়ৰ পিচত কে এল ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.