ETV Bharat / sports

Cricket World Cup 2023 : শুভমন গিলৰ অনুপস্থিতিয়ে সুযোগ দিব পাৰে ঈশান কিষাণক

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 9:37 PM IST

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় গিল সন্দৰ্ভত উৎসাহিত হোৱা সত্ত্বেও দেওবাৰে খেলপথাৰত অৱতীৰ্ণ হ'বলৈ তেওঁৰ ইমান দ্ৰুতগতিত আৰোগ্যলাভৰ সম্ভাৱনা নাই । যদি গিল কেইখনমান মেচত খেলিবলৈ উপলব্ধ নহয়, তেন্তে ই নিশ্চিতভাৱে ঈশান কিষাণৰ বাবে ক্ৰিকেটৰ চুটি ফৰ্মেটত নিজৰ চাপ পেলোৱাৰ দুৱাৰ মুকলি কৰিব । ইটিভি ভাৰতৰ সঞ্জীৱ গুহৰ প্ৰতিবেদন ।

শুভমন গিলৰ অনুপস্থিতিয়ে সুযোগ দিব পাৰে ঈশান কিষাণক
Cricket World Cup 2023

স্পৰ্টছ ডেস্ক, ৬ অক্টোবৰ : আৰম্ভ হৈছে আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ । দেওবাৰে ভাৰতে লীগৰ প্ৰথম মেচত অৱতীৰ্ণ হ'ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে । কিন্তু এই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ সৈতে এটা প্ৰবাদ সম্পূৰ্ণৰূপে খাপ খায়- 'এজনৰ দুৰ্ভাগ্য আন এজনৰ বাবে সৌভাগ্য হ'ব পাৰে' ।

শুকুৰবাৰে পুৱাতে আহে শুভমন গিল সন্দৰ্ভত বেয়া খবৰটো । গিলৰ বেয়া স্বাস্থ্যৰ (তেওঁৰ ডেংগু পজিটিভ) বেয়া খবৰটোৱে ঝাৰখণ্ডৰ উইকেটৰক্ষক-বেটাৰ ঈশান কিষাণলৈ ঈশ্বৰ প্ৰেৰিত সুযোগ আনিব পাৰে । কিয়নো দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰতে শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ যাত্ৰা আৰম্ভ কৰিব । কিন্তু মেন ইন ব্লু আৰু কেংগাৰু বাহিনীৰ এই হাই ভল্টেজ সংঘৰ্ষলৈ দুদিন বাকী থকা অৱস্থাত, ঈশান কিষাণে শুকুৰবাৰে চেপক খেলপথাৰত কঠোৰ অনুশীলনত গাৰ ঘাম উলিওৱা দেখা গৈছে ।

অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে শুভমন গিলে ইনিংছ অপেনিং কৰাৰ সিদ্ধান্ত দল পৰিচালনা বিভাগে গ্ৰহণ কৰাৰ পিছত সাধাৰণতে মিডল অৰ্ডাৰত বেটিং কৰিব পৰা কিষাণে দেওবাৰে চেপকত ৰোহিত শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰিব পাৰে ।

কিন্তু টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে গিল সন্দৰ্ভত উৎসাহিত হোৱা সত্ত্বেও দেওবাৰে খেলপথাৰত অৱতীৰ্ণ হ'বলৈ তেওঁ ইমান দ্ৰুতগতিত আৰোগ্য হোৱাৰ সম্ভাৱনা নাই । যদি গিল কেইখনমান মেচত খেলিবলৈ উপলব্ধ নহয়, তেন্তে ই নিশ্চিতভাৱে ঈশান কিষাণৰ বাবে ক্ৰিকেটৰ চমু ফৰ্মেটত নিজৰ চাপ পেলোৱাৰ দুৱাৰ মুকলি কৰিব ।

আনহাতে, যদি প্ৰদৰ্শনৰ দিশে চোৱা যায় তেন্তে ২৪ বছৰীয়া গিলে তিনিওটা ফৰ্মেট- এদিনীয়া, টেষ্ট আৰু টি-২০ত এটাৰ পিছত আন এটাকৈ শতক উপহাৰ দি আহিছে ৷ বৰ্তমান ২৫ বছৰীয়া কিষাণেও শেহতীয়াভাৱে ৫০ অভাৰৰ ফৰ্মেটত এটা শতক আৰু দ্বিশতকেৰে দলত নিজৰ স্থান সুদৃঢ় কৰিছে ৷

অৱশ্যে দুৰ্ভাগ্য সত্ত্বেও ভাৰতে শুভমন গিলৰ অনুপস্থিতি অনুভৱ নকৰিব পাৰে, যদিহে বাঁওহতীয়া বেটাৰ কিষাণে বেটেৰে গুলীবৰ্ষণ আৰম্ভ কৰে । সকলো সম্ভাৱনাতে দলীয় মেনেজমেণ্টে কিষাণৰ দ্বাৰা ইনিংছ আৰম্ভ কৰিব আৰু তাৰপিছত তাৰকা বেটাৰ বিৰাট কোহলী, কে এল ৰাহুল আৰু মুম্বাইকাৰ শ্ৰেয়াছ আয়াৰ থাকিব ।

যদিও কে এল ৰাহুলে পূৰ্বতে 'মেন ইন ব্লু'ৰ বাবে ইনিংছ আৰম্ভ কৰিছিল, তথাপিও তেওঁ ইনিংছ আৰম্ভ কৰাৰ সম্ভাৱনা নাই । বাঁও-সোঁ সংমিশ্ৰণটো ধৰি ৰাখিবলৈ আৰু বেটিং ক্ৰমত স্থিৰতা যোগ দিবলৈ দলীয় মেনেজমেণ্টে কিষাণক আগুৱাই আনি দেওবাৰে কেংগাৰু বাহিনীৰ মুখামুখী হোৱাটো আদৰ্শ হ'ব । কিষাণৰ আন এটা সুবিধা হৈছে যে তেওঁ উইকেটৰক্ষকৰ ভূমিকাও পালন কৰিব পাৰে ।

আনহাতে, গিলে হয়তো ১১ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া মেচত দললৈ উভতিব পাৰে ।

লগতে পঢ়ক :Team India in World Cup 2023 : প্ৰথম মেচত থাকিবনে শুভমন গিল; ভাৰতীয় ক্ৰিকেট দলৰ শক্তিৰ এক অৱলোকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.