ETV Bharat / sports

TATA IPL 2023: ধোনীৰ প্ৰশংসাত পঞ্চমুখ গ্ৰেম স্মিথ

author img

By

Published : May 12, 2023, 7:25 PM IST

TATA IPL 2023
ধোনীৰ প্ৰশংসাত পঞ্চমুখ গ্ৰেম স্মিথ

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথৰ মতে যথেষ্ট চাপৰ মাজত ধোনীয়ে খেলিব লাগে (Graeme Smith on MS Dhoni)। তাৰ পাচতো এইটো ছিজনত ধোনীয়ে উন্নত প্ৰদৰ্শন দেখুৱাইছে । বুধবাৰে দিল্লীৰ বিৰুদ্ধে চেন্নাইৰ জয়ৰ পাছতে ধোনী আৰু দলৰ বাকী সদস্যসকলক প্ৰশংসা কৰে স্মিথে ।

স্পৰ্টছ ডেস্ক, ১২ মে' : চলিত আইপিএলৰ ছিজনত মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ দল চেন্নাই চুপাৰ কিংছৰ প্ৰদৰ্শন যথেষ্ট উন্নত দেখা গৈছে (Dhini in TATA IPL 2023)। বিশেষকৈ অধিনায়ক এম এছ ধোনী ফৰ্মত আছে । ষ্ট্ৰাইক ৰেটও উন্নত হৈছে ধোনীৰ । ধোনীৰ এই প্ৰদৰ্শনক এতিয়া বহু প্ৰাক্তন ক্ৰিকেটাৰে প্ৰশংসা কৰা দেখা গৈছে ।

দিল্লীৰ বিৰুদ্ধে অন্তিম খেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে চেন্নাই দলটোৱে ২৭ ৰাণত জয়ী হোৱাৰ পাছতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথে ধোনী প্ৰশংসা কৰিছে । তেওঁৰ মতে ধোনীয়ে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাইছে যাৰ বাবে দলটো প্লে অফত স্থান লাভৰ দিশে আগবাঢ়িছে (CSK won vs DC)।

দিল্লীৰ বিৰুদ্ধে বুধবাৰে সন্তুলিত বেটিঙৰ বাবে চিএছকে দলটোৱে ১৬৭ ৰাণ সংগ্ৰহ কৰা দেখা গৈছিল আৰু ৬ গৰাকী খেলুৱৈয়ে ২০ আৰু ততোধিক ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । যাৰ ভিতৰত এম এছ ধোনীৰ ৯ টা বলত এটা ৪ আৰু ২ টা ৬ৰ সৈতে ২০ ৰাণ আছিল । ঋতুৰাজ গায়কোৱাড, আজিংক্য ৰাহানে, শিৱম ডুবে, অম্বাতি ৰায়ুডু আৰু ৰবীন্দ্ৰ জাদেজাই ধোনীৰ সৈতে ২০ ৰাণৰ ক্লাবত থাকে । ডুবেৰ ২৫ ৰাণ সৰ্বাধিক (CSK vs DC 2023)।

খেলখনত দিল্লীৰ আৰম্ভণি দুৰ্বল আছিল । মাত্ৰ ২৫ ৰাণে দলটোৱে শীৰ্ষ ৩ টা উইকেট হেৰুৱাইছিল । ৰছৌৱে এক সৰ্বাধিক ৩৫ ৰাণ সংগ্ৰহ কৰিছিল কিন্তু বাকী খেলুৱৈসকলে লক্ষ্যত উপনীত হ'বলৈ যথেষ্ট দ্ৰুত গতিত ৰাণ কৰিব নোৱাৰিলে । ধোনীয়ে চিএছকেৰ ঘৰুৱা অনুৰাগীৰ এক উচ্চ স্বৰৰ অভ্যৰ্থনাৰ মাজেৰে চেপকৰ পিটছত ভৰি দিছিল ।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথে ধোনীয়ে যি অবিশ্বাস্য চাপ লৈ খেলে তাক লক্ষ্য কৰি কয় যে, তেওঁ প্ৰতিবাৰ বেটিং কৰিবলৈ যোৱাৰ সময়ত তেওঁৰ ওপৰত চাপ যথেষ্ট থাকে । যেতিয়াই তেওঁ আউট হয় তীব্ৰ হুলস্থূল হয় আৰু জনতা বিৰক্ত হৈ পৰে । কিন্তু এইটো ছিজনত তেওঁ পুনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাইছে বুলি স্মিথে উল্লেখ কৰে (Graeme Smith praises MS Dhoni)।

দিল্লীৰ বিৰুদ্ধে চেন্নাইৰ জয়ে ছিজনত তেওঁলোকৰ জয়ৰ সংখ্যা ৭ লৈ বৃদ্ধি কৰে । বিগত বছৰৰ চেম্পিয়ন আৰু বৰ্তমান তালিকাৰ শীৰ্ষত থকা গুজৰাট টাইটানছৰ পৰা মাত্ৰ এক পইণ্টত পিছ পৰি আছে চেন্নাই ।

ইফালে দিল্লী কেপিটেলছে ১১ খন খেলত মাত্ৰ ৪ খনত জয়ী হৈ আই পি এল ২০২৩ৰ তালিকাত অন্তিম স্থানত আছে (TATA IPL 2023 points table)। গ্ৰেম স্মিথৰ মতে দিল্লীৰ এই ছিজন প্ৰায় সমাপ্ত হৈছে । এটা দল হিচাপে তেওঁলোকৰ অলপ গতি আছিল যদিও সেই সুযোগ পাবলৈ তেওঁলোক জয়ী হৈ থাকিব লাগিছিল । স্মিথৰ মতে আন বহুতো দল আছে যাৰ ১৬ পইণ্ট লাভ কৰাৰ সুযোগ আছে । সেয়েহে দিল্লী এই প্ৰতিযোগিতাখনত ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে আৰু ই দিল্লী কেপিটেলছৰ বাবে অতি হতাশাজনক বুলিও স্মিথে উল্লেখ কৰে ।

লগতে পঢ়ক :CSK vs DC live updates : দিল্লী কেপিটেলছক পৰাস্ত কৰি পইন্ট তালিকাত দ্বিতীয় স্থান চেন্নাই ছুপাৰ কিংছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.