ETV Bharat / sports

IPL 2023, LIVE: PBKS ৰ বিৰুদ্ধে 6 উইকেটত জয় GT ৰ

author img

By

Published : Apr 13, 2023, 8:14 PM IST

Updated : Apr 14, 2023, 12:36 AM IST

আই পি এলৰ আজিৰ খেলত মুখামুখি হৈছে GT আৰু PBKS ৷ 6 উইকেটত জয়লাভ GT ৰ (PBKS vs GT scoreboard) ৷

IPL 2023, LIVE
PBKS vs GT scoreboard

নিউজ ডেস্ক, 13 এপ্ৰিল: আই পি এলৰ আজিৰ খেলত পঞ্জাৱ কিংছক 6 উইকেটত পৰাস্ত কৰিলে গুজৰাট টাইটানছে ৷ টচত জিকি বলিঙৰ সিদ্ধান্ত লয় গুজৰাটে ৷ প্ৰথমে বেটিং কৰি পঞ্জাৱে নিৰ্ধাৰিত 20 অভাৰত 8 ট উইকেট হেৰুৱাই সংগ্ৰহ কৰে 153 ৰাণ আৰু গুজৰাটক জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়ে 154 ৰাণৰ লক্ষ্য (Punjab Kings vs Gujarat Titans match updates) ৷

গুজৰাটে সেই লক্ষ্য অনুসৰণ কৰি 19.5 অভাৰত 6 উইকেটত জয়লাভ কৰে ৷ অপেনাৰদ্বয় সাহা আৰু গিলে বিস্ফোৰক আৰম্ভণি কৰে ৷ সাহাই 19 টা বলত 30 ৰাণ কৰাৰ বিপৰীতে গিলে 49 টা বলত 67 ৰাণ কৰি আউট হয় ৷ সাই সুদৰ্শনে 19 আৰু মিলাৰে 17 ৰাণৰ বৰঙণি আগবঢ়াই (PBKS vs GT match report) ৷

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰা পঞ্জাব দলৰ প্ৰথমে বেটিং প্ৰদৰ্শন আছিল হতাশজনক ৷ 1 ৰাণতে প্ৰথমটো উইকেট হেৰুৱাই পঞ্জাৱে ৷ তাৰ পাচতেই পাঁচজন বেটচমেনে সুন্দৰ খেল প্ৰদৰ্শন কৰি দলৰ স্ক’ৰ 153 লৈ নিয়ে ৷ সৰ্বাধিক 36 ৰাণ কৰে মেথিউ শ্বৰ্টে ৷ কিন্তু পৰাস্ত হয় পঞ্জাব (PBKS vs GT scoreboard) ৷

বৰ্তমান পইন্ট তালিকাত শীৰ্ষত আছে ৰাজস্থান ৰয়েলছ, দ্বিতীয়ত লক্ষ্ণৌ ছুপাৰ জায়েন্ট, তৃতীয়ত গুজৰাট টাইটানছ, চতুৰ্থ কে কে আৰ, পঞ্চম চি এছ কে, ষষ্ঠ পি বি কে এছ, সপ্তম আৰ চি বি, অষ্টম এম আই, নবম এছ আৰ এইচ আৰু দশম তথা অন্তিম স্থানত ডি চি ৷

খেলুৱৈৰ তালিকা:

পঞ্জাব কিংছ (প্লেয়িং একাদশ): প্ৰভসিমৰন সিং, শিখৰ ধৱন(C), মেথিউ শ্বৰ্ট, ভানুকা ৰাজাপাকছা, জিতেশ শৰ্মা(Wk), ছেম কুৰাণ, শ্বাহৰুখ খান, হৰপ্ৰীত ব্ৰাৰ, কাগিছো ৰাবাডা, ঋষি ধৱন, আৰ্শদীপ সিং

গুজৰাট টাইটানছ (প্লেয়িং একাদশ): ঋদ্ধিমান সাহা (Wk), শুভমান গিল, সাই সুদৰৰ্শন, হাৰ্দিক পাণ্ডিয়া(C), ডেভিদ মিলাৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, আলজাৰী জোচেফ, মহম্মদ ছামি, মোহিত শৰ্মা, জোছুয়া লিটল

লগতে পঢ়ক: IPL 2023 LIVE: ৰাজস্থান ৰয়েলছৰ অভাৱনীয় জয়

Last Updated :Apr 14, 2023, 12:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.