এতিয়া ভাৰতীয় দলৰ কাষত থিয় দিয়াৰ সময়; বিৰাট কোহলীৰ ভগ্নী
Published: Nov 20, 2023, 8:10 PM

এতিয়া ভাৰতীয় দলৰ কাষত থিয় দিয়াৰ সময়; বিৰাট কোহলীৰ ভগ্নী
Published: Nov 20, 2023, 8:10 PM
আহমেদাবাদৰ মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰতক ছয় উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই লাখ লাখ ভাৰতীয়ৰ হৃদয় ভাঙি পেলালে । টুৰ্ণামেণ্টৰ আগশাৰীৰ ৰান স্ক’ৰাৰ, আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱা বিৰাট কোহলীও হতাশ হৈ পৰে এই পৰাজয়ত । তেওঁৰ ভগ্নী ভৱনা কোহলী ধিংৰাই ভাতৃ আৰু ভাৰতীয় দলটোক সমৰ্থন কৰি কয় যে তেওঁলোকৰ সৈতে থিয় দিয়াৰ সময় আহি পৰিছে ।
স্প’ৰ্টছ ডেস্ক, 20 নৱেম্বৰ: দেওবাৰে আহমেদাবাদৰ মোটেৰা ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্বকাপ 2023 ৰ ফাইনেলত ভাৰত 6 উইকেটত পৰাস্ত হয় ৷ অথলে গ’ল ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলৰ অৰ্ধশতক । লাখ লাখ ভাৰতীয় দৰ্শকৰ হৃদয় ভাঙি পেলালে এই পৰাজয়ে ৷ আৰম্ভনিৰে পৰা বিজয়েৰে নিজৰ অভিযান আগুৱাই নিয়া ভাৰতীয় দলৰ পৰাজয়ে সমগ্ৰ দেশৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ সদস্যসকলো স্তম্ভিত কৰি তুলিলে ৷
বিৰাট কোহলীয়ে প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে খেলিছিল আৰু সঠিকভাৱে তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল । কিন্তু তেওঁ হতাশ হৈ পৰিছিল আৰু বিচিচিআইৰ সভাপতি ৰজাৰ বিনিৰ পৰা বঁটা লাভ কৰাৰ সময়ত তেওঁৰ আৱেগ লুকুৱাব পৰা নাছিল ।
কিন্তু যি সময়ত দেশৰ একাংশই ফাইনেলত নিৰাশাজনক প্ৰদৰ্শনৰ বাবে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোক লক্ষ্য কৰি লৈছে, সেই সময়তে বিৰাট কোহলীৰ ভগ্নী ভৱনা কোহলী ধিংৰাই ভাতৃ আৰু ভাৰতীয় দলৰ কাষত থিয় দিছে ।
ইনষ্টাগ্ৰামত এটা পোষ্টত ভৱানাই লিখিছে, "মই জানো আমি সকলোৱে বেলেগ ফলাফল আশা কৰিছিলো ৷ কিন্তু TEAM INDIA আমি আপোনালোকৰ লগত আছোঁ ৷ কাৰণ আপুনি আপোনাৰ পৰিয়ালটোক পতনৰ সময়ত এৰি দিব নোৱাৰে ৷ তাৰোপৰি এই সময়ত তেওঁলোকক সংগ দিয়া উচিত ৷’’
ইনষ্টাগ্ৰামত 200K ফ’ল’ৱাৰ থকা ভৱনাই নিজৰ পোষ্টৰ সৈতে ৰাষ্ট্ৰীয় পতাকাৰ ছবি আৰু নমস্কাৰৰ চিন সংযুক্ত কৰিছে ৷ কেৱল কোহলীৰ ভগ্নীয়েই নহয়, তেওঁৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাইও ফাইনেল খেলৰ কিছু মুহূৰ্ত পিছতে ষ্টেডিয়ামত তাৰকা বেটাৰগৰাকীক সাৱটি ধৰি সমৰ্থন কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দলটোক সমৰ্থন কৰিছিল আৰু ড্ৰেছিং ৰুমৰ ভিতৰত খেলুৱৈসকলক লগ পোৱাৰ লগে লগে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছিল । ফাইনেললৈকে দলটো অজেয় আছিল যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ খেলখনত তেওঁলোকৰ দিন বেয়া আছিল । খেলুৱৈসকলক সমৰ্থন কৰাৰ সময় আহি পৰিছে যাতে ভৱিষ্যতে আইচিচি ট্ৰফী অৰ্জন কৰিব পাৰে ।
