ETV Bharat / sports

অবিশ্বাস্য ! বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ প্ৰদৰ্শনক প্ৰশংসা ৰবিচন্দ্ৰন অশ্বিনৰ

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 8:42 PM IST

ICC ODI world cup 2023 final
ICC ODI world cup 2023 final

২০২৩ চনৰ বিশ্বকাপত ৰানাৰ্ছ আপ হিচাপেই সন্তুষ্ট থাকিব লগীয়া হ’ল ভাৰতীয় ক্ৰিকেট দল ৷ দলটোৰ অংশ হিচাপে থকা ভাৰতীয় অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰাৰ বাবে প্ৰশংসা কৰে ।

স্প’ৰ্টছ ডেস্ক, ২০ নৱেম্বৰ: অধিনায়ক ৰোহিত শৰ্মাকে ধৰি লাখ লাখ ভাৰতীয়ৰ বাবে সেয়া আছিল হৃদয়বিদাৰক, কিয়নো ভাৰতে চূড়ান্ত খেলত সীমা অতিক্ৰম কৰিব নোৱাৰি দ্বিতীয় শ্ৰেষ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিলে । বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম হিচাপে পৰিচিত আহমেদাবাদৰ মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াই ৬ উইকেটত পৰাস্ত কৰে মেন ইন ব্লুক ।

নিঃসন্দেহে ২০১১ চনৰ ভাৰতীয় বিশ্বকাপ বিজয়ী দলৰ অংশ আৰু ২০২৩ চনতো ভাৰতীয় বিশ্বকাপ ক্ৰিকেট দলৰ অংশ হিচাপে থকা অভিজ্ঞ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনো হতাশ হৈ পৰে এই পৰাজয়ত ৷

‘‘যোৱা নিশাটো অতিকৈ হৃদয় বিদাৰক আছিল ৷ এই অভিযানৰ বাবে দলটোক সকলোৱে সদায়েই মনত ৰাখিব ৷ বিশেষকৈ ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহৰ প্ৰদৰ্শনক ৰাইজে মনত ৰাখিব ৷ যদিও মই কোনো সহায় কৰিব নোৱাৰিলোঁ, কিন্তু আধুনিক ক্ৰিকেটৰ দুৰ্দান্ত প্ৰদৰ্শনকাৰী অষ্ট্ৰেলিয়া প্ৰশংসাৰ যোগ্য ৷ কালি খেলপথাৰত তেওঁলোকে যি প্ৰদৰ্শন কৰিলে সেয়া অবিশ্বাস্য ৷ ষষ্ঠবাৰৰ বাবে খিতাপ জয়ৰ বাবে তেওঁলোকক অভিনন্দন ৷’’ X ত এটা পোষ্টত এইদৰে উল্লেখ কৰে অশ্বিনে ৷

২০২৩ বিশ্বকাপৰ লীগ পৰ্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মাত্ৰ প্ৰথমখন মেচ খেলা অশ্বিনক অভিযানৰ পৰৱৰ্তী খেলকেইখনত বেঞ্চত বহিবলৈ দিয়া হয় । ৪৮৯ টা টেষ্ট উইকেট দখল কৰা প্ৰবীণ অফ স্পিনাৰগৰাকীয়ে কয় যে ফাইনেল খেলত পেট কামিন্সৰ নেতৃত্বত দলটোৱে যি ধৰণে খেলিছিল সেয়া বিশ্বাস কৰিব নোৱৰা প্ৰদৰ্শন ৷

ফাইনেলত ভাৰতক ২৪০ ৰানত অল্ আউট কৰা অষ্ট্ৰেলিয়াই মাত্ৰ ৪৩ অভাৰত খেল শেষ কৰি ষষ্ঠটো এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰে । মাত্ৰ ১২০ টা বলত অ’পেনাৰ ট্ৰেভিছ হেডৰ বিস্ফোৰক ১৩৭ ৰানৰ সহায়ত তেওঁলোকে ফাইনেলত জয়লাভ কৰি লাখ লাখ ভাৰতীয় দৰ্শকৰ হৃদয় ভাঙি পেলায় । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিনচে ফাইনেলৰ পূৰ্ব সন্ধিয়া সংবাদমেলত কৈছিল যে লাখ লাখ সমৰ্থনকাৰীৰ চিঞৰতকৈ তেওঁলোক নিশ্চুপ হৈ যোৱাটোৱে বেছি আনন্দ দিয়ে ৷

লগতে পঢ়ক: এতিয়া ভাৰতীয় দলৰ কাষত থিয় দিয়াৰ সময়; বিৰাট কোহলীৰ ভগ্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.