ETV Bharat / sports

IPL 2023 Grand Finale : গুৰু-শিষ্যৰ সমুখ সমৰত কোনে মাৰিব শেষ হাঁহি ?

author img

By

Published : May 28, 2023, 2:15 PM IST

IPL 2023 Grand Finale
IPL 2023 Grand Finale

মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছত যেনেদৰে আছে অভিজ্ঞতাৰ মেটমৰা সম্ভাৰ, তেনেদৰে আছে গুৰুত্বপূৰ্ণ মেচ নিজৰ আয়ত্তাধীন কৰাৰ কৌশলৰ গভীৰতা (IPL 2023 final) । হয়তো তাৰবাবেই ক্ৰিকেটানুৰাগীয়ে ধোনীৰ ক্ৰিকেট যাত্ৰাৰ সামৰণি এক ৰোমাঞ্চকৰ জয়েৰে হ'ব বুলি আশাপালি আছে ।

স্পৰ্টছ ডেস্ক, ২৮ মে' : একচন, ড্ৰামা, উত্তেজনা, শিহৰণ.. সবাৰোপৰি অনিশ্চয়তা ! এই সকলোৰে সমাহাৰ হৈছে বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় আৰু ব্যয়বহুল ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (Indian Premiere League) । প্ৰায় দুমাহজোৰা ৰোমাঞ্চকৰ পৰিৱেশৰ অন্তত অৱশেষত দেওবাৰে আহি পৰিছে ২০২৩ বৰ্ষৰ আইপিএলৰ চূড়ান্ত দিনটো । হয়, আজি আইপিএল ২০২৩-ৰ চূড়ান্ত মেচত গুৰু-শিষ্য সমুখ সমৰত অৱতীৰ্ণ হ'ব (IPL 2023 grand finale) । এফালে প্ৰবীণৰ অভিজ্ঞতা আৰু আনফালে নবীনৰ দূৰন্ত যাত্ৰাৰ সাক্ষী হ'বলৈ গৈ আছে ক্ৰিকেটপ্ৰেমী । মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছ নে হাৰ্দিক পাণ্ডিয়াৰ গুজৰাট টাইটানছ- কোনে মাৰিব এই বাইছ গজৰ যুঁজত শেষ হাঁহি । অপেক্ষা মাথোঁ আৰু কেইটামান ঘণ্টা (CSK vs GT final match in IPL 2023) ।

মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছত (Chennai Super Kings) যেনেদৰে আছে অভিজ্ঞতাৰ মেটমৰা সম্ভাৰ, তেনেদৰে আছে গুৰুত্বপূৰ্ণ মেচ নিজৰ আয়ত্তাধীন কৰাৰ কৌশলৰ গভীৰতা (CSK captain Mahendra Singh Dhoni) । হয়তো তাৰ বাবেই ক্ৰিকেটানুৰাগীয়ে ধোনীৰ ক্ৰিকেট যাত্ৰাৰ সামৰণি এক ৰোমাঞ্চকৰ জয়েৰে হ'ব বুলি আশাপালি আছে । কিন্তু বৰ্তমান সময়ত হাৰ্দিকৰ (GT captain Hardik Pandya) নেতৃত্বত গুজৰাটে দেখুৱাই অহা উজ্জীৱিত প্ৰদৰ্শন আৰু শেহতীয়াভাৱে শুভমন গিলৰ বিপক্ষক বধ যাত্ৰাই হয়তো ধোনীৰ সকলো সপোন নিমিষতে চূড়মাৰ কৰি দিব পাৰে । কিয়নো হাৰ্দিকৰো শেনচকু দ্বিতীয় আইপিএল ট্ৰফীত নিবদ্ধ হৈ আছে (Gujarat Titans) ।

২০০৪ চনৰ গ্ৰীষ্মকালত যেতিয়া ধোনীয়ে বিৰোধীৰ বিপক্ষে বিস্ফোৰণ ঘটাব পৰা এক শক্তি হিচাপে উপস্থাপন কৰিছিল, তেনে সময়তে পাকিস্তান সীমান্তৰ পঞ্জাবৰ ফাজিলকা গাঁৱৰ এটা যুৱ প্ৰতিভাই এক নতুন সপোনৰ দুৱাৰ মুকলি কৰিছিল । তেৱেঁই হৈছে বৰ্তমান আইপিএলত গুজৰাটৰ অন্যতম মেৰুদণ্ড শুভমন গিল ।

আজি দেওবাৰৰ এই উত্তেজনাপূৰ্ণ নিশাটোৰ কথা যদি আগতীয়াকৈ কোৱা হয় তেন্তে ধোনীয়ে ট্ৰফীটোত হাত বুলাবলৈ এক লক্ষাধিক দৰ্শকৰ ক্ষমতাসম্পন্ন নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মাত্ৰ এখোজ দূৰৈত আছে । অৱশ্যে এই দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁ পৰাস্ত কৰিব লাগিব ভৱিষ্যতৰ ভাৰতীয় দলৰ সম্ভাৱ্য নেতা হাৰ্দিক পাণ্ডিয়াৰ আগ্ৰাসী অধিনায়কত্ব, নতুন প্ৰজন্মৰ শ্ৰেষ্ঠ বেটাৰ শুভমন গিলৰ বেটৰ পৰা ওলোৱা তাণ্ডৱ আৰু ছামি-ৰছিদ খানৰ চক্ৰবেহু ।

