ETV Bharat / sports

আইপিএল 2020 ৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল চেন্নাই

author img

By

Published : Oct 26, 2020, 7:36 PM IST

আইপিএল 2020
মহেন্দ্ৰ সিং ধোনী

আইপিএল 2020 ৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে চেন্নাই ছুপাৰ কিংছ ৷ আইপিএলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্লে' অফত প্ৰৱেশৰ যোগ্যতা অৰ্জন নকৰিলে চেন্নাই দলে ৷

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ : আইপিএল 2020 ৰ গ্ৰুপ মেচৰ পৰাই বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ ৷ যোৱা 13 বছৰত প্ৰথমবাৰৰ বাবে আইপিএলৰ প্লে' অফত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল আইপিএলৰ ইতিহাসৰ সৰ্বাধিক সফল দলটো ৷ আবু ধাবিত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছ দলক 8 উইকেটত পৰাস্ত কৰাৰ পাচত চেন্নাই দলৰ প্লে' অফত প্ৰৱেশৰ আশাত চেঁচাপানী পৰে ৷

মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই দলে 2008 চনৰ পৰা আৰম্ভ হোৱা আইপিএলৰ পূৰ্বৰ 10 টা ছিজনতে প্লে' অফত প্ৰৱেশৰ যোগ্যতা অৰ্জন কৰিছিল ৷

দেওবাৰে ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ধোনীৰ দলে আঠ উইকেটত জয় সাব্যস্ত কৰিছিল যদিও ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰাৰ পাচত দলটোৰ প্লে' অফত প্ৰৱেশৰ আশা অন্ত পৰে ৷

বেংগালুৰৰ বিৰুদ্ধে মেচত জয়েৰে চেন্নাই দলে 12 খন মেচৰ পৰা 8 পইন্ট সংগ্ৰহ কৰিছে যদিও অতিৰিক্ত দুখন মেচত জয়ী হ'লেও 12 পইন্টহে সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব ৷ 12 পইন্টৰ জৰিয়তে দলটোৱে প্লে' অফত প্ৰৱেশ কৰাটো অসম্ভৱ ৷

পইন্ট তালিকাত মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলে 14 পইন্টকৈ সংগ্ৰহ কৰাৰ লগতে কলকাতা দলে তিনিখন মেচ বাকী থকা অৱস্থাত সংগ্ৰহ কৰিছে 12 পইন্ট ৷ ইয়াৰ পাচতে 10 পইন্টকৈ সংগ্ৰহ কৰিছে কিংছ ইলেভেন পাঞ্জাৱ আৰু ৰাজস্থান ৰয়েলছ দলে ৷

উল্লেখ্য যে, 2010, 2011 আৰু 2018 চনত চেন্নাই দলে চেম্পিয়নৰ খিতাপ দখল কৰিছিল ৷ আনহাতে, 5 বাৰৰ বাবে ৰানাৰ্ছ আপ হৈছিল দলটো ৷ বৃহস্পতিবাৰে চেন্নাই দলে কলকাতা দলৰ বিৰুদ্ধে এখন মেচত অৱতীৰ্ণ হ'ব ৷

লগতে পঢ়ক : আইপিএল 2020 : বৰ্তমানলৈকে পাঁচ নিকৃষ্টতম বলিং প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.