ETV Bharat / sports

অহা ফেব্ৰুৱাৰীত পুনৰ খেলপথাৰত নামিব যুৱৰাজ সিং

author img

By

Published : Nov 3, 2021, 2:13 PM IST

সামাজিক মাধ্যমৰ জৰিয়তে ক্ৰিকেটত পুনৰ প্ৰত্যাৱৰ্তনৰ কথা প্ৰকাশ কৰিছে খেলুৱৈ গৰাকীয়ে । ২০১৯ চনৰ জুন মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল যুৱৰাজ সিঙে ।

Yuvraj Singh hints at comeback from retirement
অহা ফেব্ৰুৱাৰীত পুনৰ খেলপথাৰত নামিব যুৱৰাজ সিং

স্পৰ্টছ ডেস্ক, ৩ নৱেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ এসময়ৰ আগ্ৰাসী বেটছমেন যুৱৰাজ সিঙৰ (Yuvraj Singh) অনুৰাগীসকলৰ বাবে সুখবৰ । পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতিব খেলুৱৈগৰাকী । ইতিমধ্যে সামাজিক মাধ্যমত এই কথা জনাইছে খেলুৱৈগৰাকীয়ে । মঙলবাৰে প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ গৰাকীয়ে এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অনুৰাগীসকলক এই কথা অৱগত কৰে ।

উল্লেখ্য যে, ২০১৯ চনৰ জুন মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা যুৱৰাজে ইণ্ডিয়া লিজেণ্ডছৰ (India Legends team) হৈ এই বছৰৰ পথ সুৰক্ষা বিশ্ব শৃংখলা খেলিছিল । আনকি প্ৰাক্তন অলৰাউণ্ডাৰজনে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীসকলৰ বাবে এটা ভিডিঅ'ৰ সৈতে এক বিশেষ বাৰ্তাও শ্বেয়াৰ কৰিছিল । খেলুৱৈগৰাকীয়ে অনুৰাগীসকলক উদ্দেশ্যি কয় যে ঈশ্বৰে আপোনাৰ ভাগ্য নিৰ্ণয় কৰে ।

ৰাজহুৱা দাবীত সেয়ে তেওঁ ২০২২ চনৰ ফেব্ৰুৱাৰীত পুনৰ খেলপথাৰলৈ উভতি আহিব । আনকি দলৰ কঠিন সময়ত আৰু এজন প্ৰকৃত অনুৰাগীয়ে তেওঁৰ প্ৰতি সমৰ্থন দেখুৱাব বুলিও আশাবাদী খেলুৱৈগৰাকী ।

ইফালে ২০১১ চনৰ বিশ্বকাপ (World Cup) যুৱৰাজৰ বাবে স্মৰণীয় আছিল কিয়নো সেই প্ৰতিযোগিতাত তেওঁক প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট (Player of the Tournament) হিচাপে মনোনীত কৰা হৈছিল আৰু তেওঁ ভাৰতক ট্ৰফী জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । প্ৰতিযোগিতাখনত যুৱৰাজে ৩৬২ ৰাণ সংগ্ৰহ কৰে আৰু ১৫ টা উইকেট দখল কৰে । ৩০৪ খন এদিনীয়া, ৫৮ খন টি-২০ আৰু ৪০ খন টেষ্ট খেলিছে যুৱৰাজে ।

তেওঁৰ আকৰ্ষণীয় ফিল্ডিং, বলিং আৰু আক্ৰমণাত্মক বেটিঙৰ বাবে সকলোৰে মাজত আজিও চৰ্চিত যুৱৰাজ সিং । প্ৰায় প্ৰতিটো ডাঙৰ প্ৰতিযোগিতাতে তেওঁ নিজৰ উন্নত প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় দলটোক সহায় কৰিছিল ।

লগতে পঢ়ক :এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ ভিতৰত কোন কোন থাকিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.