২০১১ চনত ধোনীয়ে আৰচিবিৰ বিৰুদ্ধে চূড়ান্ত খেলখনত ইন-ফৰ্ম ক্ৰিছ গেইলৰ পৰা পৰিত্ৰাণ পাবলৈ অশ্বিনক বুদ্ধিমত্তাৰে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল । এইবাৰ গেইলৰ ঠাইত গিলৰ বিস্ফোৰণৰ ৰুধিবলৈ কি পৰিকল্পনা গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব । তিনিটা শতক আৰু ৮৫১ ৰাণেৰ গিল বৰ্তমান ফৰ্ম আৰু আত্মবিশ্বাসৰ তুংগত আছে । এতিয়া গিলৰ ফৰ্ম আৰু ধোনীৰ চতুৰতাৰ মাজত হ'ব লক্ষণীয় যুঁজ ।

আনহাতে, দীপক চাহাৰৰ ছুইঙে গিলৰ দক্ষতা ৰোধৰ এটা গতিৰোধকৰ কাম কৰিব পাৰে । লগতে আছে ৰবীন্দ্ৰ জাদেজাৰ টাৰ্ণ ডেলিভাৰী বা মঈন আলীৰ কঠিন বস । এই যুঁজ চাবলৈ এতিয়া অপেক্ষাৰত কোটি কোটি ক্ৰিকেটানুৰাগী ।

আনহাতে, গুজৰাট টাইটানছৰ শক্তিৰ ভিতৰত মহম্মদ ছামী (২৮ উইকেট), ৰছিদ খান (২৭ উইকেট) আৰু মোহিত শৰ্মাই (২৪ উইকেট) সঘনাই পৰিকল্পনা কাৰ্যকৰী কৰিছে । লগতে গিলৰ ৮৫১ ৰাণৰ পিছত দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হৈছে অধিনায়ক হাৰ্দিক পাণ্ডিয়া (৩২৫) ।

ইফালে চিএছকেৰ অ'পেনিং পাৰ্টনাৰশ্বিপ সদায়ে ঈৰ্ষণীয় হৈ আহিছে । ডেভন কনৱেয়ে ছয়টা অৰ্ধশতকেৰে ১৫ খন মেচত ৬২৫ ৰাণ আৰু ঋতুৰাজ গায়কোৱাডে চাৰিটা অৰ্ধশতকেৰে ১৫ খন মেচত ৫৬৪ ৰাণ সংগ্ৰহ কৰিছে । যাৰ ফলত হালধীয়া সেনা কিছু হ'লেও ফ্ৰণ্ট ফুটত আছে ।

দল দুটা হৈছে :

গুজৰাট টাইটানছ : হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), শুভমন গিল, ডেভিড মিলাৰ, অভিনৱ মনোহৰ, সাই সুদৰ্শন, ঋদ্ধিমান সাহা, মেথিউ ৱেড, ৰছিদ খান, ৰাহুল তেৱাটিয়া, বিজয় শংকৰ, মহম্মদ ছামি, আলজাৰি জোছেফ, যশ দয়াল, প্ৰদীপ চাংৱান, দৰ্শন নলকান্দে, জয়ন্ত যাদৱ, আৰ সাই কিশোৰ, নুৰ আহমেদ, দাচুন শনাকা, অ'ডেন স্মিথ, কে এছ ভাৰত, শিৱম মাভি, উৰ্ভিল পেটেল, জশ্বুৱা লিটল আৰু মোহিত শৰ্মা ।

চেন্নাই ছুপাৰ কিংছ : মহেন্দ্ৰ সিং ধোনী (অধিনায়ক), ডেভন কনৱে, ঋতুৰাজ গায়কোৱাড, অম্বাতি ৰায়ডু, মঈন আলী, ৰবীন্দ্ৰ জাদেজা, আজিংক্য ৰাহানে, চিচন্দা মগলা, শিৱম ডুবে, ডোৱেইন প্ৰেটোৰিয়াছ, অজয় মণ্ডল, নিশান্ত সিন্ধু, ৰাজবৰ্ধন হাংগেৰগেকাৰ, মিচ্চেল চেণ্টনাৰ, সুভ্ৰাংশু সেনাপতি, চিমৰজিৎ সিং, মথিশা পাথিৰানা, মহেশ দিকশানা, ভগথ বাৰ্মা, প্ৰশান্ত চোলাংকি, শ্বেখ ৰছিদ, তুষাৰ দেশপাণ্ডে ।

লগতে পঢ়ক :TATA IPL 2023: ধোনীৰ প্ৰশংসাত পঞ্চমুখ গ্ৰেম স্মিথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.