বিশ্বকাপৰ ট্ৰফীৰ ওপৰত ভৰি থৈ বিজয় উদযাপন মিচেল মাৰ্শৰ, তীব্ৰ সমালোচনা ক্ৰিকেটপ্ৰেমীৰ
Published: Nov 20, 2023, 1:37 PM

বিশ্বকাপৰ ট্ৰফীৰ ওপৰত ভৰি থৈ বিজয় উদযাপন মিচেল মাৰ্শৰ, তীব্ৰ সমালোচনা ক্ৰিকেটপ্ৰেমীৰ
Published: Nov 20, 2023, 1:37 PM
ভাৰতৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিজয় । বিজয় উদযাপন কৰিবলৈ গৈ বিশ্বকাপৰ ট্ৰফীক অপমান অষ্ট্ৰেলিয়ান খেলুৱৈৰ । মিচেল মাৰ্শক গৰিহণা ক্ৰিকেটপ্ৰেমীৰ ।
স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ : এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ ফাইনেলত দেওবাৰে ভাৰতীয় দলটো অষ্ট্ৰেলিয়াৰ হাতত ৬ উইকেটত পৰাজিত হয় । এই বিজয়ৰ পাচত অষ্ট্ৰেলিয়াৰ বেটছমেন মিচেল মাৰ্শৰ এখন ফটোৱে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ফটোখনক লৈ সামাজিক মাধ্যমত ব্যাপক ট্ৰ'ল হৈছে আৰু অনুৰাগীসকলকো ক্ষোভিত কৰি তুলিছে । কিন্তু কি আছে এই ফটোখনত ।
-
Mitchell Marsh with the World Cup. pic.twitter.com/n2oViCDgna
— Mufaddal Vohra (@mufaddal_vohra) November 20, 2023
আচলতে বিশ্বকাপৰ ট্ৰফী প্ৰতিগৰাকী খেলুৱৈৰ উপৰিও অনুৰাগীৰ বাবে মহান সম্পদ স্বৰূপ । ট্ৰফী জয়ী হোৱাৰ পাচত সচৰাচৰ খেলুৱৈসকলক ট্ৰফীটোক চুম্বন কৰা দেখা যায় । এই ট্ৰফীটোতে এটা দলৰ পাৰদৰ্শিতা, এগৰাকী খেলুৱৈৰ কষ্ট আৰু অনুৰাগীসকলৰ আস্থা জড়িত হৈ থাকে । কিন্তু অষ্ট্ৰেলিয়াৰ খেলুৱৈগৰাকীয়ে ট্ৰফীটোক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ।
-
Shame on You #MitchellMarsh and @CricketAus. Such a disgusting thing that he put his legs on #WorldCup🏆 Such a shame. Take some action against them @ICC . He would have respected the cup. Such a shameless behavior by him 😡
— Tharani ᖇᵗк (@iam_Tharani) November 20, 2023
#Worlds2023 #AustraliaVsIndia #Worldcupfinal2023… pic.twitter.com/QBOJ302zTQ
অষ্ট্ৰেলিয়াৰ বিজয়ৰ পাচত খেলুৱৈসকলে উদযাপন কৰা দেখা গৈছিল । বিশ্বকাপৰ ট্ৰফীটো সেই সময়ত ড্ৰেছিং ৰুমত ৰখা হৈছিল । সেই সময়তে বিশ্বকাপৰ ট্ৰফীটোৰ সৈতে বেটছমেন মিচেল মাৰ্শে তোলা এখন ফটো ভাইৰেল হৈছে । তাৰকা বেটছমেন মিচেল মাৰ্শে ট্ৰফীৰ ওপৰত ভৰি থৈ বহি থকা দেখা গৈছে । এই সময়ছোৱাত, তেওঁৰ শাৰীৰিক ভাষাৰ পৰা অহংকাৰ ভাব স্পষ্টভাৱে দেখা গৈছে । তেওঁক হাতৰ মুঠি এটা বিয়েৰৰ বটল লৈ থকাও দেখা গৈছে ।
-
Mitchell Marsh, the Australian all-rounder, proudly rests his feet on the World Cup trophy.
— ADV. ASHUTOSH J. DUBEY 🇮🇳 (@AdvAshutoshBJP) November 20, 2023
Caption This: pic.twitter.com/pM32p9FtsA
ফটোখনৰ পৰা এটা কথা স্পষ্ট যে মাৰ্শে সুৰাপান কৰি আছিল । তেওঁলোকে এইটোও পাহৰি গৈছিল যে এইটো এটা বিশ্বকাপ ট্ৰফী আৰু সকলোৱে ইয়াক সন্মান কৰা উচিত । ফটোখনত মাৰ্শৰ সৈতে অষ্ট্ৰেলিয়ান দলৰ সহযোগী কৰ্মচাৰীকো দেখা গৈছে । দলৰ বাকী খেলুৱৈসকলও তেওঁলোকৰ ওচৰত আছিল, কিন্তু কোনেও তেওঁক এনে কৰাত বাধা দিয়া নাছিল । যিটোৱে সকলোৱে আচৰিত কৰি তুলিছে ।
-
I love this picture of #MitchellMarsh
— Rohan Khattar Singh (@fox2aviation) November 20, 2023
This is the epitome of Gunde hai hum mentality!! pic.twitter.com/HQ6UadlPtBI love this picture of #MitchellMarsh
— Rohan Khattar Singh (@fox2aviation) November 20, 2023
This is the epitome of Gunde hai hum mentality!! pic.twitter.com/HQ6UadlPtB
ফটোখনক লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মিচেল মাৰ্শক বহুলোকে সমালোচনা কৰিছে । একপ্ৰকাৰ অনুৰাগীসকলে বিশ্বকাপৰ ট্ৰফীৰ এই অপমান সহ্য কৰিব পৰা নাই । যাৰ বাবে সামাজিক মাধ্যমত অনুৰাগীসকলে হতাশা ব্যক্ত কৰিছে । বহুলোকে এক্সত মিচল মাৰ্শক গুণ্ডা বুলি অভিহিত কৰিছে ।
-
Value of world cup for Aussies ...
— RJ ALOK (@OYERJALOK) November 20, 2023
ये ऑस्ट्रेलिया के क्रिकेटर मिच मार्श हैं,और यह तस्वीर कप्तान पैट कमिंस ने साझा की है। और हां गुजरात के होटल में टूरिस्ट को बीयर लाइसेंस के साथ परोसी जा सकती है। #MitchellMarsh #MitchMarsh #patcummins
World Cup 2023 #INDvsAUS #INDvAUS #RjAlok pic.twitter.com/G77YhEcLJK
এগৰাকী লোকে X ত লিখিছে যে এয়া অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মিচেল মাৰ্শ আৰু এই ফটোখন অধিনায়ক পেট কামিন্সে শ্বেয়াৰ কৰিছে । গুজৰাটৰ হোটেলত পৰ্যটকসকলক বিয়েৰ পৰিৱেশন কৰিব পাৰি বুলি তেওঁ উদ্বেগো প্ৰকাশ কৰিছে ।
