ETV Bharat / sports

বিশ্বকাপৰ হতাশাৰ পাছত খেলপথাৰলৈ উভতি আনন্দিত: দঃ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতৰ জয়ৰ পিচত কে এল ৰাহুল

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 1:02 PM IST

KL Rahul is delighted to be back on the field
বিশ্বকাপৰ হতাশাৰ পাছত খেলপথাৰলৈ উভতি আহি আনন্দিত কে এল ৰাহুল

Ind beats SA to clinch ODI Series : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩ খনীয়া এদিনীয়া শৃংখলাত ভাৰতৰ বিজয় । বৃহস্পতিবাৰে অন্তিমখন এদিনীয়াত ভাৰতৰ ৭৮ ৰাণত জয়লাভ । দলটোৰ প্ৰদৰ্শনক লৈ আনন্দিত অধিনায়ক কে এল ৰাহুল । এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পাচত পুনৰ খেলপথাৰলৈ উভতি আহি আনন্দ প্ৰকাশ কৰিছে অধিনায়ক ৰাহুলে ।

স্পৰ্টছ ডেস্ক,২২ ডিচেম্বৰ : 'বিশ্বকাপৰ হতাশাৰ পাছত খেলপথাৰলৈ পুনৰ উভতি আহি ভাল লাগিছে ।' দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩ দিনীয়া শৃংখলা জয়ী হোৱাৰ পাছতে এই মন্তব্য কৰে ভাৰতীয় দলৰ অধিনায়ক কে এল ৰাহুলে । কে এল ৰাহুলৰ মতে তেওঁক এতিয়াও বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেলৰ পৰাজয়ে আমনি কৰি আছে ।

৩ খন এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে । ৩ খন এদিনীয়া শৃংখলাৰ ২ খন খেলত জয়ী হৈ শৃংখলাটো নিজৰ হাতত ৰাখিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে । শৃংখলা জয়ৰ পাছতে ভাৰতৰ অধিনায়ক কে এল ৰাহুলে আত্মসন্তুষ্টি প্ৰকাশ কৰে । লগতে তেওঁ বিশ্বকাপৰ হতাশাৰ কথাও উল্লেখ কৰে ।

বিশ্বকাপ ২০২৪ৰ ফাইনেলৰ পাছত বেটছমেন তথা উইকেটকিপাৰ কে এল ৰাহুলে ভাৰতীয় দলটোক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নেতৃত্ব দিছে । ইয়াৰ পূৰ্বে, ভাৰতীয় দলে দুখন টি-২০ শৃংখলা খেলে । কিন্তু টি-২০ত কে এল ৰাহুলক বিশ্ৰাম দিয়া হৈছিল । অৱশ্যে, এতিয়া তেওঁ এদিনীয়া শৃংখলাৰ পাছত টেষ্ট শৃংখলাও খেলিব । অধিনায়ক কে এল ৰাহুলে তৃতীয় তথা অন্তিমখন এদিনীয়াত বিজয়ী হোৱাৰ পাছত সংবাদ মাধ্যমক কয় যে তেওঁ সদায় দলটোৰ অংশ হ'বলৈ ভাল পায় । হতাশাজনক বিশ্বকাপ ফাইনেলৰ পাছত খেলপথাৰলৈ উভতি আহি ভাল লাগিছে বুলিও তেওঁ উল্লেখ কৰে ।

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি কে এল ৰাহুলে কয় যে তেওঁ দক্ষিণ আফ্ৰিকাৰ বহু খেলুৱৈৰ সৈতে আই পি এলত খেলিছে । দক্ষিণ আফ্ৰিকাত সেই খেলুৱৈসকলৰ সৈতে খেলি ভাল লাগিছে বুলিও তেওঁ উল্লেখ কৰে । ৰাহুলৰ মতে তেওঁৰ সাধাৰণ বাৰ্তা হৈছে সদায় খেলখন উপভোগ কৰা, সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰা আৰু আন একো চিন্তা নকৰা । ভাৰতৰ একাংশ ক্ৰিকেটাৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁলোক মহান ক্ৰিকেটাৰ কিন্তু তেওঁলোকৰ কিছুমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেছি খেলা নাই । সেয়েহে তেওঁলোকক কিছু সময় দিয়াটো প্ৰয়োজনীয় বুলিও কে এল ৰাহুলে উল্লেখ কৰে ।

কে এল ৰাহুলৰ মতে খেলুৱৈসকলে শৃংখলাটোত তেওঁলোকৰ ১০০ শতাংশ দিছে । সঞ্জু চেমছনৰ ফৰ্মৰ কথা উল্লেখ কৰি কে এল ৰাহুলে কয় যে সঞ্জুৱে আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰিছে । দুৰ্ভাগ্যবশতঃ তেওঁ বিভিন্ন কাৰণত বেটিং ক্ৰমৰ শীৰ্ষত বেছি সুযোগ পোৱা নাছিল । কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাটোৰ অন্তিমখন খেলত তেওঁৰ ভাল প্ৰদৰ্শন দেখি আনন্দিত কে এল ৰাহুল । উল্লেখ্য যে সঞ্জু চেমছনে ৩ নম্বৰত বেটিং কৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Year ender 2023: ভাৰতীয় ক্ৰিকেট দলৰ বাবে আশানুৰূপ নহ'ল ২০২৩ চনৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.