ETV Bharat / sports

IPL 2023 LIVE: ৰাজস্থান ৰয়েলছৰ অভাৱনীয় জয়

author img

By

Published : Apr 12, 2023, 8:18 PM IST

Updated : Apr 13, 2023, 1:17 AM IST

এম এ চিদাম্বৰম ষ্টেডিয়ামত IPL ৰ এখন খেলত মুখামুখি হয় CSK আৰু RR ৷ চি এছ কেক 4 ৰাণত পৰাস্ত কৰে আৰ আৰে (IPL 2023 LIVE) ৷

Chennai Super Kings opt to bowl
IPL 2023 LIVE

নিউজ ডেস্ক, 12 এপ্ৰিল: আই পি এল মানেই যেন শেষ অভাৰৰ উৎসুকতা তথা উত্তেজনাপূৰ্ণ মূহুৰ্ত ৷ বিগত তিনিটা দিনৰ দৰে আজিও একে অভিজ্ঞত লাভ কৰিলে ক্ৰিকেটপ্ৰেমীয়ে ৷ চি এছ কে আৰু আৰ আৰৰ মাজত অনুষ্ঠিত হোৱা খেলখনে আজি দৰ্শকৰ চকু শেষ মুহূৰ্তলৈকে স্কীণত আবদ্ধ কৰি ৰাখিলে ৷ অন্তিমটো বললৈকে খেলখন অনিশ্চয়তাৰ মাজত আছিল (CSK vs RR live updates) ৷

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত আজি টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে চি এছ কেয়ে ৷ আৰ আৰৰ হৈ অপেনিং কৰিবলৈ আহে জয়ছোৱাল আৰু বাটলাৰ ৷ 10 ৰাণ কৰি জয়ছোৱাল আউট হোৱাৰ পাচত পাড়িকল আৰু বাটলাৰে দলৰ স্ক’ৰ আগুৱাই নিয়ে ৷ আজিও ৰাণ কৰাত বিফল হয় অধিনায়ক চেমচন ৷ আশ্বিন আৰু হেটমাৰে 30 ৰাণকৈ সংগ্ৰহ কৰি দলৰ স্ক’ৰ 175 কৰে Chennai Super Kings vs Rajasthan Royals) ৷

চি এছ কেৰ অপেনাৰ গাইকোৱাড আউট হোৱাৰ পাচত ৰাহানে আৰু কনৱে’য়ে দলক আগুৱাই নিয়ে ৷ কিন্তু 31 ৰাণ কৰি ৰাহানে আউট হোৱাৰ পাচতে আৰু 3 টা উইকেট যায় ৷ জাডেজা আৰু কনৱে’ৰ মাজত পাৰ্টনাৰশ্বিপ গঢ় লয় ৷ কনৱে’ৰ পিচত ধোনী আহে ক্ৰিজলৈ ৷ নিজৰ যাদুকৰি বেটিঙেৰে দলক এনেকুৱা পৰ্যায়লৈ লৈ যায় যে খেলৰ শেষ বলটোলৈ ৰাজস্থানৰ সমৰ্থকআৡু খেলুৱৈয়ে ভবা নাছিল যে হাৰিব নেকি ৷ শেষৰ বলত প্ৰয়োজন হয় 5 ৰাণৰ ৷ কিন্তু এটা য়কাৰ বলেৰে সন্দীপ শৰ্মাই ৰাজস্থানক বিজয় উপহাৰ দিয়ে ৷ 4 ৰাণত পৰাস্ত হয় চি এছ কে (IPL 2023 CSK Vs RR) ৷

এম এছ ধোনী: আমি প্ৰথমে বলিং কৰিম । প্ৰথমে খেলখন অলপ লেহেমীয়া হ’ব আৰু নিয়ৰে হয়তো প্ৰভাৱ পেলাব পাৰে পাৰে ৷ দ্বিতীয় ইনিংছত ক্ৰীজখন ভাল হৈ পৰিব বুলি আশা কৰোঁ । আমি ক্ৰিকেটৰ পৰিৱৰ্তন দেখিছো, সেই সময়ত T20 যেনেকৈ খেলা হৈছিল, এতিয়া বহুত সলনি হৈছে (CSK vs RR live updates) ।

সঞ্জু চেমচন: আমিও প্ৰথমে বলিং কৰিলে ভাল পালোঁহেঁতেন । আমি ভাল আৰম্ভণি কৰিছো যদিও গতিবেগ অব্যাহত ৰখাটো প্ৰয়োজন । আমি বহুদিনৰ মূৰত চেপাউকত খেলি আছো । আমাৰ অভিজ্ঞতা আছে আৰু সেইটো কৰিবলৈ যুৱকসকল আছে । চেপাউকলৈ আহি ইয়াত খেলাটো সদায় আনন্দৰ কথা (Chennai Super Kings vs Rajasthan Royals) ।

খেলুৱৈ সমূহ-

ৰাজস্থান ৰয়েলছ (প্লেয়িং একাদশ): যশস্বী জয়ছৱাল, জচ বাটলাৰ, সঞ্জু চেমছন (W/C), দেৱদত্ত পাড়িকল, ছিমৰন হেটমায়াৰ, ধ্ৰুৱ জুৰেল, ৰবীচন্দ্ৰন অশ্বিন, জেছন হোল্ডাৰ, কুলদীপ সেন, সন্দীপ শৰ্মা, যুজবেন্দ্ৰ চাহাল

লগতে পঢ়ক: IPL 2023 LIVE: MI জিকিল ! আকৌ এখন মেচত পৰাস্ত হৈ পইন্ট তালিকাৰ একেবাৰে শেষত DC

Last Updated : Apr 13, 2023, 1:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.