ETV Bharat / sports

বিশ্বকাপ-২০২৩ৰ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ দল ঘোষণা আইচিচিৰ; নেতৃত্বত ৰোহিত শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 4:16 PM IST

আইচিচি বিশ্বকাপ, ২০২৩ৰ অভিযানৰ দেওবাৰে অন্ত পৰে । এইবাৰৰ বিশ্বকাপ অষ্ট্ৰেলিয়াই দখল কৰিছে । ফাইনেলত ভাৰতক পৰাস্ত কৰি কেংগাৰু বাহিনীয়ে ষষ্ঠবাৰৰ বাবে বিশ্বশ্ৰেষ্ঠৰ মুকুট অৰ্জন কৰে । তাৰ মাজতে এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলটো আইচিচিয়ে ঘোষণা কৰিছে । আইচিচি বিশ্বকাপ ২০২৩ৰ 'টীম অব দ্য টুৰ্ণামেণ্ট'ত কোন কোন ভাৰতীয় খেলুৱৈয়ে স্থান লাভ কৰিছে এবাৰ চাওঁ আহক ।

বিশ্বকাপ ২০২৩ৰ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ দল ঘোষণা আইচিচিৰ; নেতৃত্বত ৰোহিত শৰ্মা
World Cup 2023 Team of the Tournament

স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ : অন্ত পৰিল বিশ্বকাপ ক্ৰিকেটৰ উন্মাদনা । ভাৰতীয় ক্ৰিকেটানুৰাগীৰ স্বপ্ন চূৰ্ণ কৰি ষষ্ঠবাৰৰ বাবে এদিনীয়া বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰে অষ্ট্ৰেলিয়াই । তাৰ লগে লগে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে ২০২৩ বিশ্বকাপৰ 'টীম অব দ্য টুৰ্ণামেণ্ট' ঘোষণা কৰিছে । এই দলত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা, বিস্ময়কৰ বেটছমেন বিৰাট কোহলী, মহম্মদ শ্বামীকে ধৰি ছয়জন ভাৰতীয় খেলুৱৈয়ে স্থানলাভ কৰিছে । উল্লেখ্য যে প্ৰতিযোগিতাখনত ভাৰতে ৰানাৰ্ছ-আপতে সন্তুষ্ট থাকিবলগীয়া হয় । আহমেদাবাদত অনুষ্ঠিত ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত ছয় উইকেটত পৰাস্ত হয় । লগে লগে ক্ৰমাগত ১০ খন মেচৰ বিজয় ৰথ থমকি ৰয় ।

অৱশ্যে প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছে বিৰাট কোহলী । আনহাতে, সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈছে মহম্মদ ছামী । ইফালে ৫০ অভাৰৰ বিশ্বকাপত একেৰাহে দ্বিতীয়বাৰৰ বাবে টুৰ্ণামেণ্টৰ দলত স্থানলাভ কৰা ৰোহিত শৰ্মাই ভাৰতৰ হৈ শীৰ্ষ ক্ৰমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শূন্য ৰাণত আউট হোৱাৰ পিছত ৰোহিত শৰ্মাই আফগানিস্তানৰ বিৰুদ্ধে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে । মেচখনত তেওঁ মাত্ৰ ৮৪ টা বলত ১৩১ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

আনহাতে, বিৰাট কোহলী হৈছে প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী । ইফালে কেএল ৰাহুলে সমগ্ৰ প্ৰতিযোগিতাখনত কেইবাটাও গুৰুত্বপূৰ্ণ ইনিংছ উপহাৰ দিছে । ইয়াৰ ভিতৰত চেন্নাইত অপৰাজিত ৯৭ ৰাণৰ লগতে বেংগালুৰুত নেদাৰলেণ্ডৰ বিৰুদ্ধে এটা শতক অৰ্জন কৰে । ইয়াৰ উপৰি তেওঁ ফাইনেলত ভাৰতৰ হৈ সৰ্বাধিক ৬৬ ৰাণ সংগ্ৰহ কৰে । কিন্তু এইবাৰ তেওঁ নিজৰ দলটোক জয়ৰ সোৱাদ প্ৰদানত ব্যৰ্থ হয় । জাদেজায়ো বলৰ দ্বাৰা প্ৰভাৱিত কৰিছে ।

মহম্মদ শ্বামীয়ে ভাৰতৰ মূল একাদশত পলমকৈ স্থানলাভ কৰিছিল । কিন্তু তাৰ পিছত তেওঁ দলৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে । নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত তেওঁ সাতটা উইকেট দখল কৰি বিশ্বকাপৰ নকআউট খেলত যিকোনো বলাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ ৰেকৰ্ড কৰে । নিউজীলেণ্ড (৭/৫৪) আৰু শ্ৰীলংকাৰ (৫/১৮) বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শনে শ্বামীক উইকেট তালিকাৰ শীৰ্ষস্থান দখল কৰাত সহায় কৰে ।

ৰোহিতৰ দৰে বুমৰাহেও একেৰাহে দ্বিতীয় বিশ্বকাপত স্থানলাভ কৰে । নতুন বলৰ দ্বাৰা তেওঁ বিপক্ষৰ বেটছমেনৰ বাবে সদায় ভাবুকি প্ৰদান কৰি আহিছে । বুমৰাহে ফাইনেলত অষ্ট্ৰেলিয়াৰ মিচেল মাৰ্ছ আৰু ষ্টিভেন স্মিথৰ প্ৰাৰম্ভিক উইকেট দখল কৰে । টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ দলটোত আন খেলুৱৈসকলৰ ভিতৰত আছে অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল আৰু লেগ স্পিনাৰ এডাম জাম্পা । দুয়োৱে দেওবাৰে অষ্ট্ৰেলিয়াক ষষ্ঠ বিশ্বকাপ খিতাপ জয় কৰাত সহায় কৰে ।

আইচিচি বিশ্বকাপ ২০২৩ শ্ৰেষ্ঠ দলটো : কুইণ্টন ডিকক (উইকেটৰক্ষক), ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, ডেৰিল মিচেল, কেএল ৰাহুল, গ্লেন মেক্সৱেল, যশপ্ৰীত বুমৰাহ, দিলশান মাদুশংকা, এডাম জাম্পা, ৰবীন্দ্ৰ জাদেজা, মহম্মদ শ্বামী ।

লগতে পঢ়ক :বিশ্বকাপৰ ট্ৰফীৰ ওপৰত ভৰি থৈ বিজয় উদযাপন মিচেল মাৰ্শৰ, তীব্ৰ সমালোচনা ক্ৰিকেটপ্ৰেমীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.