ETV Bharat / state

অৱশেষত উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অজাপ

author img

By

Published : Oct 23, 2021, 3:34 PM IST

Updated : Oct 23, 2021, 7:43 PM IST

অৱশেষত দোধোৰ মোধোৰ অৱস্থা বাদ দি উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অসম জাতীয় পৰিষদ । শনিবাৰৰ দিনটোত ভৱানীপুৰ সমষ্টিত কেইবাখনো নিৰ্বাচনী সভাত ভাগ লয় জাতীয় পৰিষদৰ নেতৃত্বই । ৰাষ্ট্ৰীয় দলৰ সৈতে কেতিয়াও মিত্ৰতা নকৰো বুলি ঘোষণা কৰি পৰবৰ্তী সময়ত কংগ্ৰেছৰ সৈতে বুজাবুজিত উপনীত হোৱা অসম জাতীয় পৰিষদক ইতিমধ্যে কংগ্ৰেছে মাজুলীৰ উপ নিৰ্বাচনৰ বাবে আসনখন এৰি দিছে ।

AJP by election campaigned in Bhabanipur
অৱশেষত উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অজাপ

গুৱাহাটী, ২২ অক্টোবৰ: অৱশেষত দোধোৰ মোধোৰ অৱস্থা বাদ দি উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অসম জাতীয় পৰিষদ । শনিবাৰৰ দিনটোত ভৱানীপুৰ সমষ্টিত কেইবাখনো নিৰ্বাচনী সভাত ভাগ লয় জাতীয় পৰিষদৰ নেতৃত্বই । ৰাষ্ট্ৰীয় দলৰ সৈতে কেতিয়াও মিত্ৰতা নকৰো বুলি ঘোষণা কৰি পৰবৰ্তী সময়ত কংগ্ৰেছৰ সৈতে বুজাবুজিত উপনীত হোৱা অসম জাতীয় পৰিষদক ইতিমধ্যে কংগ্ৰেছে মাজুলীৰ উপ নিৰ্বাচনৰ বাবে আসনখন এৰি দিছে ।

ইয়াৰ বিনিময়ত ৩০ অক্টোবৰত অনুষ্ঠিত হবলগীয়া বাকী পাঁচটা সমষ্টিত জাতীয় পৰিষদে কংগ্ৰেছক সহায় কৰিব বুলি চুক্তিবদ্ধ হৈছিল । কিন্তু নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা স্বত্বেও কালি অৰ্থাৎ শুকুৰবাৰলৈকে কোনো এটা‌ সমষ্টিতে দেখা নগৈছিল অজাপৰ এখনো সভা । ইয়াৰ কাৰণ আছিল অসম জাতীয় পৰিষদৰ দুই নাৱত দুই ভৰি থকাৰ দৰে হোৱা অৱস্থা । এফালে আঞ্চলিকতাবাদৰ জয়ধ্বনি আৰু আনফালে ৰাষ্ট্ৰীয়তাবাদী শক্তিৰে মিত্ৰতা ।

অৱশেষত উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অজাপ

লগতে পঢ়ক : পথাৰে পথাৰে গৈ কি কৰিলে থাওৰাৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে

স্বাভাৱিকতে অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা কাৰ্যত‌ ক্ষুব্ধ হৈ পৰিছিল জাতীয়তাবাদী শিবিৰৰ বহু লোক । যাৰ বাবে কংগ্ৰেছৰ সৈতে‌ চুক্তিবদ্ধ হৈয়ো এখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লোৱা নাছিল জাতীয় পৰিষদে । কিন্তু আজি সেই‌ দোধোৰ মোধোৰ অৱস্থাৰ অৱসান‌ ঘটাই দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ উপৰিও বাণী দাস, চামছেৰ সিং, জিয়াউৰ ৰহমান সমন্বিতে কেইবাগৰাকীও কেন্দ্ৰীয় নেতাই ভবানীপুৰ সমষ্টিত তিনিখনকৈ প্ৰচাৰ সভাত ভাগ লয় ।

কাইলৈও জাতীয় পৰিষদৰ নেতৃত্বই গোঁসাইগাঁৱত ভাগ লব নিৰ্বাচনী সভাত । কিন্তু মনকৰিবলগীয়া কথাটো হ'ল এই প্ৰচাৰ সভাবিলাক কিন্তু জাতীয় পৰিষদে কংগ্ৰেছৰ সৈতে যৌথভাবে কৰা নাই । কৰিছে নিজাববীয়াকৈ । সেয়াও আন এক ৰাজনীতি !

লগতে পঢ়ক : মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী

Last Updated : Oct 23, 2021, 7:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.