ETV Bharat / sports

Team India in World Cup 2023 : প্ৰথম মেচত থাকিবনে শুভমন গিল; ভাৰতীয় ক্ৰিকেট দলৰ শক্তিৰ এক অৱলোকন

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:32 PM IST

চলিত বছৰৰ বেছিভাগ সময়ে তেওঁ সুন্দৰ বেটিং ফৰ্মত আছে । অৱশ্যে গিল এতিয়াও দললৈ উভতি অহাৰ সম্ভাৱনা আছে, যদিহে এই ভাইৰেল জ্বৰে তেওঁৰ মনোবল আৰু শাৰীৰিক শক্তিত আঘাত নকৰাকৈ উপশম ঘটে । কিন্তু যদি সেয়া নহয়, তেন্তে মিষ্টাৰ ৩৬০ ডিগ্ৰীয়ে তেওঁৰ স্থান লোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকিব ।

প্ৰথম মেচত থাকিবনে শুভমন গিল
Team India in World Cup 2023

স্পৰ্টছ ডেস্ক, ৬ অক্টোবৰ : মাষ্টাৰ ষ্ট্ৰাইকাৰ তথা চলিত ছিজনত টীম ইণ্ডিয়াৰ বাবে বহু গুৰুত্বপূৰ্ণ যুৱ অপেনাৰ শুভমন গিলৰ অসুস্থতাৰ খবৰ নিশ্চিতভাৱে ভাৰতীয় ক্ৰিকেট শিবিৰ তথা অনুৰাগীৰ বাবে বিনা মেঘে বজ্ৰপাত । কিয়নো চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন বিশ্বকাপ মেচৰ পূৰ্বে শুভমন গিল জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ নিশ্চিতভাৱে এক মোক্ষম আঘাত । যদিও মেনেজমেণ্টে তেওঁক বৰ্তমানলৈকে সম্পূৰ্ণৰূপে দলৰ পৰা আঁতৰোৱা নাই, তথাপি তেওঁৰ দলত উপস্থিতি সন্দৰ্ভত শনিবাৰে এক স্বাস্থ্য বুলেটিনতহে বিষয়টো স্পষ্ট হ'ব । এনে পৰিস্থিতিয়ে ভাৰতীয় দলৰ শক্তিক লৈ এক উদ্বিগ্নতাৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে চলিত বছৰৰ বেছিভাগ সময়ে তেওঁ সুন্দৰ বেটিং ফৰ্মত আছে । অৱশ্যে গিল এতিয়াও দললৈ উভতি অহাৰ সম্ভাৱনা আছে, যদিহে এই ভাইৰেল জ্বৰে তেওঁৰ মনোবল আৰু শাৰীৰিক শক্তিত আঘাত নকৰাকৈ উপশম ঘটে । কিন্তু যদি সেয়া নহয়, তেন্তে মিষ্টাৰ ৩৬০ ডিগ্ৰীয়ে তেওঁৰ স্থান লোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকিব ।

অৱশ্যে শেহতীয়াভাৱে অজেয় হিচাপে পৰিচিত সূৰ্য কুমাৰ যাদৱৰ ক্ষেত্ৰত দুটা বিষয় উত্থাপন হৈ আছে । প্ৰথম, তেওঁৰ ফৰ্ম আৰু দ্বিতীয়তে ভাৰতীয় দলত বেটছমেন নিৰ্ধাৰণৰ ক্ষেত্ৰত যথেষ্ট সমস্যা আছে । কিয়নো ৩ নম্বৰ স্থানত বা মিডল অৰ্ডাৰত খাপ খোৱাকৈ বেটছমেন নিৰ্বাচন কৰাটো ভাৰতৰ বাবে এক মূৰৰ কামোৰণি হৈ আছে ।

গিলৰ সম্ভাৱ্য অনুপস্থিতিয়ে কেপ্টেইন ৰোহিত শৰ্মাক কিছু বেকফুটলৈ ঠেলি নিব । কিয়নো আগ্ৰাসী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ অগ্ৰাধিকাৰ পৰিকল্পনাৰ ক্ষেত্ৰত এক বিফলতা আহিব পাৰে ।

