ETV Bharat / sports

দেওবাৰে ডুবাইত মুখা-মুখি হ’ব চিৰবৈৰী ভাৰত-পাকিস্তান !

author img

By

Published : Oct 23, 2021, 8:15 PM IST

india-pakistan-t20
দেওবাৰে ডুবাইত মুখা-মুখি হ’ব চিৰবৈৰী ভাৰত-পাকিস্তান !

আইচিচি টি-২০ বিশ্বকাপ ২০২১ ৰ অপেনিং মেচখনত মুখা-মুখি হ’বলৈ সাজু হৈছে চিৰবৈৰী ভাৰত আৰু পাকিস্তান ৷ জানো আঁহক খেলখনৰ সবিশেষ ৷

স্পোৰ্টছ ডেস্ক, 23 অক্টোবৰ : চিৰবৈৰী ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট দল আইচিচি টি-২০ বিশ্বকাপ ২০২১ ৰ অপেনিং মেচখনত মুখা-মুখি হ’বলৈ সাজু হৈছে । ভাৰত বনাম পাকিস্তানৰ খেলখন ২৪ অক্টোবৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । দুয়োটা দল প্ৰতিযোগিতাৰ গ্ৰুপ ২ ৰ অংশ । ইতিমধ্যে, এখন হাইভল্টেজ মেচ হিচাপে বিবেচিত হোৱা ভাৰত বনাম পাকিস্তানৰ এই মেচখন ভাৰতীয় উপ-মহাদেশত টিভিৰ লগতে ডিজিটেল ডিভাইচ সমূহত পোনপটীয়াকৈ চাব পৰা যাব ।

খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাৰ পৰা লাইভ ষ্ট্ৰীমিং যোগে চাব পৰা যাব । ২০০৭ চনত টি-২০ বিশ্বকাপৰ আৰম্ভণি হোৱাৰে পৰা ভাৰতে চিৰবৈৰী পাক দলটোৰ বিৰুদ্ধে প্ৰতিবাৰেই বিজয় লাভ কৰি অভিলেখ গঢ়িছে । তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমান ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলটোৰ মেন্টৰ হিচাপে UAE ত থকা এম.এছ. ধোনীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে এই সকলো বোৰ মেচ জিকিছিল ।

ভাৰত বনাম পাকিস্তানৰ এই খেলখন ভাৰতীয় সময় মতে সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব আৰু ষ্টাৰ স্পৰ্টছ নেটৱৰ্কৰ লগতে লাইভ ষ্ট্ৰীমিঙৰ বাবে ডিজনী+ হটষ্টাৰত উপলব্ধ হ'ব ৷ ফৰ্ম অনুসৰি, ৱাৰ্ম-আপ খেলত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ৰ সৈতে ভাৰতক ভাল ফৰ্মত দেখা গৈছে । দুয়োখন খেলতে ভাৰতৰ বেটিং যথেষ্ট শক্তিশালী দেখা গৈছিল । পাকিস্তানৰ ক্ষেত্ৰত, তেওঁলোকে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী হৈছিল, কিন্তু প্ৰস্তুতি মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈছিল ।

লগতে পঢ়ক : অৱশেষত উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অজাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.