ETV Bharat / sports

Rishabh Pant Health Update : সোনকালেই খেলপথাৰলৈ উভতিব ঋষভ পণ্ট !

author img

By

Published : Jan 18, 2023, 6:48 PM IST

Rishabh Pant Health Update
সোনকালেই খেলপথাৰলৈ উভতিব ঋষভ পণ্ট

ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্টক সোনকালেই চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ'ব (Rishabh Pant to be discharged from hospital soon)। আঘাতৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ দিশে ক্ৰিকেটাৰগৰাকী । অৱশ্যে খেলপথাৰলৈ উভতিবলৈ এতিয়াও ৪ ৰ পৰা ৬ মাহ সময় লাগিব পাৰে । চিকিৎসালয় এৰাৰ পাছতে বিচিচিআইয়ে ৰিহেবৰ প্ৰস্তুতি চলাব ।

স্পৰ্টছ ডেস্ক, ১৮ জানুৱাৰী : ভাৰতৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ । অতি শীঘ্ৰে খেলপথাৰলৈ উভতিব ভাৰতীয় দলৰ দুৰ্ধৰ্ষ বেটছমেন তথা উইকেটকীপাৰ ঋষভ পণ্ট । ক্ৰমে সুস্থ হৈ উঠিছে খেলুৱৈগৰাকী । পূৰ্বতকৈ বহু পৰিমাণে স্বাস্থ্যৰ উন্নতি হৈছে ঋষভ পণ্টৰ (Rishabh Pant Health Update)।

প্ৰায় তিনি সপ্তাহ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল খেলুৱৈগৰাকী (Rishabh pant accident)। য'ত তেওঁ গুৰুতৰভাৱে আহত হৈছে । সম্প্ৰতি তেওঁ মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । যাৰ বাবে, পণ্ট দীৰ্ঘদিন ধৰি ক্ৰিকেট খেলপথাৰৰ বাহিৰত আছে । ইয়াৰ মাজতে চিকিৎসকে জনাইছে যে পণ্টক আৰু প্ৰায় দুই সপ্তাহৰ ভিতৰত চিকিৎসালয়ৰ পৰা অব্যাহতি দিব পাৰিব (Rishabh Pant to be discharged from hospital soon)।

একে সময়তে, ঋষভ পণ্টে দুমাহৰ ভিতৰত তেওঁ ক্ৰিকেট খেলপথাৰলৈ যোৱাৰ প্ৰস্তুতি চলাব । যাতে তেওঁ সম্পূৰ্ণ আৰোগ্য হোৱাৰ পাছতে খেলপথাৰলৈ ঘূৰি যাব পাৰে ।

বিগত বছৰ অৰ্থাৎ ২০২২ চনৰ ডিচেম্বৰত দুৰ্ঘটনাত পতিত হৈছিল ঋষভ পণ্ট । এই দুৰ্ঘটনাত তেওঁৰ তিনিডালকৈ লিগামেণ্ট ক্ষতিগ্ৰস্ত হৈছিল । তেওঁৰ দুডাল লিগামেণ্টৰ আঘাত ইতিমধ্যে আৰোগ্য হৈছে, কিন্তু তৃতীয় লিগামেণ্টৰ এতিয়াও চিকিৎসা চলি আছে । জানিব পৰা মতে ঋষভক তৃতীয় লিগামেণ্টৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহ'ব (Rishabh pant recovery)। যদি এনে হয়, তেওঁ সোনকালেই চিকিৎসালয়ৰ পৰা অব্যাহতি লাভ কৰি ক্ৰিকেটৰ বাবে প্ৰস্তুতি পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হ'ব ।

বিচিচিআইৰ এটা সূত্ৰই কোৱা মতে ঋষভৰ আঁঠুৰ লিগামেণ্ট ফাটি গৈছিল আৰু অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছিল । চিকিৎসকে কৈছিল যে এমচিএল অস্ত্ৰোপচাৰ অতি গুৰুত্বপূৰ্ণ আছিল আৰু এতিয়া তেওঁলোকে দুসপ্তাহৰ বাবে ঋষভৰ পিচিএল অৱস্থা নিৰীক্ষণ কৰিব । যদি অস্ত্ৰোপচাৰৰ আৰু প্ৰয়োজন নাই, ঋষভে তেওঁৰ ক্ৰিকেটৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰিব । ঋষভ পণ্টে তেওঁৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হ'বলৈ আৰু খেলপথাৰলৈ উভতি আহিবলৈ ৪ ৰ পৰা ৬ মাহৰ সময় ল'ব পাৰে ।

চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পাছত, বিচিচিআইয়ে তেওঁৰ ৰিহেবৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিব (Rishabh pant rehabilitation)। অৱশ্যে, খেলপথাৰলৈ উভতি আহিবলৈ আৰু কিমান সময় লাগিব সেয়া এতিয়াই কোৱা কঠিন ।

লগতে পঢ়ক :Womens IPL media rights: মহিলাৰ আইপিএলৰ মিডিয়া স্বত্ব লাভ Viacom18 ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.