ETV Bharat / sports

আইপিএল 2020 : আজিৰ মেচত চেন্নাই বনাম হায়দৰাবাদ

author img

By

Published : Oct 13, 2020, 5:21 PM IST

আইপিএল 2020
আজিৰ মেচত চেন্নাই বনাম হায়দৰাবাদ

মঙলবাৰে আইপিএলৰ এখন মেচত মুখামুখি হ'ব চেন্নাই চুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ দল ৷ প্লে' অফৰ সম্ভাৱনা সজীৱ কৰি ৰাখিবৰ বাবে চেন্নাই দলে জয় সাব্যস্ত কৰাৰ চেষ্টা চলাব ৷

স্পৰ্টছ ডেস্ক, 13 অক্টোবৰ : মঙলবাৰে অনুষ্ঠিত হ'বলগা আইপিএলৰ এখন মেচত মুখামুখি হ'ব ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ দল ৷ প্লে' অফৰ সম্ভাৱনা সজীৱ কৰি ৰাখিবৰ বাবে চেন্নাই দলৰ হাতত জয়ৰ বাহিৰে অন্য গত্যন্তৰ নাই ৷

আইপিএল 2020
আজিৰ মেচত চেন্নাই বনাম হায়দৰাবাদ

আইপিএল ইতিহাসৰ সৰ্বাধিক সফল দল হিচাপে পৰিগণিত হোৱাৰ পাচতো চেন্নাই দলে চলিত ছিজনত 7 খন মেচৰ 5 খনতে পৰাজয়ৰ মুখ দেখিবলগা হৈছে ৷ উল্লেখ্য যে, আইপিএলৰ ইতিহাসত চেন্নাই দলে এটা ছিজনতো প্লে' অফ হেৰুৱাব লগা হোৱা নাই ৷ কিন্তু এইবাৰৰ ছিজনত দলটোৰ চন্দপতন হোৱা দেখা গৈছে ৷

আইপিএল 2020
চেন্নাই চুপাৰ কিংছ

আজিৰ মেচত চেন্নাই দলে হায়দৰাবাদ দলৰ পৰা অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে যিহেতু হায়দৰাবাদ দলৰ বলিং আক্ৰমণ বহু শক্তিশালী ৷ হায়দৰাবাদ দলে 7 খন মেচত অংশগ্ৰহণ কৰি 3 খনত জয়েৰে 6 পইন্ট সংগ্ৰহ কৰিছে ৷

আইপিএল 2020
ছানৰাইজাৰ্ছ হায়দৰাবাদ

স্কোৱাড :

চেন্নাই চুপাৰ কিংছ : এম এছ ধোনী, এম বিজয়, অম্বাতি ৰায়ুডু, ফাফ ডু প্লেছি, শ্বেন ৱাটছন, কেদাৰ যাদৱ, ডোৱাইনে ব্ৰেভ', ৰবীন্দ্ৰ জাদেজা, লুংগী এনগিডী, দিপক চাহাৰ, পিয়ুষ চাওলা, ইমৰান তাহিৰ, মিটছেল চান্টনাৰ, জছ হেজলওদ, শাৰদুল ঠাকুৰ, ছেম কাৰান, এন জগদীশান, কে এম আছিফ, মনু কুমাৰ, আৰ ছাই কিশওৰ, ৰুতুৰাজ গায়ৱাড, কৰণ শৰ্মা ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদ : ডেভিদ ৱাৰ্ণাৰ, জনী বেয়াৰষ্ট', কেন উইলিয়ামছন, মনিশ পাণ্ডে, শ্ৰীবটছ গোস্বামী, বিৰাট সিং, প্ৰিয়ম গাৰ্গ, ঋধিমান সাহা, আব্দুল ছামাদ, বিজয় শংকৰ, মহম্মদ নবী, ৰছিদ খান, জেছন হল্ডাৰ, অভিষেক শৰ্মা, বি সন্দীপ, সঞ্জয় যাদৱ, ফেবিয়ান এলেন, পৃথ্বী ৰাজ য়াৰা, খলিল আহমেদ, সন্দীপ শৰ্মা, শ্বাহবাজ নদীম, সিদ্ধাৰ্থ কৌল, বিল্লী ষ্টেনলেক, টি, নটৰাজন, বাছিল থাম্পি ৷

লগতে পঢ়ক : খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ISL ৰ 7 গৰাকী খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.