ETV Bharat / sports

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ পদত নিযুক্তি ৰাহুল দ্ৰাবিড়ক

author img

By

Published : Nov 4, 2021, 7:14 AM IST

Rahul Dravid appointed India head coach
ৰাহুল দ্ৰাবিড়

ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি ৰাহুল দ্ৰাবিড়ক ৷ ৰবি শাস্ত্ৰী(Ravi Shastri)ৰ স্থানত নিযুক্তি প্ৰদান কৰা হৈছে ৰাহুলক ৷

স্প’ৰ্টছ ডেস্ক, 4 নৱেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক(Head coach of Team India) হিচাপে নিযুক্তি লাভ কৰিছে সকলোৰে পৰিচিত, এসময়ৰ দ্য ৱাল তথা প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ে(Rahul Dravid) ৷ দ্ৰাবিড়ক ৰবি শাস্ত্ৰী(Ravi Shastri)ৰ স্থানত নিযুক্তি প্ৰদান কৰা হৈছে ৷ শাস্ত্ৰীৰ কাৰ্যকাল টী-২০ বিশ্বকাপৰ পিছতে সমাপ্ত হ'ব ।

Rahul Dravid appointed India head coach
ফটো সৌজন্য : টুইটাৰ

দ্ৰাবিড়ে টী 20 বিশ্বকাপৰ পিছত দায়িত্ব গ্ৰহণ কৰিব । এই দায়িত্ব গ্ৰহণৰ পিছতে প্ৰশিক্ষকগৰাকীৰ প্ৰথম কাম হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা শৃংখলাটোত দলটোক জয়ী কৰোৱা ৷ ৰাহুল দ্ৰাবিড়ে বৰ্তমান বেংগালুৰুত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (NCA) অধ্য়ক্ষ হিচাপে কৰ্মৰত ৷ দ্ৰাবিড়ৰ চুক্তি সমাপ্ত হ’ব ২০২৩ চনত ।

লগতে চাওক: ফেব্ৰুৱাৰীত পুনৰ খেলপথাৰত নামিব যুৱৰাজ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.