ভাৰত বৰ্তমান ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণতে শীৰ্ষস্থানত আছে । ভাৰত বৰ্তমান এনে এটা দল, যিটো যিকোনো লোকৰ বাবে সপোনৰ ১১ । তাৰ উপৰি আছে ঘৰুৱা সুবিধা, আছে নিৰ্ভীক যুৱ আৰু প্ৰতিভাৱান খেলুৱৈ । সদ্যহতে এছিয়া কাপত চেম্পিয়ন হৈ মনোবল তুংগত আছে । মাত্ৰ কিছুদিন পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এটা শৃংখলা জয় কৰিছে । জ্যেষ্ঠ সদস্যসকলো ফৰ্মৰ শীৰ্ষত আছে, যিয়ে এক সামূহিক প্ৰচেষ্টাৰে দেশৰ মাটিত পুনৰবাৰ বিশ্বকাপ জয়ৰ ক্ষুধাৰ আকাংক্ষাক মাত্ৰা প্ৰদান কৰে ।

এই মুহূৰ্তত কোনে ক'ব যে টীম ইণ্ডিয়া যিকোনো ধৰণৰ বেকফুটত আছে ? সঁচা অৰ্থত ক'বলৈ গ'লে দীৰ্ঘদিন ধৰি এক শীৰ্ষ প্ৰতিযোগিতাত প্ৰৱেশ কৰা এইটো হৈছে অন্যতম শ্ৰেষ্ঠ দল । যুৱ, শক্তি আৰু অভিপ্ৰায়ে এই দলটোৰ মেৰুদণ্ডৰ লগতে অংগ-প্ৰত্যংগ গঠন কৰিছে । পুৰণি সোণ হৈছে পুলমেন ৰোহিত শৰ্মা আৰু শতক-ক্ষুধাতুৰ ফিটনেছ মেন তথা বেটিং জিনিয়াছ বিৰাট কোহলীৰ পথ প্ৰদৰ্শক মনোভাব হৈছে দলটোৰ অন্যতম শক্তি । ৰবীন্দ্ৰ জাদেজাৰ কথা উল্লেখ নকৰিলোৱে যেনিবা !

কিন্তু প্ৰতিটো উজ্জ্বল বস্তুৰ পিছফালে এটা ছাঁ থাকে । ভাৰতৰ ক্ষেত্ৰতো সেয়া ভয়ংকৰভাৱে লুকাচুৰি খেলি আছে । টীম ইণ্ডিয়াৰ এই ঘূৰ্ণীয়মান ছাঁটো মিডল অৰ্ডাৰত দীঘলীয়া হৈ পৰা দেখা যায় । বেটিং লাইন-আপ শক্তিশালী আৰু ৭ নম্বৰলৈকে আছে । কিন্তু জাদেজাৰ পিছত এই ভদ্ৰলোকৰ খেলত টেইল এণ্ডাৰ কুলদীপ যাদৱ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু যশপ্ৰীত বুমৰাহক লৈ অলপ দীঘলীয়া ।

বিবিধতা থকা ভাৰতীয় শক্তিৰ এক অৱলোকন

বেটিং লাইন-আপ

বিৰাট কোহলী : কোহলীক পাকিস্তানৰ বাবৰ আজমে কিছুদিন পূৰ্বে স্থানচ্যুত কৰিলেও কিন্তু তেওঁৰ কাট আৰু স্মেছবোৰ সমগ্ৰ বিশ্বকাপতে বিস্ফোৰণৰ বাবে অপেক্ষা কৰি আছে । তেওঁৰ ফিটনেছ আৰু ৰাণৰ ক্ষুধা দুয়োটা আছে ।

ৰোহিত শৰ্মা : পুল, কাট, শ্লেছ, লব আৰু সাধাৰণতে আটাইতকৈ ভয়ংকৰ বলাৰসকলক আটাইতকৈ অনায়াসে আৰু সাধাৰণভাৱে বাউণ্ডেৰী লাইনৰ ওপৰেৰে পাৰ কৰি দিযে । ৰোহিত শৰ্মা বিশ্বৰ আটাইতকৈ ষ্টাইলিছ বেটছমেন ।

শুভমন গিল : এই কথাৰ কোনো অৱতাৰণাৰ প্ৰয়োজন নাই যে তেওঁ বিশ্বকাপৰ এক অনন্য সোৱাদ । তেওঁ যুৱ আৰু ভয়ংকৰ । কিন্তু লগতে তেওঁ দৃঢ় আৰু সিংহৰ দৰে খ্যাতি লৈ প্ৰতিযোগিতাখনলৈ আহিছে । বেটৰ জৰিয়তে তেওঁ লোককথা সৃষ্টি কৰি আহিছে আৰু ভাৰতীয় দলৰ মিষ্টাৰ ডিপেণ্ডেবল ব্লক চেইনৰ শীৰ্ষলৈ উঠিছে ।

সূৰ্য কুমাৰ যাদৱ : বৰ্তমান ৰিজাৰ্ভ বেঞ্চত থাকিলেও কিন্তু ষ্টেডিয়ামৰ চাৰিওফালে বল সকলো কোণত মাৰিবলৈ হ'লে তেওঁতকৈ নিৰ্ভৰযোগ্য দ্বিতীয়জন নাই । তেওঁৰ ছয় আৰু চাৰিৰ স্থান সঠিক আৰু উপযুক্ত আৰু প্ৰায়ে অকল্পনীয় যেন লাগে । তেওঁৰ গতি আছে, তেওঁৰ স্থান আছে আৰু তেওঁৰ সুস্থতা আছে ।

কে এল ৰাহুল : দীঘলীয়া সময়ৰ পিছত আৰোগ্য লাভ কৰি দললৈ উভতি অহা ৰাহুল হৈছে বলৰ প্ৰাকৃতিক হিটাৰ । শ্ৰীলংকা শৃংখলাত তেওঁ ফৰ্ম আৰু ক্ৰীজলৈ উভতি আহে আৰু একেৰাহে দলটোক শতক আৰু গতি প্ৰদান কৰি আহিছে । তেৱোঁ মুহূৰ্ততে ৰাণ মেচিন হ'ব পাৰে আৰু তেওঁৰ ফৰ্মলৈ প্ৰত্যাৱৰ্তনে দলটোত দৃঢ়তা আনিছে ।

শ্ৰেয়াছ আয়াৰ : গিলৰ দৰে সুস্থ আৰু দৃঢ় নহ'লেও আয়াৰৰ বিস্ফোৰক ইনিংছৰ সম্ভাৱনা আছে আৰু ই মিডল অৰ্ডাৰৰ মেৰুদণ্ড হ'ব পাৰে । যাৰ বাবে ভাৰতীয় দলে তেওঁক ইমান আগ্ৰহেৰে বিচাৰি আছে ।

ৰবীন্দ্ৰ জাদেজা : বহু যুঁজৰ সৈনিক । বলিং, বেটিং আৰু ফিল্ডিং সকলো বিভাগতে জাদেজা কিংবদন্তি এম এছ ধোনীৰ সময়ৰে পৰা দলৰ অনুকূল খেলুৱৈ হৈ আহিছে । বল আৰু বেটেৰে যিকোনো মুহূৰ্ততে তেওঁ বিপক্ষক তছনছ কৰিব পৰা সামৰ্থ্য আছে ।

হাৰ্ডিক পাণ্ডিয়া : বৰ্তমান ভাৰতৰ বাবে সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ হৈ আছে । এজন উইকেট দখল কৰাৰ সামৰ্থ্য থকা বলাৰ যিয়ে উদ্বেগজনক পাৰ্টনাৰশ্বিপ ভংগ কৰিব পাৰে । পাণ্ডিয়াৰ বেটেও সিংহৰ দৰে গৰ্জন কৰিব পাৰে ।

বলিং বিভাগ

একেদৰে বলিং বিভাগতো ভাৰতীয় দলত বিবিধতা আছে । যশপ্ৰীত সিং বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ, ৰবীন্দ্ৰচন্দ্ৰ অশ্বিন আৰু কুলদীপ যাদৱে যিকোনো মুহূৰ্ততে বিপক্ষৰ বেটছমেনক ধৰাশায়ী কৰিব পাৰে ।

লগতে পঢ়ক :World Cup 2023 : ভাৰতৰ বিশ্বকাপ অভিযান আৰম্ভণিৰ পূৰ্বে ডেংগুত আক্ৰান্ত শুভমন গিল, উদ্বিগ্ন ভাৰতীয় দৰ্শক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.